• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ওজন কমাবলৈ অকলেই এশ পাচলিৰ কাম কৰে ফুলকবিয়ে; জানি লওক কিদৰে খাব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 28, 2024 1:04 pm
5.4k
VIEWS
Share on FacebookShare on Twitter

ওজন অধিক বাঢ়িলেই সমস্যা! ইয়াৰ বাবে শৰীৰত ডায়েবেটিছ, উচ্চ চাপ, কলেষ্টেৰলৰ পৰা একাধিক জটিল ৰোগে বাহ ল’ব পাৰে। গতিকে যিমান পাৰি সোনকালে ওজন কমাবলৈ চেষ্টা কৰিব লাগে। আৰু সেই কামত সফলতা লাভ কৰিব বিচাৰিলে প্ৰথমে তেল আৰু মছলাযুক্ত খাদ্য খোৱা বন্ধ কৰিব লাগিব। তাৰ পৰিৱৰ্তে আপুনি আমাৰ সুপৰিচিত ফুলকবিৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। তাৰ পৰা আপুনি উপকৃত হ’ব।

এইবাৰ আপুনি প্ৰশ্ন কৰিব পাৰে, ফুলকবিয়ে ওজন কমাবলৈ ঠিক কেনেকৈ সহায় কৰে? তাৰ উত্তৰ জানিবলৈ এই লেখাটো পঢ়ি চাওক। তাৰ পিছত সোনকালেই আপুনিও এই পাচলি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব।

ওজন কমাবলৈ অকলে কৰে এশ পাচলিৰ কাম

এই পাচলি বিধৰ কেলৰি মান অতি কম। ১ কাপ ফুলকবি খালে মাত্ৰ ২৭ কেলৰি পোৱা যায়। ফলত ওজন বৃদ্ধিৰ কোনো আশংকা নাথাকে। কেৱল এয়াই নহয়, এই পাচলিত ভাল পৰিমাণে ফাইবাৰ থাকে। আৰু এই উপাদানে পেটটো ভৰপূৰ কৰি ৰখাত সহায় কৰে। যাৰ বাবে ভোক কম হয়। আৰু কোৱা বাহুল্য যে সামান্য পৰিমাণে খালেই সহজেই ওজন কমাব পাৰি! গতিকে সোনকালে চৰ্বি কমাবলৈ এই পাচলি খাবলৈ আৰম্ভ কৰক।

কেনেকৈ খাব?

যদি আপুনি সুফল পাব বিচাৰে তেন্তে ভজা ফুলকবি খাব নালাগে। আনকি এই পাচলি বেছিকৈ তেল দি ৰান্ধিলেও আপোনাৰ একো লাভ নহ’ব। তাৰ পৰিৱৰ্তে এই পাচলি সামান্য তেল, মছলা, নিমখ মিহলোৱা ব্যঞ্জন খাবলৈ আৰম্ভ কৰক। তেতিয়া সহজে সমস্যাৰ পৰা হাত সাৰিব পাৰিব।

কিন্তু কেৱল ওজন হ্ৰাস কৰাই নহয়, ইয়াৰ উপৰিও ফুলকবিৰ একাধিক উপকাৰ আছে। চাও আহক সেইবোৰনো কি।

কৰ্কট ৰোগ দূৰত থাকিব

এই পাচলিত এন্টিঅক্সিডেন্ট ইণ্ডোল-৩-কাৰ্বনাইল থাকে। আৰু এই এন্টিঅক্সিডেন্টে স্তন আৰু প্ৰজনন কেন্সাৰৰ সমস্যাৰ পৰা হাত সাৰিবলৈ সহায় কৰে। কেৱল সেয়াই নহয়, ইয়াত জমা হৈ থকা ছালফ’ৰাফেন নামৰ চালফাৰৰ দৰে পদাৰ্থই মেলানোমা, খাদ্যনলী, প্ৰষ্টেটকে ধৰি একাধিক কৰ্কট ৰোগৰ সম্ভাৱনাৰ পৰা হাত সাৰিবলৈও সহায় কৰে। সেয়ে, সময় নষ্ট নকৰি নিয়মিতভাৱে এই পাচলি খাবলৈ আৰম্ভ কৰক।

হাড়ৰ শক্তি বাঢ়িব

হাড়বোৰ আজিকালি অতি কম বয়সৰ পৰাই দুৰ্বল হৈ পৰিছে। পিছ লৈছে বাতবিষে। কিন্তু চিন্তা নকৰিব, নিয়মিতভাৱে ফুলকবি খালে হাড়ৰ শক্তি সহজে বৃদ্ধি কৰিব পাৰি। কাৰণ, এই পাচলিত ভিটামিন কেৰ ভঁৰাল থাকে। আৰু এই ভিটামিনে হাড় মজবুত কৰাত সহায় কৰে। কেৱল সেয়াই নহয়, ইয়াত জমা হৈ থকা কিছুমান এন্টিঅক্সিডেন্টে প্ৰদাহ কমায়। ফলত বাত ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কমি যায়। গোটেই জীৱন ভৰিৰ ওপৰত নিৰ্ভৰ কৰি চলাফুৰা কৰিব পাৰে।

স্মৃতিশক্তি বৃদ্ধি কৰে

স্মৃতিশক্তি বৃদ্ধি কৰিব বিচাৰিলে নিয়মিতভাৱে ফুলকবি খাব পাৰে। কাৰণ, এই কবিত অতি উপযোগী কলিন থাকে। এই উপাদানটোৱে মগজুক সঠিকভাৱে কাম কৰাত সহায় কৰে। স্মৃতিশক্তি শক্তিশালী কৰাৰ ক্ষেত্ৰতো ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কেৱল সেয়াই নহয়, কলিনৰ বাবে পেশীৰ গতিবিধিও উন্নত হয়।  নিয়মিতভাৱে এই শাক-পাচলি খাবলৈ নাপাহৰিব! আশা কৰো যে ই উপযোগী হ’ব।

(লেখাটো সজাগতা সৃষ্টিৰ বাবে আগবঢ়োৱা হৈছে। কোনো ৰোগ হ’লে প্ৰথমতে ডাক্টৰৰ পৰামৰ্শ লোৱাটো জৰুৰী)।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd