• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰা উপাধিৰ প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষৰ নেতাৰ কু-কীৰ্তিৰ কাহিনী বখানিলে দুলুৱে : চাওক llVideoll

বৰা উপাধিধাৰীয়ে নিজৰ ব্যক্তিগত প্ৰমোদৰ বাবে ব্যৱহাৰ কৰিছে কংগ্ৰেছক : দুলু আহমেদৰ বিস্ফোৰণ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 23, 2020 6:52 pm
107860472_1304459886571914_3076390123029479196_n
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২২ বছৰে কংগ্ৰেছ কৰি অৱশেষত দলীয় নেতৃত্বৰ লগত সংঘাতৰ পৰিণতিত দল এৰিলে দুলু আহমেদে।

শেহতীয়াকৈ যোৱা ২০ আগষ্ট দিনা ৰিপুন বৰাই দুলু আহমেদৰ বিৰুদ্ধে হত্যাৰ ভাবুকি দিয়া বুলি গুৰুতৰ অভিযোগ তুলি দিছপুৰ থানাত গোচৰ ৰুজু কৰিছিল।

Apply Now

তাৰ পাছতে কালি নিশা কংগ্ৰেছৰ হাই কামাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰি দলৰ পৰা পদত্যাগ কৰে দুলু আহমেদে।

আজি কেৱল উপাধি উল্লেখৰে কংগ্ৰেছৰ দলীয় নেতৃত্বৰ চৰিত্ৰৰ আখ্যানৰে উত্থাপন কৰি বিস্ফোৰক সংবাদমেল সম্বোধন কৰে ভঙাগৰস্থিত হোটেল প্লাজা ইনত।

প্ৰথমতে তিনিচুকীয়াৰ এটি ঘটনা উল্লেখ কৰি দুলু আহমেদে কয় ‘তিনিচুকীয়া জিলাত এৰ’মানিক ক্ৰ’মা নামৰ এখন হোটেলত বৰা উপাধিৰ শীর্ষ নেতাজনৰ নেতৃত্বত বাহৰ পাতিছিলো। মহিলা প্ৰদেশ কংগ্ৰেছৰ এগৰাকী শীৰ্ষ নেত্ৰীও তাত উপস্থিত আছিল। নিশা ১ বজাৰ পৰা ৩ বজালৈ তেওঁক যি অত্যাচাৰ চলোৱা হ’ল, সেই মহিলাগৰাকীয়ে ভয়ত আহি মোৰ কোঠাৰ দৰ্জা ঢকিয়াইছিল আৰু ভয়ত কৈছিল বৰা নামৰ নেতাজনে তেওঁক অত্যাচাৰ কৰিছে।‘

‘মোৰ কোঠাত প্ৰদেশ কংগ্ৰেছৰ সঞ্জু বৰুৱা আৰু ইমদাদ হুছেইন মোৰ লগত উপস্থিত আছিল। বৰাৰ লগত সহযোগ নকৰাৰ বাবে মহিলাগৰাকীক ৰাজীৱ ভৱনত আক্ৰমণ কৰা হ’ল। দলীয় প্ৰাৰ্থীত্ব বিচাৰিছিল যদিও উচ্ছেদ কৰি দিলে।‘ আহমেদে লগতে কয়।

‘এনেদৰে যদি বৰা উপাধিৰ নেতাই যদি ব্যক্তিগত স্বাৰ্থৰ বাবে দলটোক ধ্বংসৰ গৰাহলৈ লৈ যায় তেন্তে কোনে মাত মাতিব?’ আহমেদে কটাক্ষ কৰি কয়।

ইপিনে, তিনিচুকীয়াৰ পাছতে জালুকবাৰী সমষ্টিৰ এটা ঘটনা উল্লেখ কৰি আহমেদে কয় ‘জালুকবাৰী সমষ্টিৰ আলী উপাধিৰ আৰু ভড়ালী উপাধিৰ এগৰাকী যুৱ কংগ্ৰেছী নেত্ৰীৰ সৈতে কংগ্ৰেছৰ নেতৃত্ব লৈ থকা বৰা উপাধিৰ লগত সম্পৰ্ক আছে।‘

