• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত বিৰল ৰোগৰ অস্ত্ৰোপচাৰ, পিত্তথলীৰ পৰা চিকিৎসকে উলিয়ালে ৮১২৫ টা পাথৰ!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 3, 2025 10:44 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পিত্তপাথৰৰ (Gallstones) সমস্যা নতুন নহয়। বহুতৰে এই ৰোগ হয়, আৰু অস্ত্ৰোপচাৰ কৰি পাথৰ আঁতৰাই পেলোৱা হয়। পিত্তৰ পাথৰ অতি সাধাৰণ সমস্যা। কিন্তু গুৰুগ্ৰামত এজন বৃদ্ধৰ লগত যিটো ঘটিছে সেয়া আৰু সাধাৰণ অৱস্থা বুলি ক’ব নোৱাৰি।

চিকিৎসকে কয় যে ই বিৰলতকৈ বিৰল। কিয়ইবা নহ’ব, কোনোবাই কেতিয়াবা শুনিছেনে যে একেলগে পিত্তথলীত আঠ হাজাৰ পাথৰ জমা হৈছে? একেলগে ২০০-৩০০ পাথৰ মানে ই এক বিৰল অৱস্থা। পিত্তথলী ফাটি যোৱা অৱস্থা। তাত  এই ৭০ বছৰীয়া ব্যক্তিজনৰ অৱস্থাই সকলো অভিলেখ ভংগ কৰিছে।

Apply Now

গুৰুগ্ৰামৰ বাসিন্দা বৃদ্ধজনক বুকু আৰু পেটৰ বিষত গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পিত্তথলীত পাথৰ হ’লে পেটত অস্বাভাৱিক বিষ, বমি ভাব হয়। বৃদ্ধগৰাকীৰ বুকুৰ বিষো হৈছিল, লগতে উশাহ-নিশাহ লোৱাত কষ্ট হৈছিল। চিকিৎসকসকলে ইয়াক হৃদৰোগ বুলি ভাবিছিল।

কিন্তু পিছত আল্ট্ৰাছ’নোগ্ৰাফীত দেখা গ’ল যে পিত্তথলীত হাজাৰ হাজাৰ পাথৰ পাক খাই জমা হৈ আছে। এনে পৰিস্থিতিত চিকিৎসকসকলে কটাছিঙা কৰি অস্ত্ৰোপচাৰ কৰাৰ ৰিস্ক লোৱা নাছিল। বৰঞ্চ তেওঁলোকে ‘ইনভেছিভ লেপাৰ’স্কপিক চাৰ্জাৰি’ কৰে। ইয়াত পিত্তথলীৰ পৰা একেলগে ৮,১২৫ টা পাথৰ উলিয়াই অনা হৈছে।

বৃদ্ধগৰাকীৰ ৬-৭ ঘণ্টাৰ অস্ত্ৰোপচাৰ কৰা হয়। লেপাৰস্কপিত পেট কাটি অস্ত্ৰোপচাৰ কৰা নহয়। বৰঞ্চ সৰু সৰু ফুটাৰে পেটত কেমেৰা আৰু আনুষংগিক সঁজুলি সুমুৱাই অস্ত্ৰোপচাৰ কৰা হয়। অপাৰেচন ৰুমত থকা মনিটৰে বহুগুণ ডাঙৰকৈ অপাৰেচন কৰা অংশটো চাবলৈ সুযোগ দিয়ে। ইয়াৰ দ্বাৰা বহু ভুলৰ পৰা হাত সাৰিব পৰা যায় বুলি চিকিৎসকে দাবী কৰে।

সাধাৰণতে অনিয়মিত খাদ্যাভ্যাস, হৰম’নৰ বিকাৰ, উচ্চ কলেষ্টেৰল আৰু দীৰ্ঘসময় ধৰি খাদ্য গ্ৰহণ নকৰাৰ ফলত পিত্তথলীত পাথৰ সৃষ্টি হ’ব পাৰে। অতিৰিক্ত জাংক ফুড, সুৰা খোৱাৰ প্ৰৱণতাইও পিত্তথলীত পাথৰ সৃষ্টি কৰিব পাৰে। পিত্তথলীৰ পৰা ওলোৱা পিত্তৰ পৰিমাণ বেলেগ বেলেগ হয়। ইয়াৰ লগতে অতিৰিক্ত কলেষ্টেৰল আৰু বিলিৰুবিন জমা হ’লে পিত্ত ঘনীভূত হৈ স্ফটিকৰ দৰে আকৃতি লাভ কৰে।

পিত্তথলীত পাথৰ গঠন হৈছে নে নাই সেয়া কিছুমান লক্ষণৰ দ্বাৰা বুজিব পাৰি। যেনে- পেটৰ ওপৰৰ সোঁফালৰ পৰা বিষ আৰম্ভ হয়। লাহে লাহে ই বিয়পি পৰে। বহুতে পেটৰ বিষৰ লগতে কঁপি কঁপি জ্বৰও অনুভৱ কৰে। ইয়াৰ লগতে সঘনাই বমিও হয়। কেতিয়াবা পিত্তথলীত পাথৰ জমা হ’বলৈ আৰম্ভ কৰিলে হেপাটাইটিছও হয়। গতিকে পেটৰ বিষ আৰু বমি সঘনাই হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

বৃদ্ধগৰাকীৰ ক্ষেত্ৰত যি হ’ল সেয়া এক বিৰল অৱস্থা। চিকিৎসকে কয় যে বৃদ্ধগৰাকীৰ পিত্তথলীত কেন্সাৰ হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছিল। সঠিক সময়ত যদি অস্ত্ৰোপচাৰ কৰা নহ’লে ডাঙৰ বিপদ হ’লহেঁতেন।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

August 24, 2026 8:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd