• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত ক’ভিড-১৯-ৰ প্ৰতিষেধকৰ ‘ড্ৰাই ৰান’ৰ সফল সমাপ্তি

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , January 9, 2021 6:52 am

2 min read

IMG-20210108-WA0020

ফটো: নৰ্থইষ্ট নাও।

194
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাত শুকুৰবাৰে ক’ভিড-১৯ প্ৰতিষেধক প্ৰদানৰ ‘ড্ৰাই ৰান’ কাৰ্যসূচীৰ সফল সামৰণি পৰে।

এই ড্ৰাই ৰান অনুশীলন জিলাখনৰ চাৰিটাকৈ স্বাস্থ্য সেৱা প্ৰতিষ্ঠান, ক্ৰমে- শিৱসাগৰ অসামৰিক চিকিৎসালয়, উড নগৰীয়া স্বাস্থ্য কেন্দ্ৰ, স্বৰ্গদেউ চুকাফা মাল্টি-স্পেচিয়েলিটি চিকিৎসালয় আৰু খেলুৱা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পুৱা ৯ বজাৰ পৰা দিনৰ ১১ বজালৈ সম্পন্ন কৰা হয়।

প্ৰতিখন স্বাস্থ্য সেৱা প্ৰতিষ্ঠানত ২৫ গৰাকীকৈ মুঠ ১০০ গৰাকী হিতাধিকাৰীক এই অনুশীলনত সাঙুৰি লোৱা হয়। এই হিতাধিকাৰীসকল মূলতঃ স্বাস্থ্য সেৱাৰ লগত জড়িত লোক যেনে চিকিৎসক, নাৰ্চ, লেব টেকনিচিয়ান, আশাকৰ্মী, আংগনবাড়ী কৰ্মীক আগতীয়াকৈ নিৰ্বাচিত কৰা হৈছিল আৰু তেওঁলোকে এই অনুশীলনত হিতাধিকাৰী হিচাপে অংশগ্ৰহণ কৰে৷

এই অনুশীলনৰ অংশস্বৰূপে ক’ভিড ভেকচিন পৰিবহণ, ভেকচিন প্ৰদান কৰাৰ পাছত CoWIN পৰ্টেলত তথ্য আপলোড কৰা লৈকে কৰিবলগীয়া সম্পূৰ্ণ প্ৰক্ৰিয়াৰ পূৰ্ণকালীন অনুশীলন সম্পন্ন কৰা হয় ৷ একেদৰে, স্বাস্থ্য কেন্দ্ৰত হিতাধিকাৰী সকলে মানি চলিবলগীয়া ক’ভিড প্ৰটকল যেনে হাত ধোৱা, মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে ল’বলগীয়া ব্যৱস্থা উপলব্ধ কৰোৱা হয়৷

শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই স্থানীয় উড নগৰীয়া স্বাস্থ্য কেন্দ্ৰত চলি থকা অনুশীলনৰ সময়ত উপস্থিত হৈ সমগ্ৰ প্ৰক্ৰিয়াৰ বুজ লয়৷ উপায়ুক্ত গৰাকীৰ লগত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত চন্দনা বৰুৱাও উপস্থিত থাকে।

জিলা উপায়ুক্ত গৰাকীয়ে অনুশীলনৰ অন্তত স্বাস্থ্য বিভাগৰ বিষয়ববীয়াৰ সৈতে উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলা টাস্ক ফৰ্চৰ এখন বৈঠকতো মিলিত হয় আৰু সমগ্ৰ জিলাত সম্পন্ন হোৱা অনুশীলনৰ লগতে স্বাস্থ্য বিভাগৰ বিভিন্ন কাম-কাজৰ বিষয়ে বিস্তৃত ভাৱে বুজ লয়৷

Tags: COVID-19

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd