প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওপৰেৰে উৰি আছিল এখন ড্ৰোন। ৰহস্যজনক গতিবিধি দৃষ্টিগোচৰ হোৱাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। ৰহস্যময় ড্ৰোনখন ট্ৰেক কৰাৰ চেষ্টা কৰা হৈছে।
দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি, সোমবাৰে পুৱা প্ৰায় পাঁচ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসভৱনৰ ওপৰেৰে এখন ড্ৰোন উৰি থকা দেখা গৈছিল। তাৰ পিছত চাঞ্চল্য বিয়পি পৰে।
জানিব পৰা মতে, প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিশেষ সুৰক্ষা গোটৰ বিষয়াসকলে ৰাতিপুৱা পাঁচ বজাৰ আশে পাশে এই ৰহস্যজনক ড্ৰোনখন দেখিছিল। তেওঁলোকে লগে লগে দিল্লী আৰক্ষীক খবৰ দিয়ে।
লগতে পঢ়ক: অসমৰ সংগীত জগতত নক্ষত্ৰ পতন; বিশিষ্ট কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ দেহাৱসান
খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। ইতিমধ্যে ৰহস্যজনক ড্ৰোনখনৰ ট্ৰেকিং আৰম্ভ হৈছে। অৱশ্যে এই পৰ্যন্ত ড্ৰোনখনৰ কোনো সন্ধান পোৱা হোৱা নাই।
দিল্লী আৰক্ষীয়েও এক বিবৃতি প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰী মোদীৰ বাসভৱনৰ ওপৰত এটা ৰহস্যজনক উৰণীয়া বস্তু দেখা গৈছে। চাৰিওফালৰ অঞ্চলত তালাচী চলোৱা হয় যদিও ড্ৰোনখনৰ কোনো তথ্য পোৱা হোৱা নাই। এয়াৰ ট্ৰেফিক কন্ট্ৰ’লক এই বিষয়ে অৱগত কৰা হৈছে। তেওঁলোকেও কোনো উৰণীয়া বস্তুৰ সন্ধান পোৱা নাই।
লগতে পঢ়ক: ‘অসমৰ মুখ্যমন্ত্ৰীয়ে মণিপুৰত মূৰ নুসুমোৱাই ভাল’; হিমন্ত বিশ্ব শৰ্মাক সমালোচনা চিদাম্বৰমৰ
উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ বাবে তেওঁৰ বাসভৱন ৰেড ন’ ফ্লাই জ’নৰ অধীনত আছে। প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওপৰেৰে যেনেকৈ কোনো বিমান উৰিব নোৱাৰে, তেনেকৈ কোনো ড্ৰোনো উৰাব নোৱাৰি।