• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডঃ থানেশ্বৰ শৰ্মা, ডঃ ৰমেশ পাঠকলৈ ২০১৯ আৰু ২০২০ বৰ্ষৰ অসম প্রকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2020 6:55 am
Ramesh Pathak Photho. New jpg
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত ২০১৯ আৰু চলিত ২০২০বৰ্ষৰ বাবে অসম প্রকাশন পৰিষদৰ ‘জীৱনজোৰা সাধনা বঁটা’ আজি ঘোষণা কৰা হয়।

পৰিষদৰ কাৰ্যালয়ত থকা সভাগৃহত অনুষ্ঠিত এখন সংবাদমেলত এই কথা ঘোষণা কৰি পৰিষদৰ উপাধাক্ষ্য সুমন্ত চলিহা আৰু সচিব প্ৰমোদ কলিতাই।

Apply Now

উল্লেখিত বৰ্ষ দুটাৰ বাবে এই বঁটা ৰাজ্যখনৰ বিশিষ্ট গৱেষক সাহিত্যিক, সংস্কৃত ভাষাৰ পণ্ডিত ডঃ থানেশ্বৰ শৰ্মা আৰু বিশিষ্ট সাহিত্যিক, ভাষাতত্ববিদ, অভিধান প্ৰণেতা আৰু বৈয়াকৰণিক ডঃ ৰমেশ পাঠকলৈ আগবঢ়োৱা হ’ব বুলি সদৰী কৰে।

সেই অনুসৰি, অসম প্রকাশন পৰিষদৰ এই বঁটা ২০১৯ বৰ্ষৰ বাবে ডঃ থানেশ্বৰ শৰ্মা আৰু ২০২০ বৰ্ষৰ বাবে ডঃ ৰমেশ পাঠকক প্রদান কৰা হ’ব৷

অহা ৩০ ডিচেম্বৰত প্রকাশন পৰিষদৰ ৩৬ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানতে এই বঁটা প্ৰদান কৰা হ’ব।

নলবাৰী জিলাৰ সৰু নামখলাত ১৯৪৪ চনৰ ১  ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা ডঃ থানেশ্বৰ শৰ্মই প্ৰাথমিক পৰ্যায়ৰ পৰা স্নাতক পৰ্যায়লৈ সুখ্যাতিৰে শিক্ষা জীৱন সামৰি দীৰ্ঘকাল পবিত্ৰ শিক্ষকতাৰ বৃত্তিত জড়িত হৈ পৰে।

পুনা বিশ্ববিদ্যালয়ৰ অধীনস্থ সংস্কৃত অধ্যয়ন কেন্দ্ৰৰ (CASS)ৰপৰা ‘Bharadvajas in Ancient India’ বিষয়ত ডক্টৰেট ডিগ্ৰী অৰ্জন কৰা ডঃ শৰ্মাই বৰখলাৰ যোগেশ্বৰী দৰ্শন চতুষ্পাঠীত শিক্ষক জীৱনৰ পাতনি মেলি পৰৱৰ্তী পৰ্যয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগত ৰীডাৰ, অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত একেটা বিভাগৰ মুৰৰী অধ্যাপকৰূপে ২০০৪ চনত অৱসৰ গ্ৰহণ কৰে।

৯১ খন অসমীয়া আৰু দুখন ইংৰাজীসহ ৯৩ খন গ্ৰন্থৰে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে সাহিত্যৰ ভঁৰাল চহকী কৰা ডঃ শৰ্মাই সংস্কৃত, বৈদিক আৰু লৌকিক সাহিতাৰ চৰ্চাৰে অবিতৰ্কিত পাণ্ডিত্যৰ পৰিচয় দাঙি ধৰিছে।

তেওঁৰ উল্লেখযোগ্য সাহিত্যকৃতিৰ ভিতৰত আছে ‘The Bharadvejas in Ancient India’ প্ৰাচীন ভাৰতৰ ভৰদ্বাজসকল(অসমীয়া), অভিজ্ঞান শকুম্ভলম, মেঘদূতম, জাতক, কামৰূপ যাত্ৰা পদ্ধতি আদি । মহাভাৰতত লোকসাধু, বিদ্যাৰত্ন লাভৰ সাধু, সাধুকথাৰ সঁফুৰা, অমৰ কাহিনী, ৰূপকুমাৰৰ সাধু, ৰূপকোঁৱৰৰ সাধু বিদ্যাৰ্থীৰ মনোমহা সাধু আদিৰে তেওঁ শিশু সাহিত্যৰ ভঁৰালো সমৃদ্ধ কৰিছে।

ইপিনে, ২০২০ বৰ্ষৰ বাবে অসম প্রকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা লাভ কৰা ডঃ ৰমেশ পাঠক অসম তথা ভাৰতবৰ্ষৰে ভাষাতত্ব আৰু বৈয়াকৰণিক ক্ষেত্ৰখনত এটি সুপৰিচিত নাম।

