• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ওজন কমাবলৈ অকলেই এশ পাচলিৰ কাম কৰে ফুলকবিয়ে; জানি লওক কিদৰে খাব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 28, 2024 1:04 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওজন অধিক বাঢ়িলেই সমস্যা! ইয়াৰ বাবে শৰীৰত ডায়েবেটিছ, উচ্চ চাপ, কলেষ্টেৰলৰ পৰা একাধিক জটিল ৰোগে বাহ ল’ব পাৰে। গতিকে যিমান পাৰি সোনকালে ওজন কমাবলৈ চেষ্টা কৰিব লাগে। আৰু সেই কামত সফলতা লাভ কৰিব বিচাৰিলে প্ৰথমে তেল আৰু মছলাযুক্ত খাদ্য খোৱা বন্ধ কৰিব লাগিব। তাৰ পৰিৱৰ্তে আপুনি আমাৰ সুপৰিচিত ফুলকবিৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। তাৰ পৰা আপুনি উপকৃত হ’ব।

এইবাৰ আপুনি প্ৰশ্ন কৰিব পাৰে, ফুলকবিয়ে ওজন কমাবলৈ ঠিক কেনেকৈ সহায় কৰে? তাৰ উত্তৰ জানিবলৈ এই লেখাটো পঢ়ি চাওক। তাৰ পিছত সোনকালেই আপুনিও এই পাচলি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব।

ওজন কমাবলৈ অকলে কৰে এশ পাচলিৰ কাম

এই পাচলি বিধৰ কেলৰি মান অতি কম। ১ কাপ ফুলকবি খালে মাত্ৰ ২৭ কেলৰি পোৱা যায়। ফলত ওজন বৃদ্ধিৰ কোনো আশংকা নাথাকে। কেৱল এয়াই নহয়, এই পাচলিত ভাল পৰিমাণে ফাইবাৰ থাকে। আৰু এই উপাদানে পেটটো ভৰপূৰ কৰি ৰখাত সহায় কৰে। যাৰ বাবে ভোক কম হয়। আৰু কোৱা বাহুল্য যে সামান্য পৰিমাণে খালেই সহজেই ওজন কমাব পাৰি! গতিকে সোনকালে চৰ্বি কমাবলৈ এই পাচলি খাবলৈ আৰম্ভ কৰক।

Apply Now

কেনেকৈ খাব?

যদি আপুনি সুফল পাব বিচাৰে তেন্তে ভজা ফুলকবি খাব নালাগে। আনকি এই পাচলি বেছিকৈ তেল দি ৰান্ধিলেও আপোনাৰ একো লাভ নহ’ব। তাৰ পৰিৱৰ্তে এই পাচলি সামান্য তেল, মছলা, নিমখ মিহলোৱা ব্যঞ্জন খাবলৈ আৰম্ভ কৰক। তেতিয়া সহজে সমস্যাৰ পৰা হাত সাৰিব পাৰিব।

কিন্তু কেৱল ওজন হ্ৰাস কৰাই নহয়, ইয়াৰ উপৰিও ফুলকবিৰ একাধিক উপকাৰ আছে। চাও আহক সেইবোৰনো কি।

কৰ্কট ৰোগ দূৰত থাকিব

এই পাচলিত এন্টিঅক্সিডেন্ট ইণ্ডোল-৩-কাৰ্বনাইল থাকে। আৰু এই এন্টিঅক্সিডেন্টে স্তন আৰু প্ৰজনন কেন্সাৰৰ সমস্যাৰ পৰা হাত সাৰিবলৈ সহায় কৰে। কেৱল সেয়াই নহয়, ইয়াত জমা হৈ থকা ছালফ’ৰাফেন নামৰ চালফাৰৰ দৰে পদাৰ্থই মেলানোমা, খাদ্যনলী, প্ৰষ্টেটকে ধৰি একাধিক কৰ্কট ৰোগৰ সম্ভাৱনাৰ পৰা হাত সাৰিবলৈও সহায় কৰে। সেয়ে, সময় নষ্ট নকৰি নিয়মিতভাৱে এই পাচলি খাবলৈ আৰম্ভ কৰক।

হাড়ৰ শক্তি বাঢ়িব

হাড়বোৰ আজিকালি অতি কম বয়সৰ পৰাই দুৰ্বল হৈ পৰিছে। পিছ লৈছে বাতবিষে। কিন্তু চিন্তা নকৰিব, নিয়মিতভাৱে ফুলকবি খালে হাড়ৰ শক্তি সহজে বৃদ্ধি কৰিব পাৰি। কাৰণ, এই পাচলিত ভিটামিন কেৰ ভঁৰাল থাকে। আৰু এই ভিটামিনে হাড় মজবুত কৰাত সহায় কৰে। কেৱল সেয়াই নহয়, ইয়াত জমা হৈ থকা কিছুমান এন্টিঅক্সিডেন্টে প্ৰদাহ কমায়। ফলত বাত ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কমি যায়। গোটেই জীৱন ভৰিৰ ওপৰত নিৰ্ভৰ কৰি চলাফুৰা কৰিব পাৰে।

স্মৃতিশক্তি বৃদ্ধি কৰে

স্মৃতিশক্তি বৃদ্ধি কৰিব বিচাৰিলে নিয়মিতভাৱে ফুলকবি খাব পাৰে। কাৰণ, এই কবিত অতি উপযোগী কলিন থাকে। এই উপাদানটোৱে মগজুক সঠিকভাৱে কাম কৰাত সহায় কৰে। স্মৃতিশক্তি শক্তিশালী কৰাৰ ক্ষেত্ৰতো ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কেৱল সেয়াই নহয়, কলিনৰ বাবে পেশীৰ গতিবিধিও উন্নত হয়।  নিয়মিতভাৱে এই শাক-পাচলি খাবলৈ নাপাহৰিব! আশা কৰো যে ই উপযোগী হ’ব।

(লেখাটো সজাগতা সৃষ্টিৰ বাবে আগবঢ়োৱা হৈছে। কোনো ৰোগ হ’লে প্ৰথমতে ডাক্টৰৰ পৰামৰ্শ লোৱাটো জৰুৰী)।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd