ছিংগাপুৰত শ্যামকানু মহন্তৰ নৰ্থইষ্ট ফেষ্টিভেললৈ গৈ ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লোৱা অসমৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ বাবে সমগ্ৰ ৰাজ্য শোকত ম্ৰিয়মান হৈ পৰিছে। তাৰ মাজতে এটাৰ পিছত আন এটাকৈ পোহৰলৈ আহিছে শ্যামকানু মহন্তৰ কু-কীৰ্তিৰ কাহিনী।
কেবল সেয়াই নহয়, শ্যামকানু মহন্তক চৰকাৰখনে সুৰক্ষা দিয়াৰ লগতে শ্যামকানুৰ পৰিয়ালটিয়ে চৰকাৰৰ ফালৰ পৰা সকলোধৰণৰ সুবিধা লাভ কৰি থকাৰো অভিযোগ উঠিছে। এই সন্দৰ্ভত এইবাৰ সৰৱ হৈ পৰিছে তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদ।
দুলু আহমেদে তেওঁৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকত লিখিছে,
মুখ্যমন্ত্ৰী ডাঙৰীয়া, জুবিন গাৰ্গ হত্যাৰ বিষয়টিক লৈ সমগ্ৰ অসমত প্ৰতিবাদ হৈ আছে। এতিয়া বহুতে অভিযোগ দিয়া আৰাম্ভ কৰিছে যে শ্যামকানু মহন্তক আপোনাৰ নেতৃত্বাধীন চৰকাৰে খনে সুৰক্ষা দি আছে আৰু এই পৰিয়ালটিয়ে চৰকাৰৰ পৰা সকলো ধৰণৰ সুবিধা লাভ কৰি আহিছে।আনকি বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩৫ কোটি টকাৰ এক গৃহ নিৰ্মাণৰ ঠিকা ননী গোপাল মহন্তই ভাতৃ শ্যামকানু মহন্তৰ নেতৃত্বাধীন পূজা এছোচিয়েটৰ নামত দিছে তাৰো তদন্ত হব লাগে।
তেনেস্থলত জুবিন হত্যাৰ বিষয়টিক লৈ অসমৰ ৰাইজৰ আৱেগৰ প্ৰতি সন্মান জনাই আপুনি অতি সোনকালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য (Vice Cencelor) পদবী দিয়া শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ ননী গোপাল মহন্তৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই সন্মানীয় পদবীটি কৰ্তন কৰাৰ বাবে অনুৰোধ জনালোঁ।
নহলে এটা সময় এনেকুৱা আহিব যত অসমৰ ৰাইজৰ ওচৰত আপুনিও জবাব দিহি হ’ব লাগিব।
দুলু আহমেদে লগতে শ্যামকানু মহন্ত আৰু জ্যেষ্ঠ ভাতৃ উপাচাৰ্য ননীগোপাল মহন্তৰ লুণ্ঠনৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ দাঙি ধৰা ‘বিজেপি চৰকাৰে সৃষ্টি কৰা তথা চৰকাৰী সকলো সুবিধা লাভ কৰা অসমৰ দুগৰাকী ধনী ভাতৃ হিতাধিকাৰী উপাচাৰ্য (Vice Cencelor) ননী গোপাল মহন্ত আৰু ভাতৃ শ্যামকানু মহন্তৰ লুণ্ঠনৰ তালিকা’খন-
● গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত উপাচাৰ্যৰ কাৰ্যালয়টো সুন্দৰ হৈ থকাৰ পিছতো হিতাধিকাৰী ননী গোপাল মহন্তই নতুনকৈ কাৰ্যভাৰ লোৱাৰ পিছত পূৰ্বৰ সেই কাৰ্যালয়টোৰ সকলোবোৰ ভাঙি চিঙি আকৌ কোটি টকা খৰচ কৰা দেখুৱাইনতুনকৈ নিৰ্মাণ কৰি কোটি টকা লুণ্ঠন কৰে।
● পূৰ্বৰ উপাচাৰ্যই ব্যৱহাৰ কৰা কোঠাটোৰ সকলো ফাৰ্ণিচাৰ নতুন হৈ থকাৰ পিছতো হিতাধিকাৰী ননী গোপাল মহন্তই Dizine Perfect নামৰ এখন ঘৰোৱা ফাৰ্মৰ হতুৱাই কোটি টকা খৰচ কৰি সকলো ফাৰ্ণিচাৰ আকৌ নতুনকৈ নিৰ্মান কৰি বহু কোটি টকা লুণ্ঠন কৰে।