‘গুৱাহাটী বিমান বন্দৰৰ কাষৰ ৰাজশ্ৰী ইন হোটেলত বৰা উপাধিৰ নেতাগৰাকীয়ে জিৰণি ল’লে ভড়ালী উপাধিৰ মহিলাগৰাকীক আলী উপাধিৰ দালালজনে ব্যক্তিগতভাৱে লগ কৰাইগৈ। তাত কোনো অন্য মানুহ নাথাকে।‘ বিস্ফোৰক অভিযোগ কৰি এইদৰে কয় দুলু আহমেদে।

তেওঁ আৰু কয় ‘আনকি ভড়ালী উপাধিৰ মহিলা গৰাকীয়ে বৰা উপাধিৰ শীৰ্ষ নেতাগৰাকীক ৰাহুল গান্ধী খানাপাৰা খেলপথাৰত নিৰ্বাচনী প্ৰচাৰৰ বাবে অহাৰ আগতে ধমকি দিছিল যে ৰাহুল গান্ধীক আদৰাৰ তালিকাত যদি মোৰ নাম নাথাকে তেন্তে আপোনাৰ মুখা খুলি দিম।‘

দুলু আহমেদৰ অভিযোগ ‘ব্যক্তিগত প্ৰমোদৰ বাবে কংগ্ৰেছ দল চলাই আছে বৰা উপাধিধাৰী শীৰ্ষ নেতাজনে। আলী উপাধিৰ নেতা আৰু ভড়ালী উপাধিৰ নেত্ৰীগৰাকীৰ কাৰণে মোৰ লগত বৰা উপাধিৰ নেতাজন সংঘাতত লিপ্ত হৈছে। তাৰ ফলত মোৰ ওপৰত ভুৱা গোচৰ দিবলগীয়া পৰিস্থিতি আহি পৰিছিল।‘

ইপিনে, কমলপুৰ সমষ্টিৰ এটা ঘটনা উল্লেখ কৰি দুলু আহমেদে কয় ‘কমলপুৰ সমষ্টিত পাটোৱাৰী উপাধিৰ মহিলা এগৰাকী আছে যিগৰাকীয়ে বৰা উপাধিৰ নেতাজনক মামা বুলি কয়। কিন্তু একো মামা নহয়, তেওঁলোকৰ মাজত কোনো মামা ভাগিনৰ সম্পৰ্ক নাই, তেওঁলোকৰ ব্যক্তিগত সম্পৰ্ক আছে। সেই মহিলাগৰাকীক সন্তুষ্ট কৰিবলৈ গৈ বা তেওঁৰ পৰিয়ালৰ কাৰোবাক দলীয় প্ৰাৰ্থীত্ব দিবলৈ গৈ কমলপুৰ সমষ্টিৰ কিশোৰ ভট্টাচাৰ্য্য নামৰ সমাজৰ লগত জড়িত ভদ্ৰ ব্যক্তিক উৎখাত কৰি কমলপুৰ ব্লক কংগ্ৰেছ ভাঙি পেলালে। ব্যক্তিগত স্বাৰ্থৰ কাৰণে কংগ্ৰেছ ধ্বংস কৰিলে কমলপুৰত বৰ্তমানো ৰাজীৱ ভৱন তলা মৰা আছে।‘

আনহাতে, এইবাৰ দুলু আহমেদৰ মুখত দৰং জিলাৰ এটা কাহিনী ‘দৰং জিলাৰ আহমেদ উপাধিৰ কংগ্ৰেছৰ শীৰ্ষ নেত্ৰী এগৰাকীৰ পঞ্চায়ত টিকটৰ দৰ দামৰ এটা ভিডিঅ’ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। সেই মহিলাগৰাকীৰ বিৰুদ্ধে কিয় প্ৰদেশ কংগ্ৰেছে বিহিত ব্যৱস্থা নল’লে? বিহিত ব্যৱস্থা নোলোৱাৰ ৰহস্যটো এইটোৱেই যে আহমেদ নামৰ মহিলা গৰাকীৰ লগত বৰা উপাধিৰ নেতাজনৰ অবৈধ সম্পৰ্ক আছে গতিকে কোনোধৰণৰ ব্যৱস্থা লোৱা নাই।‘

