‘বিধেয়কখনৰ ভুল বাখ্যা হৈছে’ বুলি কোৱা মুখ্য মন্ত্ৰীয়ে কিমান বুজি পায় নাগৰিকত্ব বিধেয়কখন?

প্ৰকৃততে বিধেয়কখন বুজি পোৱা নাই কোনে? অসমৰ মুখ্য মন্ত্ৰীয়ে নে মেঘালয়, মিজোৰাম, মণিপুৰ আদিৰ মুখ্য মন্ত্ৰীয়ে?

21-01-19 Bijni- CM inaugural function Military School (6)

বিজনীত সৈনিক স্কুলৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দিয়া মুহূৰ্তত মুখ্য মন্ত্ৰী সোণোৱাল। ফটো : ইউ বি

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত নীৰৱতা অৱলম্বন কৰি থকা অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল যোৱা কেইদিনমানৰ ভিতৰত হঠাৎ বিধেয়কখনৰ সপক্ষে সৰৱ হ’ল। বিধেয়কখন সম্পৰ্কে যোৱা দুদিনমানত কেইবাখনো সভাত তেওঁক বাখ্যাও দাঙি ধৰা দেখা গ’ল। কিন্তু মুখ্য মন্ত্ৰীৰ এই ব্যাখ্যা কিমান শুদ্ধ?

মুখ্য মন্ত্ৰী সোণোৱালে মঙলদৈত অনুষ্ঠিত শিল্পী দিৱসৰ কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি জোনবিল মেলা, বান্দৰদেৱাত অনুষ্ঠিত আউনিআটী সত্ৰৰ শাখা সত্ৰৰ সভাতো নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে ৰাইজক বুজনি দিয়া দেখিবলৈ পোৱা গ’ল।

“এই বিধেয়কখনক লৈ ভুল বাখ্যা হৈ আছে।” এখন সভাত বিধেয়কখনৰ শুদ্ধ ব্যাখ্যা দিবলৈ খুজি ৰাইজক সম্বোধন কৰি মুখ্য মন্ত্ৰীয়ে কয়।

তাৰ পিছত তেওঁ এক অদ্ভুত ব্যাখ্যাৰে বুজায়, “এই বিধেয়কখন আইনত পৰিণত হোৱাৰ লগে লগে বাংলাদেশী আহি অসমত সোমাই যাব তেনে নহয়। ইয়াত ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ সময়সীমা বান্ধি দিয়া হৈছে। কোনোবাই এই সংশোধিত আইন অনুসৰি নাগৰিকত্ব পাবলৈ হ’লে নূন্যতম ৭ বছৰ ভাৰতত থাকিব লাগিব। অৰ্থাৎ তেওঁ ২০০৭ চনত আহিলেহে নাগৰিকত্বৰ বাবে আৱেদনহে কৰিব পাৰিব”।

মুখ্য মন্ত্ৰীয়ে লগতে কৈছে যে নাগৰিকত্বৰ বাবে কৰা আৱেদন জিলা উপায়ুক্তই পৰীক্ষা-নিৰীক্ষা কৰি ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিব।

গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল, যিহেতু বিধেয়কখনত কোনো সময়সীমাৰ কথা উল্লেখেই নাই তেনেক্ষেত্ৰত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পৰা ৭ বছৰৰ আগতে ভাৰতলৈ অহা লোকেহে আবেদন কৰিব পাৰিব বুলি কেনেকৈ ক’লে? প্ৰকৃততে ৬ বছৰ ভাৰতত কটোৱা উক্ত সম্প্ৰদায়কেইটাৰ যিকোনো লোকেই নাগৰিকত্বৰ বাবে আৱেদন কৰিব পাৰিব, কিয়নো এই গেজেট নটিফিকেশ্যনত উল্লেখ কৰা ২০১৪ চনৰ ৩১ ডিচেম্বৰ সময়সীমা চৰকাৰে যিকোনো সময়ত সলনি কৰিব পাৰে।

মুখ্য মন্ত্ৰীজনৰ এই বিভ্ৰান্তিকৰ ব্যাখ্যা শুনাৰ পিছত অসমৰ মুখ্য মন্ত্ৰীজনে নাগৰিকত্ব সংশোধনী বিধেয়কখন বুজিয়েই পোৱা নাই বুলি মন্তব্য কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।

তেওঁ কয়, “এয়া সম্পূৰ্ণ ভুল কথা। বিধেয়কখনত ক’তো সময়সীমাৰ কথা নাই। ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ সময়সীমা আছে জাননীখনতহে। মুখ্য মন্ত্ৰীয়ে তাৰ পৰা ৭ বছৰ আগতে অহা লোকেহে আবেদন কৰিব পাৰিব বুলি ক’ত পালে?”

“সৰ্বানন্দ সোণোৱালক কোনোবাই তেনেকৈ ক’বলৈ শিকাই দিছে আৰু সেইমতে বিধেয়কখনৰ কথা তেওঁ ৰাইজক কৈ আছে”, অখিল গগৈৰ কটাক্ষ।

‘বিধেয়কখনৰ ভুল বাখ্যা হৈছে’ বুলি সোণোৱালে য’তে-ত’তে দাবী কৰি থকাৰ পিছত তেওঁৰ বিধেয়কখন সম্পৰ্কত দিয়া ব্যাখ্যা শুনি হতবাক হৈছে বহু সচেতন নাগৰিক।

আনহাতে এই কথাও কোৱা প্ৰয়োজন যে অসমৰ মুখ্য মন্ত্ৰীজনৰ বিপৰীতে তেওঁৰ সমপদীয়া মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা, মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰামথাংগাকে ধৰি উত্তৰ-পূবৰ কেইবাজনো মুখ্য মন্ত্ৰীয়ে বিধেয়কখনৰ ক্ষতিকৰ দিশবোৰ বুজি লৈ ইয়াৰ বিৰোধিতা কৰিছে। এতিয়া প্ৰশ্ন হয়, প্ৰকৃততে বিধেয়কখন বুজি পোৱা নাই কোনে? অসমৰ মুখ্য মন্ত্ৰীয়ে নে মেঘালয়, মিজোৰাম, মণিপুৰ আদিৰ মুখ্য মন্ত্ৰীয়ে।