● পূৰ্বৰ উপাচাৰ্য গৰাকীয়ে মাত্ৰ এটা কৰ্যকাল অতিবাহিত কৰা কোটি টকীয়া আবাসটোতো হিতাধিকাৰী ননী গোপাল মহন্তই Dizine Perfect নামৰ তেখেতৰ ঘৰুৱা ফাৰ্ম খনৰ দ্বাৰা আকৌ কোটি টকা খৰচ কৰি নতুনকৈ নিৰ্মান কৰি কোটি টকা লুণ্ঠন কৰে।
● হিতাধিকাৰী ননী গোপাল মহন্তই Dizine Perfect নামৰ এই ফার্ম খনৰ জৰিয়তে বিশ্ব বিদ্যালয়ৰ চৌহদত এক মন্দিৰ নিৰ্মাণ কৰিও কোটি কোটি টকা লুণ্ঠন কৰিছে।
● হিতাধিকাৰী ননী গোপাল মহন্তই Dizine Perfect নামৰ এই ফাৰ্ম খনৰ জৰিয়তে প্ৰতিটো বিভাগৰে Laboratory আৰু Room সমুহ প্ৰথমে নিবিদা অবিহনে আটক ধুনীয়াকৈ নিৰ্মান কৰে আৰু তাৰ পিছত পকেট নিবিদা কৰি কোটি কোটি টকা লুণ্ঠন কৰে।এই ফাৰ্ম খনৰ স্বত্বাধিকাৰীৰ লগত ননী গোপাল মহন্তৰ ৬০-৪০ অংশীদাৰীত্ব আছে।
● হিতাধিকাৰী ননী গোপাল মহন্তই চৌহদৰ তিখৰ পাৰ্ক খনকো ৰেষ্টুৰেন্ট হিচাপে এই পুজা এচোচিয়েটৰ পৰিয়ালৰ কোনোবা এজনৰ নামতে চলাই লাখ লাখ টকা লুণ্ঠন কৰি আছে।ইয়াত আজিলৈ কোনো ধৰণৰ নিবিদাৰ ব্যৱস্থা কৰা হোৱা নাই।কোন এই পুজা এচোচিয়েট ?
● হিতাধিকাৰী ননী গোপাল মহন্তই P.R (Public Relation) বিভাগৰ কোটি টকীয়া কাম কাৰ্যকাভাৰ লোৱাৰ ঠিক পিছতেই ভাতৃ শ্যাম কানু মহন্তৰ অংশীদাৰত্ব ফাৰ্মৰ নামত অৱন্তন দি কোটি টকা লুণ্ঠন কৰিছে।
● হিতাধিকাৰী ননী গোপাল মহন্তই যোৱা মাহত নতুনকৈ নিবিদা কৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ Security Guard ৰ আৱন্তনৰ নিৰ্দেশ শ্যামকানু মহন্তৰ অংশীদাৰত্ব ফাৰ্মৰ নামত অৱন্তন দি দুয়ো ভাতৃয়ে কোটি টকা লুণ্ঠন কৰিছে।
● হিতাধিকাৰী ননী গোপাল মহন্তই অসমত থকা সৰ্বমুঠ ৫৬ খন আদৰ্শ বিদ্যালয়ৰ মুখ্য পদবীত থাকিও বিভিন্ন কামৰ জৰিয়তে কোটি কোটি টকা লুণ্ঠন কৰি আছে।
তেওঁ আক্ষেপ কৰি লিখিছে, ‘আচৰিত লাগিল অসমত থকা বিজেপি চৰকাৰ খনে এই হিতাধিকাৰী পৰিয়ালটিক লুণ্ঠন কৰাৰ বাবে কিয় ইমান সুবিধা কৰি দিছে সেইটোহে ৰহস্যজনক।‘
দুলু আহমেদে লগতে উল্লেখ কৰিছে, ‘’মইয়ো সময়ৰ অপেক্ষত আছিলো কাৰণ মই ২০১৬ চনত হাজোত বিজেপিৰ বিৰুদ্ধে মোৰ নিৰ্বাচনী প্ৰচাৰ কৰি থকা অৱস্থাত এই সম্ভ্ৰান্ত পৰিয়ালৰ ননী গোপাল মহন্তই মই এগৰাকী দাগি অপৰাধী প্ৰাৰ্থী বুলি প্ৰতিদিন টাইমৰ এক Talk Show ত মোৰ বিৰুদ্ধে মুকলিকৈ কৈছিল যাৰ বাবে ১০ বছৰ পিছত মই আজি সকলো ঢালি বাকী তেখেতক উভতাই দিলোঁ।‘’
আহমেদে কয়, ‘বিজেপি চৰকাৰৰ আশীৰ্বাদপুষ্ট এই হিতাধিকাৰী পৰিয়ালটিৰ লুণ্ঠনৰ তালিকা খন আৰু দীঘলীয়া।পৰৱৰ্তী পৰ্য্যায়ত এই পৰিয়ালটিৰ বিদেশত থকা শ শ কোটি টকাৰ সম্পত্তিৰ তালিকা ফাদিল কৰা হ’ব।‘