‘মঙ্গলদৈলৈ দলীয় কাম কাজত গ’লে বৰা উপাধিৰ নেতাজন এটা আৱৰ্ত ভৱনত থাকে। তেওঁ যিটো কোঠাত থাকে সেই কোঠাত আৰু এখন দৰ্জা থাকে। সেই দৰ্জাদি কোন কোন ৰূমত যায় কোনেও বাহিৰৰ পৰা দেখা নাপায়। মঙ্গলদৈৰ বসন্ত দাসে আহি যেতিয়া  বৰাক সেই মহিলাগৰাকীক পদবীৰ পৰা আঁতৰাব দিলে তেতিয়া বৰাই হাত যোৰ কৰি কৈছে মই ফচি গ’লো মোক ৰক্ষা কৰা।‘ আহমেদে কয়।

ইপিনে, বিশ্বনাথ জিলা কংগ্ৰেছৰ দায়িত্বত থকা বৰুৱা উপাধিৰ নেতাজন চেক বাউন্সৰ অভিযোগত জেইললৈ গৈছিল বুলি দাবী কৰি আহমেদে লগতে কয় ‘জেইলৰ পৰা বাহিৰলৈ অহাৰ পাছত সাধাৰণতে কংগ্ৰেছৰ মুখ্য পদবীত নিদিয়ে। কিন্তু সেই ব্যক্তিগৰাকীক পুনৰ একেটা পদবীতে ৰাখিলে।‘

‘বিশ্বনাথ জিলাত বৰুৱা উপাধিৰ নেতাজনৰ পুত্ৰক প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ দুই তিনিটা পদবী দি থৈছে। বৰুৱা পৰিয়ালৰ লগত বৰা উপাধিৰ নেতাগৰাকীৰ কি সম্পৰ্ক সেয়া বিশ্বনাথ জিলাত সকলোৰে মুখে মুখে। সেই পৰিয়ালৰ কোনগৰাকী জিয়ৰীৰ বিয়া হোৱা নাই, কাৰ হোৱা নাই, কিয় হোৱা নাই, পাকঘৰ পৰ্যন্ত বৰাৰ ফটো লগোৱা আছে।‘ আহমেদে এইদৰে কয়।

তদুপৰি, ‘২২ বছৰ দল কৰাৰ পাছত এই বৰা উপাধিৰ নেতাৰ কাৰণে দল এৰিবলগীয়া হৈছে।’ মই আক্ৰমণ কৰিমেই বুলি দাবী কৰি আহমেদে লগতে কয় ‘বিশ্বনাথ জিলাৰ মহিলা এগৰাকীয়ে তিনিমাহ পুৰ্বে মোলৈ ফোন কৰি ক’লে যে অন্য দলৰ পৰা কাম কৰিম বুলি কংগ্ৰেছত যোগদান কৰিলো। হঠাৎ ৰাতি বৰা উপাধিৰ নেতাগৰাকীয়ে ফোন কৰি কৈছে তুমিটো আমাৰ দলত যোগদান কৰিলা মোক কি ধৰণে শুশ্ৰষা কৰিবা ? ৰাতি ১২-১ বজাত শুশ্ৰষাৰ কথা ক’লে কি কি পৰে সেইটো মই বুজি পোৱা নাই।‘

ইপিনে, উক্ত সংবাদমেলতে পৰৱৰ্তী পৰ্যায়ত এজন ৰাষ্ট্ৰীয় নেতাৰ মুখা খুলিব বুলি দাবী কৰে দুলু আহমেদে।

ইপিনে, এই অভিযোগৰ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া জানিবলৈ যোগাযোগ কৰা হৈছিল যদিও তেওঁক নোপোৱাত বিৰোধী দলপতি দেবব্ৰত শইকীয়াক এই সন্দৰ্ভথ সোধাত তেওঁ মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে।

অৱশ্যে, নাম প্ৰকাশত অনিশ্চুক কংগ্ৰেছৰ দুগৰাকী উচ্চস্তৰীয় সূত্ৰক এই অভিযোগৰ বিষয়ে সোধাত কংগ্ৰেছৰ সকলো নেতাই দুলু আহমেদে কৰা অভিযোগৰ বিষয়ে অৱগত তথা এই অভিযোগ মিছা নহয় বুলি উল্লেখ কৰে।

https://www.facebook.com/NNUnscripted/videos/343779143663228

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

June 19, 2026 3:39 pm
প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

June 19, 2026 3:15 pm
স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

June 19, 2026 3:07 pm
দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

June 19, 2026 3:39 pm
প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

June 19, 2026 3:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd