অএনজিচিৰ সঞ্চালিকাৰ (মানৱ সম্পদ) দায়িত্ব গ্ৰহণ ড০ অলকা মিট্টালৰ

IMG-20181127-WA0011

অএনজিচিৰ সঞ্চালক (মানৱ সম্পদ)হিচাপে দায়িত্ব গ্ৰহণ কৰিছে ড০ অলকা মিট্টালে। অৰ্থনীতিৰ স্নাতকোত্তৰ,  এমবিএ (মানৱ সম্পদ ব্যৱস্থাপনা), আৰু বাণিজ্য আৰু ব্যৱসায় অধ্যয়নৰ ডক্টৰেট ড০ অলকা মিট্টালে ১৯৮৫ চনত এগৰাকী স্নাতক শিক্ষাৰ্থী হিচাপে অএনজিচিত যোগদান কৰিছিল।

৩ দশক যোৰা তেওঁৰ কাৰ্যকালত ড০ মিট্টালে নিজৰ কৰ্মক্ষেত্ৰত যথেষ্ট অভিজ্ঞতা আহৰণ কৰিছে। তেখেত ২০১৫ চনৰ পৰাই অএনজিচি মাংগালোৰ পেটেৰকেমিকেলছ লিমিটেডৰ ব’ৰ্ডত অএনজিচিৰ মনোনীত সঞ্চালিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

সঞ্চালিকা (মানৱ সম্পদ) হিচাপে যোগদান দিয়াৰ পূৰ্বে পূৰ্বে ড০ মিট্টাল কোম্পানীটোৰ দক্ষতা বিকাশ বিভাগৰ মুৰব্বীৰ দায়িত্বত আছিল। এই পদত থকাৰ সময়ত ড০ মিট্টালে অএনজিচিৰ সমৰ্থন প্ৰাপ্ত অথবা উদগনি প্ৰাপ্ত দক্ষতা বিকাশ  কেন্দ্ৰ সমূহৰ কাৰ্য সম্পাদনত এটা নিয়মানুৱৰ্তিতা আনিছিল।

ইয়াৰ পূৰ্বে তেওঁ কৰ্পোৰেট ছচিয়েল ৰেছপন্সিবিলিটী মুৰব্বী হিচাপে কৰ্মৰত আছিল আৰু সমগ্ৰ ভাৰতে গুৰুত্বপূৰ্ণ কৰ্পোৰেট সামাজিক দায়বদ্ধতামূলক কাম-কাজ সম্পাদন কৰিছিল।

তেওঁ বৰোদৰা, মুম্বাই, দিল্লী, যোৰহাটৰ মানৱ সম্পদ-কৰ্মচাৰী সম্পৰ্কৰ কাৰ্যপ্ৰণালী দায়িত্বত থাকি তাতো নিজৰ দক্ষতাৰ পৰিচয় ডাঙি ধৰিছিল। ২০০৯ চনত তেওঁ দিল্লীৰ কৰ্পোৰেট কমিউনিকেশ্যনৰ মুকব্বী আছিল। ২০০১ চনৰ পৰা তেওঁ কোম্পানীটোৰ ১১০০০ গৰাকীৰো অধিক স্নাতক প্ৰশিক্ষাৰ্থীক কৰ্পোৰেট গভৰ্নেন্সৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰিছিল।

এগৰাকী জ্যেষ্ঠ মানৱ সম্পদ বিশেষজ্ঞ হিচাপে ড০ অলকা মিট্টালে বিভিন্ন পেচাদাৰী সংস্থা আৰু ফৰামলৈ যথেষ্ট অৱগান আগবঢ়াইছে। নেশ্যনেল ইন্সটিটিউট অব পাৰ্ছনেন মেনেজমেণ্টৰ কাৰ্যবাহী কমিটী সদস্য আৰু উত্তৰাঞ্চলৰ ব্যক্তিগত খণ্ডত কৰ্মৰত মহিলা ফৰামৰ সভানেত্ৰী আছিল। তেওঁ অএনজিচিৰ মহিলা উন্নয়ন মঞ্চৰো মুৰব্বী আছিল।

তেওঁ সকলো কৰ্মচাৰীলৈ সমান সুযোগ সুবিধা প্ৰদান কৰাৰ দৰ্শনত উদগণি দিছিল আৰু মহিলা কৰ্মচাৰীক বৃত্তিগতভাৱে উন্নতি কৰিবলৈ এটা ইতিবাচক পৰিৱেশ সৃষ্টি কৰিবলৈ প্ৰচেষ্টা কৰিছিল।