মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

বিশ্বৰ ১১ খন দেশত মাংকিপক্সত আক্ৰান্ত লোকৰ সংখ্যা এতিয়া দ্ৰুত গতিত বৃদ্ধি পাইছে। বিশ্ব স্বাস্থ্য সংস্থাই মাংকিপক্সৰ সংক্ৰমণৰ বিষয়ে সতৰ্ক কৰি দিছে।

কিন্তু প্ৰধানকৈ যৌন কাৰ্যৰ জৰিয়তে  বিয়পি পৰা এই ৰোগ বিধ কিমান ভয়ানক হ’ব পাৰে? ইয়াৰ ফলত কাৰোবাৰ মৃত্যু হ’ব পাৰে নেকি?

মাংকিপক্সৰ সংক্ৰমণৰ ইতিমধ্যে ইউৰোপৰ ইংলেণ্ড, জাৰ্মানী, ফ্ৰান্স, বেলজিয়াম, চুইডেন, ইটালীলৈ বিয়পি পৰিছে। এই ৰোগটো আমেৰিকা যুক্তৰাজ্য, কানাডা আৰু অষ্ট্ৰেলিয়াতো পোৱা গৈছে। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে মাংকিপক্সৰ বিষয়ে দেশবাসীক সতৰ্ক কৰি দিছে।

বিদেশৰ পৰা অহা বহু লোকক ভাৰত পোৱাৰ পিছতে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।

অনাগত দিনত এই ৰোগৰ সংক্ৰমণ আৰু বৃদ্ধি পাব পাৰে বুলি বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কবাণী শুনাইছে।

মাংকিপক্স হৈছে এক বিৰল ৰোগ। এই ৰোগ বিধ এটা সময়ত আফ্ৰিকাৰ কিছুমান দেশত চিনাক্ত কৰা হৈছিল।

সেইসময়ত ভুক্তভোগীসকলৰ বেছিভাগেই ৫ বছৰৰ তলৰ শিশু আছিল। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে এই ৰোগ প্ৰাপ্তবয়স্ক লোকসকলৰ মাজতো বিয়পি পৰিছে। যিমান দূৰ জনা যায় এই ৰোগৰ তীব্ৰতা স্মলপক্সতকৈ কম।

কিন্তু চিকেনপক্সতকৈ অধিক। জ্বৰ, হাত আৰু ভৰিৰ বিষ, গোটেই শৰীৰত জলা বন্ধা আদি লক্ষণ সমূহে দেখা দিয়ে।

এই লক্ষণবোৰ ২ সপ্তাহৰ পৰা ৪ সপ্তাহলৈকে থাকে। তাৰ পিছত, ৰোগটো নিজেই প্ৰশমিত হয়। মাংকিপক্সৰ এতিয়ালৈকে কোনো ঔষধ বা ভেকছিন ওলোৱা নাই। অৱশ্যে, যিসকলে পক্স ভেকছিন গ্ৰহণ কৰিছে, তেওঁলোকৰ বাবে এই ৰোগৰ তীব্ৰতা কম হয় বুলি ধাৰণা কৰা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, কিছুমান লোকৰ ক্ষেত্ৰত ৰোগ বিয়পাৰ হাৰ তুলনামূলকভাৱে অধিক। এইটোও সন্দেহ কৰা হয় যে ৰোগটো যৌন কাৰ্যৰ দ্বাৰা বিয়পে, বিশেষকৈ সমকামী পুৰুষৰ মাজত মাংকিপক্সৰ সংক্ৰমণৰ আশংকা বেছি।বিপৰীত লিংগৰ যৌন মিলনৰ দ্বাৰাও এই ৰোগ বিয়পিব পাৰে, যদিহে কোনোৱা এগৰাকীৰ দেহত এই ভাইৰাছ থাকে।

মাংকিপক্সত আক্ৰান্ত হ’লে মৃত্যু হ’ব পাৰে নেকি?

এই প্ৰশ্নই এতিয়া বহুতে কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে। এতিয়ালৈকে প্ৰাপ্ত তথ্য অনুসৰি মাংকিপক্সত আক্ৰান্ত লোকৰ ৰোগ বিধত মৃত্যু হোৱাৰ আশংকা কম কিন্তু ব্যক্তিভেদে ৰোগ বিধে বিষম পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।

যিসকল লোকৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা কম তেনে লোক এই ৰোগ বিধত আক্ৰান্ত হ’লে জটিলতা বৃদ্ধি পাব পাৰে।

বিশেষকৈ শিশুৰ ক্ষেত্ৰত এনে জটিলতা অধিক হোৱা দেখা যায়। সাম্প্ৰতিক সময়ত, মাংকিপক্সত মৃত্যুৰ হাৰ ৩-৬ শতাংশ বুলি বহু স্বাস্থ্য বিজ্ঞানীয়ে কৈ আহিছে।

ৰোগ বিধৰ আটাইতকৈ ভয়াৱহ কথাটো এয়াই যে আক্ৰান্ত লোকৰ দেহত ওলোৱা গুটিৰ পৰা নিঃসৃত পানী গাত লাগিলেও অথবা আক্ৰান্ত লোকে ব্যৱহাৰ কৰা কাপোৰ-কানিৰ পৰাও এই ৰোগ বিয়পিব পাৰে।