১৯৪২চনৰ ৫ মে’ত নলবাৰী জিলাৰ টিহুত জন্মগ্ৰহণ কৰা ডঃ ৰমেশ পাঠকে ছাত্ৰাৱাস্থাৰে পৰা প্ৰচুৰ মেধাৰ পৰিচয় দিছে। টিহুৰ খলিহাগুৰি প্রাথমিক বিদ্যালয়ত শৈক্ষিক জীৱনৰ পাতনি মেলা ডঃ পাঠকে পৰৱৰ্তী পৰ্যায়ত নলবাৰী মহাবিদ্যালয়ৰ পৰা আই এ, কটন মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী অৰ্জন কৰে।

অৰণাচল প্ৰদেশৰ তেজুত বিদ্যালয়ৰ শিক্ষক ৰূপে কৰ্মজীৱন আৰম্ভ কৰা ডঃ পাঠকে অৰণাচলৰ জে এন কলেজতো অধ্যাপনা কৰে। ১৯৭০ চনত ঐতিহাসিক কটন মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰা ডঃ পাঠকে ইয়াৰ পৰাই অৱসৰ প্ৰহণ কৰে।

তেওঁ গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

ব্যায়াকৰণৰ নিখুঁট প্ৰয়োগেৰে অসমীয়া ভাষাক বিশুদ্ধ ৰূপত সমৃদ্ধ কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰা ডঃ পাঠকে প্রণয়ন কৰা সামগ্ৰিক অসমীয়া শব্দকোষ অসমীয়া ভাষাৰ প্ৰায়োগিক দিশৰ এখন গুৰুত্বপূৰ্ণ অভিধান।

তদুপৰি ভাষা বিজ্ঞানৰ ভূমিকা, অসমীয়া ভাষাৰ ইতিহাস, ব্যাকৰণ আৰু প্রকৃতি বিজ্ঞান, পূৰণি অসমীয়া ভাষাৰ ৰাপতত্ব, উপ-সংৰক্ষণ, সংবর্ধন আৰুসম্প্ৰচাৰ, নাটক আৰু নাটক, পুৰণি অসমীয়া সাহিত্যৰ সুবাস আদি গ্ৰন্থসমূহে অসমীয়া ভাষা-সাহিত্যৰ জেউতি চৰাইছে।

‘এটা সূৰ্য লাগে, ছন্দহাৰা পুথিৱীত শীৰ্ষক উপন্যাস দুখনেৰে সৃষ্টিশীল সাহিত্যকো তেওঁ সমৃদ্ধ কৰিছে।

উচ্চতৰ অসমীয়া ব্যাকৰণ হৈছে ডঃ পাঠকৰ জনা এক মহৎ কৃতি। ভাষাৰ তাত্বিক বিষয়ৰ গ্ৰন্থ ৰচনা কৰি অসমীয়া ভাষাক বিশুদ্ধ ৰূপ দিয়াৰ উপৰি অসমীয়া শব্দ-বিভক্তি, শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত, অসমীয়া ভাষাৰ বিকৃতি আৰু অন্যান্য, অসমীয়া ভাষাৰ বৰ্ণ বিভ্ৰাট আৰু অন্যান্য, অসমীয়া সাহিত্য কোন দিশে, অসমীয়া ভাষাৰ দুটা প্রৱাহঃ কল্পনা নে বাস্তৱ, চিন্তা-দুঃশ্চিন্তা, অসমীয়া শব্দৰ মূল নিৰ্ণয়ৰ সমস্যা, স্বৰাজোত্তৰ কালৰ অসমীয়া সাহিত্য, আধুনিক অসমীয়া ভাষাৰ প্রয়োগ আদি বহু চিন্তাগধূৰ নিবদ্ধৰে ডঃ পাঠকে ভাষা সাহিত্যক ঐশ্বৰ্যশালী কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

September 19, 2026 11:22 am
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ সংঘৰ্ষ, চিকিৎসক আৰু তিনিগৰাকী ছাত্ৰ আহত

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ সংঘৰ্ষ, চিকিৎসক আৰু তিনিগৰাকী ছাত্ৰ আহত

September 19, 2026 11:07 am
বহিঃৰাজ্যত আকৌ অসমৰ যুৱকৰ মৃত্যু  : কৰ্মস্থলীত হোৱা দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বঙাইগাঁৱৰ  দুই যুৱকে

বহিঃৰাজ্যত আকৌ অসমৰ যুৱকৰ মৃত্যু  : কৰ্মস্থলীত হোৱা দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বঙাইগাঁৱৰ  দুই যুৱকে

September 19, 2026 10:52 am
এবছৰে দেখা নাই, মাত শুনা নাই প্ৰাণৰ শিল্পীৰ! আজি লোকেলোকাৰণ্য জুবিন ক্ষেত্ৰ

এবছৰে দেখা নাই, মাত শুনা নাই প্ৰাণৰ শিল্পীৰ! আজি লোকেলোকাৰণ্য জুবিন ক্ষেত্ৰ

September 19, 2026 10:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

September 19, 2026 11:22 am
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ সংঘৰ্ষ, চিকিৎসক আৰু তিনিগৰাকী ছাত্ৰ আহত

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ সংঘৰ্ষ, চিকিৎসক আৰু তিনিগৰাকী ছাত্ৰ আহত

September 19, 2026 11:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd