ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা শৃংখলাৰ তৃতীয়খন টেষ্টত পুনৰবাৰ ‘বান্দৰ বিতৰ্ক’ই মুৰ দাঙি উঠিছে।
ছিডনীত চলি থকা তৃতীয়খন টেষ্টৰ তৃতীয় দিনৰ খেলৰ অন্তত ভাৰতীয় দলৰ বেগী বলাৰ জাচপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজক এগৰাকী অষ্ট্ৰেলিয়ান সুৰাসক্ত সমৰ্থকে বান্দৰ বুলি কোৱাক কেন্দ্ৰ কৰি বিতৰ্কৰ সূত্ৰপাত হৈছে।
ভাৰতীয় ক্ৰিকেটাৰ দুগৰাকীক ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত সমৰ্থক গৰাকীয়ে বান্দৰ বুলি কোৱাক কেন্দ্ৰ কৰি ভাৰতীয় দলীয় মেনেজমেণ্টে এক অভিযোগ পঞ্জীয়নভূক্ত কৰিছে।
তৃতীয় দিনৰ খেলৰ সমাপ্তিৰ পাছতে ষ্টেডিয়ামত উপস্থিত থকা আই চি চিৰ বিষয়া আৰু ষ্টেডিয়াম সুৰক্ষা বিষয়া সকলে ভাৰতীয় দলীয় মেনেজমেণ্টৰ সৈতে দীৰ্ঘ সময়ধৰি আলোচনা কৰে।
উল্লেখযোগ্য যে, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ খেলৰ সময়ত ‘বান্দৰ’ এক পুৰণি বিতৰ্ক।
পূৰ্বৰ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ এণ্ড্ৰিউ ছাইমণ্ডক হৰভজন সিঙে বান্দৰ বুলি কোৱাৰ অভিযোগ উত্থাপন হৈছিল।
এই সন্দৰ্ভত আই চি চিয়ে শচীন টেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড় আদিৰ দৰে জেষ্ঠ ভাৰতীয় ক্ৰিকেট দলৰ সদস্যৰ পৰা মতামত গ্ৰহণ কৰিছিল।