• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ডাংকি : ৰাজকুমাৰ হিৰাণীৰ এক নিস্ফল প্ৰয়াস

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 31, 2023 2:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
Apply Now

ডাংকি-বা ডংকী ফ্লাইট-হৈছে বিদেশলৈ অবৈধভাৱে কৰা এক প্ৰব্ৰজনৰ প্ৰক্ৰিয়া। এক কথাত দেশ বা ৰাষ্ট্ৰৰ সীমাক বে-আইনীভাৱে অতিক্ৰম কৰাৰ এটি পন্থা ডংকী ফ্লাইট। আন আন দেশৰ দৰে ভাৰতৰ পৰাও বহু লোকে প্ৰতি বছৰে বিদেশলৈ যাবৰ বাবে গ্ৰহণ কৰা এই পন্থাৰ ফলত লোকসকলৰ কিমান আলৈ-আহুকাল হয়-এই প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰিয়েই নিৰ্মিত প্ৰযোজক,পৰিচালক ৰাজকুমাৰ হিৰানীৰ নৱতম মুক্তিপ্ৰাপ্ত ছবি ডাংকি। ছবিখনৰ পৰিচালনা তথা সম্পাদনা ৰাজকুমাৰ হিৰানীৰ। চিনেমাখনৰ কাহিনী আৰু চিত্ৰনাট্য লিখিছে ৰাজকুমাৰ হিৰানী সমন্বিতে অভিজাত যোশী আৰু কণিকা ধিলনে। ২১ডিচেম্বৰ তাৰিখে মুক্তিপ্ৰাপ্ত এই ছবিখন বৰ্তমানেও ভিন্ন ছবিগৃহত চলি আছে। 

