• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনুমতি লৈহে দৃষ্টি ৰাজখোৱাই আত্মসমৰ্পণ কৰিছে : পৰেশ বৰুৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 12, 2020 1:07 pm
7.3k
VIEWS
Share on FacebookShare on Twitter

সংযুক্ত মুক্তি বাহিনী অসম(স্বাধীন) চমুকৈ আলফা(স্বা)ৰ উপ মুখ্য সেনাধক্ষ্য দৃষ্টি ৰাজখোৱাই আত্মসমৰ্পণ কৰা সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংগঠনটোৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱাই।

দৃষ্টি ৰাজখোৱাই সংগঠনৰ অনুমতি লৈহে আত্মসমৰ্পণ কৰিছে বুলি আজি পৰেশ বৰুৱাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

‘মেঘালয়ৰ এটা অঞ্চলত সুৰক্ষা বাহিনীয়ে দৃষ্টি ৰাজখোৱাক প্ৰায় এসপ্তাহলৈকে ঘেৰাও কৰি ৰাখিছিল আৰু শেষলৈকে খাদ্য সামগ্ৰীৰ তীব্ৰ নাটনি হৈছিল’, এইদৰে নেতাগৰাকীৰ আত্মসমৰ্পণ সন্দৰ্ভত পৰেশ বৰুৱাই কয়।

এই সময়ছোৱাত দৃষ্টিয়ে সংগঠনৰ শীৰ্ষ নেতৃত্বৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল আৰু তেওঁ সুৰক্ষা বাহিনীৰ সৈতে যুঁজ দি আত্মহত্যা কৰাৰো চিন্তা চৰ্চা কৰিছিল বুলি পৰেশ বৰুৱাই উল্লেখ কৰে।

বৰুৱাই লগতে কয় যে আমি সকলোবোৰ দিশ চালি জাৰি চায় উপায়হীন হোৱাতহে তেওঁক আত্মসমৰ্পণ কৰিবলৈ কও আৰু শেষত কেন্সাৰত আক্ৰান্ত পত্নীৰ শাৰিৰীক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিহে দৃষ্টি ৰাজখোৱাই আত্মসমৰ্পণ কৰিবলৈ মান্তি হয়।

আলফা(স্বা)ত দৃষ্টি ৰাজখোৱাৰ অৰিহনা পাহাৰসদৃশ বুলি মন্তব্য কৰি পৰেশ বৰুৱাই তেওঁক মানৱতা দৃষ্টিভংগীৰে চাই আত্মসমৰ্পণৰ অনুমতি প্ৰদান কৰা বুলি তাৎপৰ্যপূৰ্ণমূলক মন্তব্য কৰে।

উল্লেখ্য যে, বুধবাৰে আলফা(স্বা)ৰ মুখ্য সেনাধক্ষ্য তথা উপ সভাপতি পৰেশ অসমৰ অতি ঘনিষ্ঠ দুধৰ্ষ নেতা দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাই আত্মসমৰ্পণ কৰিছিল।

তেওঁ মেঘালয়ৰ দক্ষিণ গাৰো হিলছ জিলাৰ ব’লব’গক্ৰে গাঁৱত মেঘালয় আৰক্ষী আৰু  এছএফ-10 কামাণ্ডৰ ওচৰত অন্য চাৰিজন সতীৰ্থসহ আত্মসমৰ্পণ কৰে।

উল্লেখণীয় যে পৰেশ বৰুৱাই সংগঠনটোৰ অসমৰ পশ্চিম অঞ্চলৰ গতি বিধি ৰাজখোৱাৰ ওপৰত নিৰ্ভৰ কৰিয়েই চলি আছিল।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd