DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 9, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশিষ্ট চিকিৎসক ডাঃ ইলিয়াছ আলী আৰু উদ্ভাৱক উদ্ধৱ ভৰালীলৈ ‘পদ্ম’ সন্মান

এন ই নাও নিউজ by এন ই নাও নিউজ
January 26, 2019 10:27 am
Untitled-1 copy (23)

পদ্মশ্ৰী সন্মানিত বিশিষ্ট চিকিৎসক ডাঃ ইলিয়াছ আলী আৰু উদ্ভাৱক উদ্ধৱ ভৰালী।

872
VIEWS
Share on FacebookShare on Twitter

অসমৰ বিশিষ্ট শল্য চিকিৎসক ডাঃ ইলিয়াছ আলী আৰু প্রসিদ্ধ উদ্ভাৱক লখিমপুৰৰ উদ্ধৱ কুমাৰ ভৰালীক ২০১৯ চনৰ পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে। দুগৰাকী অসম সন্তান সমাজসেৱক-চিকিৎসক ইলিয়াছ আলী আৰু দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় বহু যন্ত্ৰৰ উদ্ভাৱক উদ্ধৱ কুমাৰ ভৰালীক পদ্মশ্ৰী সন্মান আগবঢ়োৱাত ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকে উৎফুল্লিত হৈ পৰিছে।

দৰং জিলাৰ চেঙেলীয়াঝাৰৰ ওচৰৰ জজিয়াত জন্মগ্ৰহণ কৰা প্ৰখ্যাত শল্য চিকিৎসক ইলিয়াছ আলীয়ে পুৰুষৰ বন্ধ্যাকৰণ পদ্ধতি ব্যৱহাৰ কৰি জনবিস্ফোৰণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰি সমাজলৈ অতুলনীয় বৰঙণি আগবঢ়াইছে। বিশেষকৈ চৰ-চাপৰিৰ মুছলমান সম্প্ৰদায়ৰ মাজত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ব্যাপক হাৰত পুৰুষৰ বন্ধ্যাকৰণৰ ব্যৱস্থা একক অভিযানেৰে ৰূপায়ণ কৰি বিৰল দৃষ্টান্ত দাঙি ধৰিছে।

আনহাতে, দৈনন্দিন জীৱনযাত্ৰাৰ বাবে প্ৰয়োজন হোৱা ১৪৯ বিধ যন্ত্ৰ উদ্ভাৱন কৰি উদ্ভাৱক উদ্ধৱ কুমাৰ ভৰালীয়ে সমাজলৈ অনবদ্য বৰঙণি আগবঢ়াইছে। আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী উদ্ধৱ ভৰালীয়ে এই আৱিষ্কাৰৰ জৰিয়তে ইতিমধ্যে তিনিটা আন্তৰ্জাতিক বঁটা, ১৩টা ৰাষ্ট্ৰীয় বঁটা আৰু ১১টা ৰাজ্যিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

ইপিনে, পেছাত এগৰাকী অভিযন্তা লখিমপুৰৰ কে বি ৰোড নিৱাসী উদ্ধৱ কুমাৰ ভৰালীয়ে চৰকাৰী চাকৰি ত্যাগ কৰি যন্ত্ৰ আৱিষ্কাৰৰ এই উদ্ভাৱনী কামত দীৰ্ঘদিন ধৰি আত্মনিয়োগ কৰি আহিছে। ভৰালীৰ আৱিষ্কাৰ সন্দৰ্ভত ডিস্ক’ভাৰী, বি বি চি আদি চেনেলে ইতিমধ্যে বিশদভাৱে সম্প্ৰচাৰ কৰিছে।

Recent News

টিপং কলিয়ৰীত ৩ চোৰক গ্ৰেপ্তাৰ, লো-পিতলৰ সামগ্ৰী উদ্ধাৰ; কোটি টকাৰ লোহা চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযানৰ দাবী

টিপং কলিয়ৰীত ৩ চোৰক গ্ৰেপ্তাৰ, লো-পিতলৰ সামগ্ৰী উদ্ধাৰ; কোটি টকাৰ লোহা চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযানৰ দাবী

বিদ্যুৎ আইনৰ প্ৰস্তাৱিত সংশোধনীৰ বিৰুদ্ধে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সম্বন্বয়ৰক্ষী সমিতিৰ ৰাজ্যজুৰি কৰ্মবিৰতি পালন

বিদ্যুৎ আইনৰ প্ৰস্তাৱিত সংশোধনীৰ বিৰুদ্ধে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সম্বন্বয়ৰক্ষী সমিতিৰ ৰাজ্যজুৰি কৰ্মবিৰতি পালন

Sanjay Raut

সঞ্জয় ৰাউটক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ: ঘৰুৱা খাদ্য গ্ৰহণৰ অনুমতি

Wild Elephant

কলিয়াবৰত শোকাকুল পৰিবেশ: দুদিন ধৰি বোকাত পৰি থকা বনৰীয়া হাতীৰ কৰুণ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd