• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মদ্যপানে সঁচাকৈয়ে হ্ৰাস কৰে নেকি শুক্ৰাণুৰ সংখ্যা? জানিবলৈ পঢ়ক ..

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 7, 2023 5:20 pm
618
VIEWS
Share on FacebookShare on Twitter

আমাৰ দৈনন্দিন খাদ্যাভ্যাস বা জীৱনশৈলীৰ লগত সুস্থ শৰীৰৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। আপোনাৰ স্বাস্থ্য সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে আপুনি কি খায় আৰু কিমান খায় তাৰ ওপৰত।

পুৰুষৰ শাৰীৰিক গঠন, পেশী আৰু হাড়ৰ শক্তি, সামগ্ৰিক সুস্থতা আদি মূলতঃ টেষ্টষ্টেৰন নামৰ হৰম’নৰ ওপৰত নিৰ্ভৰ কৰে। এই হৰম’নটোৱেই সুস্থ শুক্ৰাণুৰ বৃদ্ধিৰ বাবে দায়বদ্ধ।

কিন্তু এই হৰম’নৰ মাত্ৰাত যদি কোনো ধৰণৰ বিঘিনি ঘটে, তেন্তে তাৰ পৰাই গুৰুতৰ সমস্যাৰ সৃষ্টি হয়। অনিয়মিত জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাস এতিয়া আমাৰ দৈনন্দিন সংগী। তাৰ উপৰিও কৰ্মজীৱনৰ অসম্ভৱ মানসিক চাপ। সেয়ে, বৰ্তমান সুস্থ হৈ থকাটো এটা ডাঙৰ প্ৰত্যাহ্বান।

বিশেষজ্ঞসকলে কয় যে ভুল খাদ্যাভ্যাসৰ বাবে আমাৰ শৰীৰত বহুতো ৰোগে বাহ সাজে। অনিয়মিত জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যৰ ফলত পুৰুষৰ টেষ্ট’ষ্টেৰনৰ অভাৱ হ’ব পাৰে। ফলত শুক্ৰাণুৰ সংখ্যা অকালতে কমি যাব পাৰে। 

কি কি খাদ্যই টেষ্ট’ষ্টেৰনক প্ৰভাৱিত কৰে জানো আহক –

২০২১ চনত প্ৰকাশিত এক অধ্যয়নত কোৱা হৈছে যে যিসকল পুৰুষে ৰিফাইন কাৰ্বহাইড্ৰেটযুক্ত খাদ্য যেনে পেষ্ট্ৰি, কিছুমান বিশেষ ধৰণৰ ব্ৰেড,  পিজ্জা আদি খায় তেওঁলোকৰ শৰীৰত মুঠ টেষ্টষ্টেৰনৰ মাত্ৰা কম হয়।

লগতে কুকিজ, কেক, মাখন আদি চৰ্বিযুক্ত খাদ্যই টেষ্ট’ষ্টেৰনৰ মাত্ৰাত প্ৰভাৱ পেলায়। ইয়াৰ উপৰিও ট্ৰেন্স ফেট, ওমেগা-৬ ফেটি এচিডযুক্ত খাদ্যইয়ো টেষ্ট’ষ্টেৰন উৎপন্ন হোৱাত বাধাৰ সৃষ্টি কৰে।

বাণিজ্যিকভাৱে উপলব্ধ বেকড খাদ্য যেনে কেক, কুকিজ, পাই, মাইক্ৰৱেভ পপকৰ্ণ, ফ্ৰেঞ্চ ফ্ৰাই, ফ্ৰাইড চিকেন বা অন্যান্য ভজা খাদ্য, মাৰ্জাৰিন, এই সকলোবোৰতে ট্ৰেন্স ফেট থাকে।

কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে পদিনা বা পদিনা সদৃশ খাদ্যই পুৰুষৰ টেষ্ট’ষ্টেৰনৰ মাত্ৰাত প্ৰভাৱ পেলায়। সেই কাৰণে বহুতে কয় যে পুৰুষে অতিৰিক্ত পদিনা খোৱাটো উচিত নহয়।

বিশেষজ্ঞসকলে কয় যে কম পৰিমাণে মদ্যপান কৰিলে বিশেষ ক্ষতি নহয়। কিন্তু যিসকলে নিয়মিতভাৱে দীৰ্ঘদিন ধৰি মদ্যপান কৰে তেওঁলোকৰ শৰীৰত স্বাভাৱিকতকৈ বহু কম টেষ্ট’ষ্টেৰন থাকে। ফলত তেওঁলোকৰ শুক্ৰাণুৰ সংখ্যাও কম হয়।

২০০৪ চনৰ এক অধ্যয়নত দেখা গৈছে যে প্ৰতিদিনে ৩০-৪০ গ্ৰাম মদ্যপান কৰিলে তিনি সপ্তাহৰ ভিতৰত টেষ্টষ্টেৰনৰ মাত্ৰা ৬.৮ শতাংশ হ্ৰাস পায়। অত্যধিক চোডা, শীতল পানীয় সেৱন কৰাটোও পুৰুষৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

অত্যধিক ভজা খাদ্য, অনিয়ন্ত্ৰিত মদ্যপানে মেদবহুলতা বৃদ্ধি কৰে। আৰু ওজন বৃদ্ধিয়ে শৰীৰৰ হৰম’নতো প্ৰভাৱ পেলায়। ফলত পুৰুষৰ শৰীৰত টেষ্ট’ষ্টেৰনৰ মাত্ৰা কমি যায় আৰু শুক্ৰাণুৰ সংখ্যাও কমি যায়।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd