কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল একক পিতৃসকলে তেওঁলোকৰ চাকৰি কালত সৰ্বমুঠ ৭৩০ দিনৰ সন্তান যত্ন ছুটী (CCL) লাভ কৰিব। উল্লেখ্য যে, এই ছুটী প্ৰথমতে কেবল মহিলা চাকৰিয়ালসকলৰ বাবে সংৰক্ষিত আছিল।
একক পুৰুষ চাকৰিয়াল অৰ্থাৎ অবিবাহিত, বিবাহ-বিচ্ছেদ কৰা অথবা বিপত্নীক পিতৃয়ে এই সুযোগ গ্ৰহণ কৰিব পাৰিব আৰু ২টা সন্তান পৰ্যন্ত এই সুযোগ গ্ৰহণ কৰিব পাৰিব।
এই সুবিধা গ্ৰহণকাৰী পিতৃৰ সংখ্যা সীমিত হোৱাৰ আশা আছে যদিও এই পদক্ষেপে অকল মহিলাক ‘প্ৰধান যত্ন প্ৰদান কৰোঁতা’ৰ ধৰণাক সলনি কৰিব।
আমোদজনক কথাটো হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ ডিপাৰ্টমেণ্ট অব পাৰ্ছনে’ল এণ্ড ট্ৰেইনিঙে এই দুবছৰীয়া ছুটীৰ সময়চোৱাৰ শেষাৰ্ধৰ দৰমহাত কিছু কৰ্তনৰ ব্যৱস্থা ৰাখি সংশোধন কৰিছে। অৰ্থাৎ প্ৰথমৰ নিয়ম অনুসৰি, হিতাধিকাৰীক ১০০ শতাংশ দৰমহা সহ ছুটী অনুমোদন কৰা হৈছিল যদিও সংশোধিত আইন অনুসৰি, প্ৰথম ৩৬৫ দিনত ১০০ শতাংশ দৰমহা আৰু অন্তিম ভাগৰ ৩৬৫ দিনত দৰমহাৰ ৮০ শতাংশ লাভ কৰিব।
ইয়াৰ উপৰিও মহিলা চাকৰিয়ালে ১৮০ দিনৰ মাতৃত্ব ছুটী আৰু দেউতাকে ১৫ দিনৰ ছুটী লাভ কৰে। ইয়াৰ পূৰ্বে চৰকাৰে সংসদত ২০১৭ চনত আইন প্ৰণয়ন কৰি সংগঠিত খণ্ডত কৰ্মৰত মহিলা কৰ্মচাৰীসকলৰ মাতৃত্বৰ ছুটী ২৬ সপ্তাহলৈকে বৃদ্ধি কৰিছিল।
ডিঅ’পিটিৰ নিৰ্দেশটোত আৰু কোৱা হৈছে, ‘‘মহিলা চাকৰিয়াল আৰু একক পিতৃসকলক তেওঁলোকৰ সমগ্ৰ চাকৰি কালত সৰ্বমুঠ ৭৩০ দিনৰ বাবে সন্তান যত্ন ছুটী প্ৰদান কৰা হ’ব। এই ছুটী সন্তানৰ পৰীক্ষা, পঢ়া-পাতি, অসুখ-বিসুখ আদিক সামৰি ল’ব।’’
সপ্তম দৰমহা আয়োগৰ উপদেশ অনুসৰি গ্ৰহণ কৰা এই পদক্ষেপে সন্তানৰ যত্ন কৰাত পিতৃ-মাতৃসকলক উপকৃত কৰিব। আয়োগে লক্ষ্য কৰিছে যে একক পিতৃৰ ক্ষেত্ৰত সন্তানৰ লালন-পালনৰ পৰা আদি কৰি সমস্ত দায়িত্ব দেউতাকৰ ওপৰতেই পৰে। সেয়েহে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল দেউতাক সকললৈ এই সুবিধা আগবঢ়োৱা হৈছে।
এই ছুটীৰ দ্বিতীয়াৰ্ধত আৰোপ দৰমহা কৰ্তনৰ বিষয়টোৰ ওপৰত যুক্তি দি সপ্তম দৰমহা আয়োগে জনাইছে যে যাতে প্ৰকৃত প্ৰয়োজনতহে কৰ্মচাৰীসকলে এই সুবিধা গ্ৰহণ কৰে সেই বাবে এই সংশোধন ঘটোৱা হৈছে। তাৰোপৰি আৰু কোৱা হৈছে যে একমাত্ৰ সন্তান লালন-পালনৰ বাবে প্ৰদান কৰা দৰমহা সহ ২ বছৰীয়া ছুটী এটা যথেষ্ট উদাৰ পদক্ষেপ।