বঙাইগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি হাপাচাৰাত এক ড্ৰাগছ বিৰোধী অভিযান চলায় ৷ এই অভিযানত আৰক্ষীয়ে ইনামূল হক নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক ড্ৰাগছসহ আটক কৰে ৷ আৰক্ষীয়ে আটকাধীন ইনামূল হকৰ পৰা ২০ টা ড্ৰাগছ ভৰ্তি সৰু কণ্টেইনাৰ আৰু ২ টা ডাঙৰ কন্টেইনাৰ উদ্ধাৰ কৰাৰ লগতে এখন মটৰ চাইকেল আৰু এটা মোবাইল জব্দ কৰে ৷
উদ্ধাৰ কৰা ড্ৰাগছৰ পৰিমাণ ৩৯.৫৬ গ্ৰাম হ’ব ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে ধৃত ইনামূল হক পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল ৷ ইনামূল হকক কাচাৰৰ কোনো লোকে আহি ড্ৰাগছ দি থৈ যায় ৷ আৰক্ষীয়ে ধৃত ড্ৰাগছ ব্যৱসায়ীজনক জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে হাপাচাৰাৰ এখন লাইন হোটেলৰ পৰা আৰক্ষীয়ে আটক কৰে ইনামূলক ৷
দীৰ্ঘদিন ধৰি বঙাইগাঁও আৰক্ষীৰ মূৰৰ কামোৰণী হৈ আছিল ইনামূল হক নামৰ ড্ৰাগছ ব্যৱসায়ীজন ৷ ইপিনে বঙাইগাঁও আৰক্ষীয়ে জিলাখনৰ গৰাইমাৰীৰ সিং ধাবাত আন এক সফল অভিযান চলায় ৷ এই অভিযানত ৰহিম আলী নামৰ এজন ব্যক্তিক অবৈধ আফিংসহ কৰায়ত্ত কৰে ৷
ধৃত ৰহিম আলীৰ পৰা আৰক্ষীয়ে ২২.৭০ গ্ৰাম পৰিমাণৰ আফিং জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে নগদ ২ লাখ ৯৪ হাজাৰ ৭৭০ টকা উদ্ধাৰ কৰে ৷ গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে ধাবাখনত চলাইছিল অভিযান ৷ সম্প্ৰতি ইনামূল আৰু ৰহিমক বঙাইগাঁও সদৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