তামিলনাডুত সংঘটিত হৈছে এটি আমোদজনক ঘটনা।
মঙলবাৰে ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ যায়।
ভোটগ্ৰহণ উপলক্ষে ৰাজ্যখনৰ এৰডে (Erode) আৰু ধৰ্মপুৰি জিলাতো প্ৰশাসনে ব্যাপক পদক্ষেপ গ্ৰহণ কৰিছে।
জিলা দুখনত প্ৰশাসনে লোৱা এটা কাৰ্যপন্থাই বাতৰিৰ শিৰোনামা দখল কৰিছে।
আন্থিয়ুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এৰডে জিলাৰ কাথিৰিমালায় গাঁৱৰ এটা ভোটগ্ৰহণ কেন্দ্ৰলৈ ইভিএম আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীসমূহ কঢ়িয়াই আনে কেইবাটাও গাধই।
স্থানীয় বাসিন্দাৰ সহযোগত প্ৰশাসনে গাধৰ পিঠিত ইভিএম কঢ়িয়াই অনাৰ দৃশ্যই আমোদৰ সৃষ্টি কৰিছে।
গাওঁখনৰ বাট পথ গাড়ী চলাচল কৰিবৰ বাবে উপযুক্ত নোহোৱাৰ বাবে নিৰ্বাচনী বিষয়াসকলে এই সিদ্ধান্ত গ্ৰহণ কৰে।
ইয়াৰ উপৰিও ৰাজ্যখনৰ ধৰ্মপুৰী জিলাৰ পাঁচোটা ভোটগ্ৰহণ কেন্দ্ৰতো গাধৰ পিঠিত ইভিএম কঢ়িয়াই অনা হয়।
ভোটগ্ৰহণ কেন্দ্ৰসমূহ পাৰ্বত্য এলেকাত থকাৰ বাবেই এই পন্থা হাতত লোৱা হয়।
আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰে বেষ্টিত হৈ গাধকেইটাই ইভিএমসমূহ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ কঢ়িয়াই আনে।
উল্লেখযোগ্য যে তামিলনাডুৰ দুই পৰস্পৰবিৰোধী ৰাজনৈতিক নেতা জয়াললিতা আৰু এম কৰুণানিধিৰ অনুপস্থিতিত প্ৰথমবাৰৰ বাবে ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হৈছে।
ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটদাতাই ব্যাপক ভীৰ কৰা পৰিলক্ষিত হৈছে।