কুকি উগ্ৰপন্থীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক: ডি ৱাই এফ আই

নিৰ্বাচনী যুঁ‌জত জয়ী হ’বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি নেতা ৰাম মাধবে মণিপুৰত কুকি উগ্ৰপন্থীৰ সহায় লৈছিল। দেশৰ সংবিধানৰ নামত শপত খোৱা মুখ্যমন্ত্ৰীজনৰ এই অসংবিধানিক আৰু নীতি বহিঃৰ্ভূত কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে কঠোৰ ভাষাৰে নিন্দা কৰিছে আৰু শীঘ্ৰে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী জনাইছে।

২০১৭ চনৰ মণিপুৰৰ নিৰ্বাচনত জয়ী হ’বলৈ কুকি উগ্ৰপন্থী সংগঠন ইউনাইটেড কুকি লিবাৰেশ্বন ফ্ৰন্ট (ইউকেএলএফ) আৰু ইউনাইটেড পিপ’লচ ফ্ৰন্ট (ইউপিএফ)ৰ পৰা বিজেপি দলে সহায় লোৱা বুলি ইউ কে এল এফৰ নেতা এছ এছ হাওকিপে স্বীকাৰ কৰিছে।

লগতে পঢ়ক: কেবিনেটৰ সেউজ সংকেত! কৰ্ণাটক চৰকাৰে বাতিল কৰিব পূৰ্বৰ চৰকাৰৰ ধৰ্মান্তকৰণ বিৰোধী বিধেয়ক

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ কেন্দ্ৰীয় নেতা ৰাম মাধৱে এই বিষয়ে কুকি উগ্ৰপন্থী সংগঠনৰ সৈতে এক চুক্তি কৰাৰ কথা উল্লেখ কৰিছে। উগ্ৰপন্থী নেতা জনে ২০১৯ চনত এই চুক্তিৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল।

গৃহমন্ত্ৰী শ্বাহলৈ প্ৰেৰণ কৰা এই পত্ৰখনকেই উগ্ৰপন্থী নেতা এছ এছ হাওকিপে যোৱা ৮ জুন, ২০২৩ তাৰিখে এন আই এৰ আদালতত দাখিল কৰাৰ পাছতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হয়। পত্ৰখনত এই কথাও কোৱা হয় যে উগ্ৰপন্থী সংগঠনৰ সহায়ত বিজেপি দলৰ প্ৰাৰ্থী জয়ী হৈছিল। নিৰ্বাচনী লাভালাভৰ বাবে বিজেপি দলে যে যিকোনো পৰ্যায়লৈ যাব পাৰে সেইয়া এই কথাই প্ৰমাণ কৰিছে।

লগতে পঢ়ক: ব্ৰিজভূষণৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ ৫০০ পৃষ্ঠাৰ অভিযোগনামা; বাতিল POCSO আইনৰ অভিযোগ!

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উগ্ৰপন্থীৰ সম্পৰ্কৰ বিষয়টো নতুন নহয়। এয়া কেৱল সংবিধান বিৰোধীয়ে নহয় এয়া দেশৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ প্ৰতিও বিপদজনক। ডি ৱাই এফ আইয়ে এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছে আৰু মুখ্যমন্ত্ৰীৰ শীঘ্ৰে পদত্যাগ দাবী কৰিছে।

বিজেপি দল আৰু কেন্দ্ৰীয় চৰকাৰে স্পৰ্শকাতৰ বিষয়টোক লৈ সম্পূৰ্ণ মৌন হৈ আছে আৰু দেশৰ নিৰাপত্তাক লৈ হেতালি খেলিব ওলাইছে। ৰাজ্যখনত কবিতা লিখা, নাটক কৰাৰ বাবে ছাত্ৰী-যুৱকক আটক কৰাৰ সময়তে উগ্ৰপন্থীৰ লগত মিতিৰালি কৰাৰ গুৰুতৰ বিষয়টো বিজেপি দলে মৌনতাৰে উপেক্ষা কৰিব বিচাৰিছে। এয়া কোনো মতেই গ্ৰহণযোগ্য নহয়।

লগতে পঢ়ক: বিজেপিত মোক্ষম আঘাত! ৪০০ গাড়ীৰ কনভয় লৈ ছাইৰেন বজাই কংগ্ৰেছলৈ উভতিল বৈজনাথ

ডি ৱাই এফ আইয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাৎক্ষণিক পদত্যাগ দাবীৰ লগতে সমগ্ৰ বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে।