Jio Hotstarৰ নতুন মালিকীস্বত্ব এতিয়া দুই শিশুৰ হাতত; জানেনে তেওঁলোকৰ পৰিচয়?
জিঅ’ হটষ্টাৰ ডট কম ডমেইনটো এতিয়া আৰৱ আমিৰ শ্বাহীৰ দুগৰাকী বাসিন্দা জৈনাম আৰু জীৱিকা জৈনৰ হাতলৈ গ’ল। ৱেবছাইটটোৰ লেণ্ডিং পেজত এই ভাতৃ-ভগ্নীক আদৰণি জনাই লিখা হৈছে, তেওঁলোকে এই ডমেইনটো ক্ৰয় কৰিছে যুৱ চফটৱেৰ ডেভেলপাৰক সহায় কৰিবলৈ। ছাইটটোত দুই ভাতৃ-ভগ্নীৰ এখন চিঠি প্ৰকাশ পাইছে।
কোৱা হৈছে যে আমি এতিয়া সৰু হ’লেও বয়স মাথোঁ এটা সংখ্যা। আমি গ্ৰীষ্মকালীন ছুটীত ডুবাইৰ পৰা ভাৰত ভ্ৰমণ কৰি আহিছো। আমাৰ মিছন আছিল জীৱনৰ সকলো স্তৰৰ শিশুৰ সৈতে সংযোগ স্থাপন কৰা, আমাৰ শিক্ষণৰ প্ৰতি থকা ভালপোৱা শ্বেয়াৰ কৰা, পঢ়াৰ দক্ষতা শিকোৱা আৰু ডাঙৰ সপোন দেখাৰ বাবে অনুপ্ৰাণিত কৰা।
আমি আনকো অনুপ্ৰাণিত কৰিব বিচাৰো আৰু ভৱিষ্যতে এই ইতিবাচক অভিযান আগবঢ়াই নিব বিচৰাসকলৰ বাবে এই ডমেইনটো মুকলি কৰি ৰাখিব বুলি আশা কৰিছো। জনা যায় যে ডমেইনটো ক্ৰয় কৰিবলৈ দিয়া ধনৰাশি অতি সামান্য।
লগতে পঢ়কঃ ডুৰাণ্ডৰ পিছত লক্ষ্য আই এছ এল; পাৰ্থিৱ গগৈক লৈ সপোন দেখিছে প্ৰশিক্ষক পেড্ৰ’ বেনালিয়ে
দিল্লীস্থিত এগৰাকী এপ ডেভেলপাৰ এই জিঅ’ হটষ্টাৰ ডমেইনটোৰ মালিক। ছচিয়েল মিডিয়াত তেওঁৰ উচ্চ শিক্ষাৰ বাবে ধন সংগ্ৰহ কৰিছে। উচ্চ শিক্ষাৰ বাবে জিঅ’ হটষ্টাৰৰ ডমেইন বিক্ৰী কৰাৰ সিদ্ধান্তৰ বাবে তেওঁক প্ৰশংসা কৰা হৈছে।