ছবিৰ আৰম্ভণি হয় লণ্ডনৰ পৰা কিছু বয়স্ক তাপসী পান্নু(মন্নু)ৱে চিকিৎসালয়ৰ পৰা পলায়ন কৰাৰ দৃশ্যৰে। চিনেমাত শ্বাহৰুখ খানৰ চৰিত্ৰটোৰ প্ৰৱেশ গতানুগতিক বলীউডী নায়কমূলক ছবিৰ দৰেই উত্তেজনাপূৰ্ণ। আৰম্ভণিৰে পৰাই কাহিনী গতিশীল। আৰম্ভণিৰ কিছু অংশৰ পিছৰে পৰাই কাহিনীয়ে ফ্লেছবেকত গতি কৰে। পাঞ্জাৱৰ এখন ঠাইৰ তিনিজন যুৱক-যুৱতীৰ লণ্ডনলৈ গৈ অধিক অৰ্থ উপাৰ্জনৰ স্বপ্নৰ লগত ব্যক্তিগত এক কামত অহা শ্বাহৰুখ খান(হাৰ্ডি)সংপৃক্ত হৈ পৰে। আৰম্ভণিৰে পৰাই ৰাজকুমাৰ হিৰানীৰ আন আন ছবিৰ দৰে ডাংকিতো মৃদু হাস্যৰসৰ উপস্থাপন কৰা হৈছে। পিছে,ছবিখনৰ পৰৱৰ্তী অংশলৈ এই হাস্যৰসৰ উপস্থাপন জোৰ কৰি কৰাৰ দৰে অনুভূত হ’ল,অৰ্থাৎ তেনে পৰিস্থিতিত য’ত হাস্যৰসৰ অৱতাৰণা কৰাৰ চেষ্টা কৰা হৈছিল,তাত হঁ‌হাৰ কোনো অৱকাশেই নাছিল। ছবি এখনত স্বতঃস্ফূত হাস্যৰসৰ উপস্থাপন এক কলা,আৰু ৰাজকুমাৰ হিৰানীৰ দৰে এজন অভিজ্ঞ চলচ্চিত্ৰ নিৰ্মাতাৰ পৰা চিত্ৰনাট্যত এনেধৰণৰ উপস্থাপন অপ্ৰত্যাশিত আছিল। পৰৱৰ্তী পৰ্যায়তো বলীউডী ছবিৰ মনোৰঞ্জনধৰ্মীতাৰ অধিক পয়োভৰ ছবিখনৰ কাহিনীৰ মুল বিষয়বস্তুত বাধক হৈ পৰে। এইখিনিতে কাহিনী আৰু মূলতঃ চিত্ৰনাট্যৰ কথা ক’ব লাগিব। কাহিনীৰ গাঠনি পূৰ্বে উল্লেখ কৰাৰ দৰেই দুৰ্বল আৰু তদ্ৰূপ চিত্ৰনাট্যও। যদিওবা ছবিখনৰ কাহিনীভাগত সংবেদনশীলতা আনিব পৰা বহু উপাদানেই আছিল,কিন্তু চিত্ৰনাট্যত সেই সংবেদনশীলতাক তুলি ধৰিব পৰাৰ কোনো থলেই নাছিল। সেয়ে কোনো অংশতেই কোনোধৰণৰ আৱেগে স্পৰ্শ কৰিবলৈ সক্ষম নহ’ল। এনে নহয় যে ডাংকীত কোনো আৱেগিক দৃশ্যাংশ নাছিল। আছিল,পিছে তাৰ উপস্থাপনে দৰ্শকক স্পৰ্শ কৰিবলৈ সক্ষম নহ’ল,যাৰবাবে ছবিখনৰ লগত কোনো অংশতেই একত্ৰ অনুভৱ কৰিব পৰা নগ’ল। ২৫ বছৰৰ পূৰ্বেই লণ্ডনৰ পৰা উভতি আহি মন্নু(তাপসী পান্নু)ৰ পিতৃ-মাতৃৰ লগতে ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব পালন কৰি থকা হাৰ্ডি(শ্বাহৰুখ খান)ৰ ফোন নাম্বাৰটোও ২৫ বছৰৰ পিছত মন্নুৰ লগত নথকাতো আন এক চকুত পৰা খুঁ‌ট। লগতেই উল্লেখ কৰিবলগা আন এটি দৃষ্টিকটূ দিশ হ’ল ২৫ বছৰ আগতে সম্পূৰ্ণ তৰুণ ৰূপত দেখুওৱা চাৰিওজন যুৱক-যুৱতীৰেই ২৫ বছৰৰ পিছত যেতিয়া পুনৰমিলন ঘটে,তেতিয়া তেওঁলোকৰ চেহেৰাত বয়সৰ চাপৰ মাত্ৰাধিক প্ৰদৰ্শন। এইটো মেক-আপৰ ক্ষেত্ৰত এটি গাফিলতি বুলিব লাগিব। লগতেই,কাহিনী আৰু চিত্ৰনাট্যৰ মূল বিষয়বস্তুত অধিক গুৰুত্ব প্ৰদান কৰি,ছবিখনৰ দৈৰ্ঘ্য কিছুখিনি কম কৰা হয়,ইয়াক উপভোগ্য কৰি তুলিব পৰাৰ এক থলো ৰৈ গ’ল। 

ৰাজকুমাৰ হিৰানীৰ সম্পাদনাৰ দিশ ভাল,যিদৰে ভাল চিনেমেট’গ্ৰাফীৰ কাম। আৱহ-সংগীতৰ প্ৰয়োগ সমুচিত। অভিনয়ৰ ক্ষেত্ৰত যদিওবা শ্বাহৰুখ খান,তাপসী পান্নুৰ অভিনয় উল্লেখনীয়,তথাপি বিশেষ ভূমিকাত কম সময়ৰ বাবে ভুমুকি মাৰা ভিকি কৌশলৰ অভিনয় অধিক প্ৰশংসনীয়। এক কথাত ক’বলৈ গ’লে ৰাজকুমাৰ হিৰানীৰ এক নিস্ফল প্ৰয়াস-ডাংকী। 

   ৰিমলী বৰকটকী। 

Mail- [email protected]

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd