NORTHEAST NOW (Assamese)

নুমলীগড়ত ড্ৰাগছ ব্যৱসায়ীৰ ঘৰৰ পৰা লক্ষাধিক টকাৰ ব্ৰাউন চুগাৰ উদ্ধাৰ : এখন ইণ্ডিকা জব্দ

August 20, 2018 8:03 am · উত্তম শইকীয়া
ড্রাগছ ব্যৱসায়ী চিৰাজ আহমেদৰ ই্ণ্ডিকাৰ পৰা উদ্ধাৰ হোৱা ড্ৰাগছখিনি। ফটো : নৰ্থইষ্ট নাও

বোকাখাত আৰক্ষীয়ে দেওবাৰে ড্ৰাগচ ব্যৱসায়ৰ সৈতে জড়িত নুমলীগড়ৰ ছিৰাজ আহমেদৰ ঘৰত তালাচী চলায় ৷ আৰক্ষীয়ে ঘৰৰ ভিতৰত একো নাপালেও ছিৰাজ আহমেদে  ব্যৱহাৰ কৰা এ এছ ০৩ এইছ ৬৯২৯ নম্বৰৰ ইণ্ডিকা গাড়ীখনৰ চিটৰ ভিতৰৰ এটা চাদা টেমাৰ পৰা প্ৰায় লক্ষাধিক টকাৰ ব্ৰাউন চুগাৰ, ব্ৰাউন চুগাৰত ব্যৱহাৰ কৰা কাগজ আৰু দুটা লাইটাৰ উদ্ধাৰ কৰাৰ লগতে ইণ্ডিকা গাড়ীখনো জব্দ কৰে ৷

আৰক্ষীয়ে বাউন চুগাৰখিনিৰ বজাৰ মূল্য প্ৰায় লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে ৷ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত মূল অভিযুক্ত ছিৰাজ আহমেদক আৰক্ষীয়ে আটক কৰিছে যদিও ছিৰাজৰ দুই অন্যতম সহযোগী চিদ্দিক আলি আৰু ইকবাল গাজীক এতিয়াও আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই।

উল্লেখযোগ্য যে যোৱা ১৭ আগষ্টত বোকাখাত মহকুমাৰ নুমলীগড়ত নিশা স্থানীয় ৰাইজে ড্ৰাগছৰ চোৰাং বেহাৰ সৈতে জড়িত ছিৰাজ আহমেদক ড্ৰাগছ আসক্ত প্ৰিয়াংকু তাঁতী নামৰ আন এজন যুৱকক ড্ৰাগছ বিক্ৰী কৰি থকা সময়তে হাতেলোটে ধৰি আৰক্ষীক গতাই দিছিল ৷

আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ ব্যৱসায়ী চিৰাজ আহমেদৰ ড্ৰাগছ ৰখা ইণ্ডিকাখন। ফটো : নৰ্থইষ্ট নাও

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি যোৱা ১৮ আগষ্টত ছিৰাজ আহমেদক আদালতত হাজিৰ কৰোৱাৰ পাছত ছিৰাজক আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে আৰু তাৰ পাছতেই দেওবাৰে আৰক্ষীয়ে অভিযান চলাই উক্ত ড্ৰাগছৰ লগতে ইণ্ডিকা গাড়ীখন জব্দ কৰে।

আনহাতে, দেওবাৰে বিয়লি নুমলীগড় নাট্য মন্দিৰত ড্ৰাগছ ব্যৱসায় প্ৰতিৰোধৰ বাবে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ সভাত সকলোৱে একেমুখে নুমলীগড়ৰ পৰা ড্ৰাগছৰ ঘাটী উচ্ছেদ কৰাৰ সংকল্প গ্ৰহণ কৰে ৷

উক্ত সভাত উপস্থিত থাকি বোকাখাত থানাৰ আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তই ড্ৰাগছৰ ব্যৱসায় বন্ধ কৰা আৰু ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা বিচাৰি আহ্বান জনায় ৷

সভাখনত উপস্থিত থকা সকলোৱে ড্ৰাগছ সৰবৰাহকাৰী ছিৰাজ আহমেদ বা আন সকল যাতে আইনৰ সুৰুঙাৰে ওলাই আহিব নোৱাৰে আৰু দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি লাভ কৰে তাৰ বাবে দাবী জনায় ৷

Related News