জালুকবাৰীত এখন যাত্ৰীবাহী ট্ৰেভেলাৰ গাড়ীয়ে গুৱাহাটী যান-বাহন আৰক্ষী শাখাৰ এজন কৰ্তব্যৰত আৰক্ষীক গাড়ীৰ সন্মুখত উঠাই লৈ গৈ হত্যাৰ চেষ্টা কৰাৰ এটা ভাইৰেল ভিডিঅ’ই এতিয়া ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনাৰ বিবৰণী মতে, সোমবাৰে জালুকবাৰীৰ হজ ভৱনৰ সন্মুখত কৰ্তব্যৰত যান-বাহন শাখাৰ পৰাগ চাং কাকতি নামৰ এজন আৰক্ষীয়ে ন’ পাৰ্কি স্থানত ৰাখি থোৱা এখন ট্ৰেভেলাৰ গাড়ীক সেই স্থানৰ পৰা আঁতৰাই পঠাবলৈ যোৱাৰ সময়তে গাড়ীখনে আৰক্ষীগৰাকীক বিপদজনক ভাবে খুন্দিয়াবলৈ আহে।
আকস্মিক ঘটনাত বিতত হৈ পৰা আৰক্ষীজনে নিজক বচোৱাৰ বাবে গাড়ীখনৰ সন্মুখভাগত ধৰোতে চালকজনে গাড়ীখন চলাই আৰক্ষীজনক ওলোমাই লৈ যায়। বিপদজনক অৱস্থাত কোনোৰকমে নিজক চম্ভালি চিঞৰ বাখৰ কৰাত প্ৰায় এক কিলোমিটাৰ মান দূৰত্ব অতিক্ৰম কৰি জালুকবাৰীৰ অভিযান্ত্ৰিক বিদ্যালয়লৈ যোৱা পথৰ সন্মুখভাগত আৰক্ষীজনক নমাই গাড়ীখনে পলায়ন কৰে।
আনহাতে, কৰ্তব্যৰত আৰক্ষীজনে গাড়ীখনৰ নম্বৰটো লিখি লৈ জালুকবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত মঙলবাৰে আৰক্ষীয়ে গাড়ীখন আটক কৰে।
ৰাস্তাই ঘাটে জনসাধাৰণ দূৰৰ কথা স্বয়ং আৰক্ষীৰ এনে অৱস্থাই সাধাৰণ জনসাধাৰণক চিন্তাত পেলাইছে।