• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কবি নীলাভ সৌৰভৰ কাব্যিক স্বাধীনতাৰ পক্ষত ডি ৱাই এফ আই : হিন্দুত্ববাদী সংগঠনৰ স্বৈৰাচাৰী কাণ্ডক তীব্ৰ গৰিহণা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
February 23, 2024 5:36 pm
1k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) ৰ অসম ৰাজ্যিক কমিটিয়ে কবি নীলাভ সৌৰভ আৰু তেওঁৰ পৰিয়ালবৰ্গৰ ওপৰত চৰকাৰ তথা হিন্দুত্ববাদী সংগঠনসমূহে নমাই অনা আক্ৰমণৰ তীব্ৰ বিৰোধিতা কৰিছে।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি কবি নীলাভ সৌৰভে নিজৰ কবিতা আৰু আৰু সামাজিক মাধ্যমৰ জৰিয়তে চৰকাৰৰ বিভিন্ন বিধ্বংসী কাৰ্যকলাপ আৰু দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি আহিছিল। শেহতীয়াকৈ ৰাম আৰু সীতাক প্ৰতীক হিচাপে লৈ তেওঁ এটা প্ৰতিবাদী কবিতা লিখিছিল। ইয়াৰ পাছতেই তেওঁৰ বিৰুদ্ধে বিজেপি আৰু হিন্দুত্ব বাহিনীয়ে কেইবাখনো থানাত গোচৰ ৰুজু কৰিছে। ইয়াৰোপৰি চৰকাৰৰ ভেৰোণীয়া পুলিচ বাহিনীয়ে কবিৰ ভাতৃক অন্যায়ভাৱে গ্ৰেপ্তাৰো কৰিছে।

ডি ৱাই এফ আই- ৰ অসম ৰাজ্যিক কমিটি কবিতাৰ পক্ষত, কবি নীলাভ সৌৰভৰ কাব্যিক স্বাধীনতাৰ পক্ষত।  বিগত সময়ত কবি তথা ভিন্ন লেখকসকলৰ ওপৰত চৰকাৰখনে এক আক্ৰমণ নমাই আনিছে তথা বৌদ্ধিক স্বাধীনতাক খৰ্ব কৰাৰ এক চেষ্টা কৰি আহিছে।

গতিকে ডি ৱাই এফ আই- ৰ অসম ৰাজ্যিক কমিটিয়ে ৰাজ্যৰ বৌদ্ধিক সমাজ তথা লেখক,কবিৰ লগতেই প্ৰতিজন সচেতন ব্যক্তিক কবি নীলাভ সৌৰভৰ কাষত ঠিয় হ’বলৈ আহ্বান জনায়।

ডি ৱাই এফ আই- ৰ অসম ৰাজ্যিক কমিটিয়ে কবিৰ ভাতৃক তাৎক্ষণিকভাৱে মুকলি কৰিবলৈ আৰু কবি আৰু তেওঁৰ পৰিয়ালবৰ্গৰ ওপৰত যাতে আৰু নিৰ্যাতন নহয়, তাৰ ওপৰত ব্যৱস্থা ল’বলৈ চৰকাৰক দাবী জনাইছে ।

ইয়াৰ লগতে কবি আৰু তেওঁৰ পৰিয়ালবৰ্গক ভাবুকি দিয়াসকলক অতি শীঘ্ৰে আটক কৰিবলৈও চৰকাৰৰ ওচৰত দাবী জনাইছে ডি ৱাই এফ আই-এ।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd