অসম লোকসেৱা আয়োগৰ(এপিএছচি) কৃষি উন্নয়ন বিষয়া (এডিঅ) নিযুক্তিত হোৱা কেলেংকাৰীত অভিযুক্তসকলক দোষী সাব্যস্ত কৰি ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ বিশেষ আদালতে যোৱা ২২ জুলাই তাৰিখে ৰাকেশ পাল, চামেদুৰ ৰহমান আৰু বসন্ত দলেসহ ২৬ বিষয়াক শাস্তি ঘোষণা কৰিছিল।
কিন্তু আদালতে দোষী সাব্যস্ত কৰা ২৬ কৃষি উন্নয়ন বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি চাকৰিৰ পৰা নিলম্বন কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী আৰু কৃষি মন্ত্ৰী নিশ্চুপ হৈ আছে।
মুখ্যমন্ত্ৰী, কৃষি মন্ত্ৰী আৰু অসম চৰকাৰৰ এই ভূমিকাত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটি স্তম্ভিত হৈছে আৰু তীব্ৰ নিন্দা কৰিছে।
আদালতে দোষী সাব্যস্ত কৰাৰ ৪০ দিন পিছতো আশ্চৰ্যজনক কাৰণত দোষী বিষয়াসকলৰ বিৰুদ্ধে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। অথচ চৰকাৰী সেৱা বিধি অনুসৰি চৰকাৰী কৰ্মচাৰী দোষী সাব্যস্ত হ’লে ৪৮ ঘন্টাৰ ভিতৰত নিলম্বন কৰিব লাগে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কৃষি মন্ত্ৰী অতুল বৰাই অহেতুক দৰদ দেখুৱাই ৰহস্যজনক নীৰৱতা পালন কৰা কাৰ্যই ৰাজ্যবাসীৰ মনত নানা প্ৰশ্ন উত্থাপিত হৈছে। ৰাজ্যৰ মেধাৱী যুৱক-যুৱতীৰ স্বপ্ন ভংগ কৰা এনে ভয়ংকৰ কেলেংকাৰীকলৈ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ এনে স্থিতিয়ে ৰাজ্যখনৰ বাবে নেতিবাচক বাৰ্তা কঢ়িয়াই আনাৰ বিপৰীতে দুৰ্নীতি অনিয়মত লিপ্ত হোৱা সকলক উৎসাহিত কৰি তুলিব। চৰকাৰৰ দুৰ্বল স্থিতিয়ে দোষী সাব্যস্ত হোৱা বিষয়াসকলক উচ্চ ন্যায়ালয়ত জামিন লাভৰ সুবিধা কৰি দিছে বুলি চৰ্চা চলিছে। কাৰণ এডিঅ নিযুক্তি প্ৰক্ৰিয়াত হোৱা অনিয়ম আৰু কেলেংকাৰীৰ কথা আৰক্ষীৰ তদন্তৰ পাতে পাতে প্ৰকাশ পাইছিল। ডি ৱাই এফ আইৰ ৰাজ্যিক কমিটিয়ে অসম চৰকাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কৃষি মন্ত্ৰীৰ দুৰ্নীতি-অনিয়মক সাৰ-পানী যোগোৱা এনে নিকৃষ্ট কাণ্ডক ধিক্কাৰ জনাইছে।
ডি ৱাই এফ আইয়ে এপিএছচিৰ মূল গোচৰৰ ক্ষেত্ৰতো অসম চৰকাৰৰ আৰু মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা স্থিতিক সন্দেহজনক আখ্যা দি , ন্যায়াধীশ বি কে শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নকৰাৰ পৰা আৰম্ভ কৰি এছআইটি গঠনলৈকে চলা সমগ্ৰ কাম-কাজ অভিযুক্তসকলক ৰক্ষণাবেক্ষণৰ প্ৰয়াস বুলি অবিহিত কৰিছে।
চৰকাৰৰ বৰমূৰীয়াৰ পৰা এনে কাৰ্য চলি থাকিলে ৰাজ্যত আইনৰ শাসনৰ সলনি অৰাজকতাই বিৰাজ কৰিব। সমগ্ৰ প্ৰশাসনিক ব্যৱস্থাটো দুৰ্নীতিগ্ৰস্ত বিষয়াৰে ভৰি পৰিব আৰু প্ৰশাসনিক ব্যৱস্থা পংগু হৈ পৰিব।