গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ‘ফিল্মফেয়াৰ এৱাৰ্ড’ অনুষ্ঠানত প্ৰদৰ্শিত হ’ব আহোম যুগৰ চানেকী বহনকাৰী ঐতিহাসিক ৰংঘৰৰ ওপৰত নিৰ্মাণ কৰা এখন তথ্যচিত্ৰ।
তথ্য চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ বাবে আজি বলিউদৰ মোহময়ী অভিনেত্ৰী কৰিশ্মা তন্না উপস্থিত হয় শিৱসাগৰ জিলাৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত।
অভিনেত্ৰী গৰাকীয়ে ৰংঘৰ দেখি আৰু বিহু নৃত্যত অংশ লৈ আপ্লুত হৈ পৰে।
ছশ বছৰীয়া আহোম ৰাজত্বকালৰ শৌয্য বীৰ্য্যৰ প্ৰতীক তথা এছিয়াৰ প্ৰথম ক্ৰীড়া পেভেলিয়ন ৰূপে খ্যাত ঐতিহাসিক ৰংঘৰে এইবাৰ ফিল্ম ফেয়াৰ এৱাৰ্ডত উপস্থিত অতিথি সকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে।
গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ফিল্মফেয়াৰত প্ৰদৰ্শিত হ’বলগীয়া ৰংঘৰৰ ওপৰত নিৰ্মাম কৰা তথ্যচিত্ৰখনে ভাৰতৰ লগতে বিশ্ব দৰবাৰত অসমৰ প্ৰাচীন ইতিহাসক চিনাকী কৰাই দিব।
আনহাতে, অসম চৰকাৰৰ পৰ্যটন বিভাগে এই পদক্ষেপৰ দ্বাৰা দেশী বিদেশী পৰ্যটক সকল অসমৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰিব বুলি আশা ব্যক্ত কৰিছে।
অসম পৰ্যটন বিভাগৰ উদ্যোগত নিৰ্মাণ হোৱা তথ্যচিত্ৰখনত অভিনয় কৰিছে বলিউদৰ মোহময়ী অভিনেত্ৰী কৰিশ্মা তন্নাই।
তথ্যচিত্ৰখনৰ দৃশ্যগ্ৰহণ ইতিমধ্যে ৰংঘৰ বাকৰিত সম্পুৰ্ণ হৈছে।