NORTHEAST NOW (Assamese)

চাংসাৰিৰ পৰা প্ৰণাম মোদীৰ, মৰিগাঁৱৰ পৰা বিৰোধ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ

February 9, 2019 6:54 pm · এন ই নাও নিউজ
Updated: February 9, 2019 6:58 pm
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮সংখ্যক মৰিগাওঁ অধিৱেশনৰ জনসমাগম। ছবি-- ইউ বি।

শনিবাৰে চাংসাৰিৰ জনসভাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আই-ভকতসকললৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰণাম জনোৱাৰ বিপৰীতে মৰিগাঁৱৰ অধিৱেশন থলীৰ পৰা নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰিছে সংগঠনটোৱে।

লগতে পঢ়ক– অধিৱেশনলৈ আহিব নালাগে প্ৰধান মন্ত্ৰী মোদী, অভূতপূৰ্ব সিদ্ধান্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ

বিজেপি চৰকাৰ উত্থাপিত বিধেয়্কখনৰ বিৰোধিতা কৰি অধিৱেশনলৈ প্ৰধান মন্ত্ৰীৰ আমন্ত্ৰণকে প্ৰত্যাহাৰ কৰা সংঘই ৮৮সংখ্যক মৰিগাওঁ অধিৱেশনৰ অন্তিম দিনটোত পুনৰ দোহাৰিলে বিধেয়ক বিৰোধিতা।

সংঘৰ পুনৰ নিৰ্বাচিত সাধাৰণ সম্পাদক বাবুল বৰাই সংবাদ মাধ্যমত কয়, “শ্ৰীমন্ত শংকৰদেৱ সংঘই বিৰোধিতা কৰে নাগৰিকত্ব বিধেয়কৰ৷ সংঘ অসমীয়া জাতিৰ লগত আছে। জাতিৰ অস্তিত্ব ৰক্ষাত সদায় ব্ৰতী সংঘ। চৰকাৰ ৰাইজে পাতিছে, চৰকাৰে ৰাইজৰ কথা শুনিব লাগিব।”

উত্তৰ-পূবৰ সৰ্ববৃহৎ ধৰ্মীয় সংগঠনটোৱে বিধেয়কখনৰ বিৰুদ্ধে ইতিমধ্যে প্ৰস্তাৱ গ্ৰহণ কৰিছে।

নৱ নিৰ্বাচিত পদাধিকাৰ কমলা কান্ত গগৈয়েও ইয়াৰ পূৰ্বে বিধেয়কৰ পক্ষ লোৱা প্ৰধান মন্ত্ৰী মোদীক নিমন্ত্ৰণ সত্ত্বেও অধিৱেশনলৈ আহিব নালাগে বুলি মন্তব্য কৰিছিল।

“মোদী আজি আছে, কাইলৈ নাই। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘ সদায় অসমৰ ৰাইজৰ লগত আছে আৰু থাকিব,” যোৱা ১৩ জানুৱাৰিত নৰ্থ ইষ্ট নাও-ত এই মন্তব্য কৰিছিল গগৈয়ে।

Related News