• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাধ্যম বিভ্ৰাট আৰু লাভলিনাৰ পৰাজয়: ডঃ হীৰেন গোহাঁই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2022 11:52 am
150
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ অসম চৰকাৰৰ শিক্ষা বিভাগে তৃতীয় শ্ৰেণীত গণিত আৰু বিজ্ঞান ইংৰাজীত পঢ়ুৱাৰ সিদ্ধান্তকলৈ ৰাজ্যত চলি থকা বিতৰ্ক আৰু কমনৱেলথ গেমছত লাভলিনা বৰগোঁহাইৰ পৰাজয় সম্পৰ্কত নিজৰ মতামত প্ৰকাশ কৰি বিশিষ্ট চিন্তাবিদ ডঃ হীৰেন গোহাঁইয়ে অসমবাসীলৈ এক বাৰ্তা আগবঢ়াইছে। পাঠকৰ বাবে এই বাৰ্তাৰ সম্পূৰ্ণ পাঠ আগবঢ়োৱা হ’লঃ-

অসমীয়া ভাষাৰ ঠাইত তৃতীয় মানৰ পৰা ইংৰাজীত গণিত আৰু বিজ্ঞান পঢ়ুৱাৰ টোঘলকী ব্যৱস্থাৰ বিৰুদ্ধে বিভিন্ন বাতৰিকাকতত যিবোৰ চিঠি ওলাই আছে, তাৰ শতকৰা আঠান্নব্বৈ খনতে চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে অতি সবল যুক্তি দিয়া হৈ আছে। চৰকাৰক সমৰ্থন‌ কৰা দুই চাৰি জনে মাত্ৰ ‘আধুনিক যুগৰ দাবী’, বা ‘গণিত বিজ্ঞান ইংৰাজীতে পঢ়াবলৈ ভাল’,আদি অস্পষ্ট, দুৰ্বল যুক্তি দিছে। অৰ্থাৎ‌ আমাৰ ৰাইজে বাস্তৱ সত্যটো বুজি পাইছে। ইয়াতে সামৰণি পেলালে কিন্তু ৰণ জিকা নহ’ব।

প্ৰথমতে বিবৃতি, সম্বাদমেল, ভাষণতে আবদ্ধ থাকিলে তেনে চিঞৰ বাখৰ কৰাত ওস্তাদ নেতা বিলাকে পিছত কোন পাকত চৰকাৰৰ লগত হাত মিলাই আৰামত সান্দহ খাবলৈ লয়, ঠিকনা নাই। দ্বিতীয়তে গাৱে-ভূঞে থকা আৰ এছ এছৰ মানুহে গঞা ৰাইজৰ আগত ইংৰাজীত পঢ়াৰ সুফল সম্পৰ্কে তলে তলে প্ৰচাৰ চলাই তেওঁলোকক ইংৰাজীৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে।

সেয়ে জনাবুজা সকলে গাওঁ ভূইত অভিভাৱক সকলৰ মাজত প্ৰচাৰ চলাই তেওঁলোকৰ সন্তানৰ ভবিষ্যত সুৰক্ষিত কৰাৰ উপৰি জাতীয় ভাষা ৰক্ষা কৰিব লাগিব। নেতৃত্বলৈ ৰৈ থাকিলে খালত পৰিব লাগিব। নেতাই যি কৰে কৰক, ৰাইজে হে বঠা এৰিব নালাগে।

এতিয়া লাভলিনাৰ ব্যৰ্থতা প্ৰসঙ্গ। আৰম্ভণিৰ পৰা লাভলিনাক মূৰত লৈ‌ নচাৰ কাৰবাৰটোৰ মই বিৰোধিতা কৰিছোঁ। এনে‌ অতিমাত্ৰা প্ৰচাৰে প্ৰতিভা কলিতে বিনাশ কৰে। খেলুৱৈৰ মন খেলৰ পৰা আঁতৰাই নিজৰ বিষয়ে অতি উচ্চ ধাৰণাত নিমগ্ন কৰে। তাৰ ফল বেয়াই হয়।

লাভলিনাই মাজতে ফে’চবুকত আপত্তি কৰিছিল যে সম্বৰ্ধনা, বিজ্ঞাপন, মডেলিঙত ব্যস্ত ৰাখি তেওঁক খেলৰ অনুশীলনৰ পৰা আঁতৰাই ৰখা হৈছে। ইয়াত তেওঁৰ ইচ্ছাক গুৰুত্ব দিয়া হোৱা নাছিল। অসমৰ কোনেও গুৰুত্ব নিদিলে।

তেনেকৈ খেলৰ আঠ দিন আগলৈকে তেওঁৰ coachক তেওঁৰ পৰা আঁতৰাই ৰাখি উপযুক্ত প্ৰশিক্ষণ আৰু অনুশীলনত বিঘিনি ঘটোৱা হৈছিল। প্ৰতিবাদ কৰা বাবে তেওঁ ওপৰৰ ক্ৰীড়া বিষয়াৰ গঞ্জনাৰ পাত্ৰী হৈছিল।

এইবোৰ তথ্যই প্ৰমাণ কৰে তেওঁৰ খেলৰ মান ধ্বংস কৰিবলৈ এক পৰিকল্পিত প্ৰচেষ্টা চলোৱা হৈছিল। তেওঁ কিছু গম পাই প্ৰতিবাদো কৰিছিল। ফলত চক্ৰান্তকাৰী অধিক নিৰ্মম হৈছিল।

কোন সেই চক্ৰান্তকাৰী? অসমৰ ভাল নেদেখা বাহিৰৰ কোনো ব্যক্তি বা শক্তি? ক্ৰীড়া বিভাগত থকা ইৰ্ষাপৰায়ণ মহল? ধূৰ্ত ৰাজনীতিবিদ?

অসমৰ জনাবুজা সকলেই নিজাববীয়া তদন্তৰ ব্যৱস্থা কৰিব পাৰে। লাভলিনা শেষ হৈ যোৱা নাই। এতিয়াও তেওঁৰ প্ৰচুৰ সম্ভাৱনা আছে। প্ৰচাৰৰ পৰা আঁতৰাই ভাল প্ৰশিক্ষকৰ দ্বাৰা অনুশীলন‌ কৰালে তেওঁ আকৌ জিলিকি উঠিব। আনহাতে এই পৰাজয়ৰ সুযোগতে তেওঁক অবহেলা কৰিলে এটি প্ৰতিভা অলপ কথাতে নুমাই যাব।

ইতি

হীৰেন গোহাঁই

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd