• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজৰ পচন্দৰ পদত আগ্ৰাধিকাৰ দিব পৰা সুবিধা প্রদান কৰি চূড়ান্ত বাচনি তালিকা প্রকাশ কৰকঃ DYFI

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 24, 2023 3:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ অধীনৰ তৃতীয়–চতুৰ্থ বৰ্গৰ পদৰ লগতে আৰক্ষী, বনৰক্ষী বাহিনী, স্বাস্থ্য বিভাগ আৰু প্রাথমিক, উচ্চ প্রাথমিক, হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পদৰ নিযুক্তিৰ মুঠ ৫১৩৯৭ টা পদৰ বাবে প্ৰাৰ্থী তালিকা শীঘ্ৰেই প্রকাশ পাব। এই তালিকাত একেজন প্ৰাৰ্থীয়ে একাধিক পদত নিৰ্বাচিত অৰ্থাৎ অ’ভাৰলেপিং হোৱাৰ পূৰ্ণ সম্ভাৱনা প্রকট হৈ পৰিছে। ইয়াৰ ফলত কেইবা হাজাৰ পদ খালী হৈ থকাৰ বিপৰীতে নিযুক্তি পাম বুলি আশা কৰি থকা হাজাৰ হাজাৰ প্ৰাৰ্থী বঞ্চিত হৈ পৰিব বুলি শংকিত হৈ পৰিছে।

ভাৰতৰ গণতান্ত্রিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে বিষয়টোক লৈ উদ্বিগ্নতা প্রকাশ কৰিছে আৰু যিকোনো এটা বিভাগৰ এটা খালী পদৰ বিপৰীতে এজন প্রাৰ্থীৰে চূড়ান্ত বাচনি তালিকা প্রকাশ কৰিবলৈ দাবী কৰিছে। ইয়াৰ বাবে প্রাৰ্থী সকলোক নিজৰ পচন্দৰ যিকোনো বিভাগৰ এটা পদত অগ্ৰাধিকাৰ দিয়াৰ এক সুব্যৱস্থা কৰি দিবলৈও ডি ৱাই এফ আইয়ে দাবী কৰিছে, যাতে শেষ মুহূৰ্তত এটা খালী পদৰ বিপৰীতে এজন প্ৰাৰ্থীহে বাচনি হয়। তৃতীয় বৰ্গৰ পদত উত্তীৰ্ণ হোৱা বহু প্ৰাৰ্থীয়ে চতুৰ্থ বৰ্গৰ পদতো উত্তীৰ্ণ হৈছে।

Apply Now

একেদৰে কম্পিউটাৰৰ জ্ঞান প্রয়োজন হোৱা পদত উত্তীৰ্ণ বহু স্নাতক প্ৰাৰ্থীয়ে কম্পিউটাৰৰ জ্ঞানৰ প্রয়োজন নোহোৱা পদতো উত্তীৰ্ণ হৈছে। একেদৰে হাইস্কুল, উচ্চত মাধ্যমিক বিদ্যালয়, উচ্চ প্রাথমিক বিদ্যালয় আৰু প্রাথমিক বিদ্যালয়ত শিক্ষক হিচাপে বাচনি হ’বলগীয়া বহু প্ৰাৰ্থী অন্য তৃতীয়, চতুৰ্থ বৰ্গৰ পদ অথবা স্বাস্থ্য বিভাগৰ পদত বাচনিভূক্ত হ’বলৈ সক্ষম হ’‘ব। এজন প্ৰাৰ্থীয়ে ৪/৫ টা পদত নিৰ্বাচিত হোৱাৰ পূৰ্ব সম্ভৱনা আছে।

লক্ষণীয় যে পূৰ্বে ৪৯ হাজাৰ পদত নিযুক্তি দিয়া বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। কিন্তু এই পদসমুহৰ ভিতৰতো বহুতে দুই তিনিটা পদত বাচনি হোৱা বাবে বহু পদ খালী হৈয়ে পৰি আছে। স্নাতকোত্তৰ শিক্ষক পদত যোগদান কৰা বহু প্ৰাৰ্থীয়ে প্রাথমিক, উচ্চপ্লাথমিক আৰু হাইস্কুলৰ শিক্ষক পদৰ চূড়ান্ত বাচনি তালিকাত স্থান পাইছিল যদিও শেষত এটা অৰ্থাৎ উচ্চ পদহে যোগদান কৰিছে। অচৰিত কথা হৈছে অসম বিধান সভাৰ মজিয়াত এই বিষয়টোক লৈ দুটা পৰিসংখ্যা দিয়া পৰিলক্ষিত হৈছে।

শেহতীয়াকৈ অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা Squad Commander under SDRF (in the rank of Station Officer) under Home and Political Department, Assam. (Advt. No. 06/2022 Dated 08/04/2022) ১১টা পদ আৰু Station Officer in fire & Emergency Services, Assam under Home amd Political Department, Assam (Advt. No.-05/2022 dated 08/04/2022)) ৯ টা পদৰ বাবে হোৱা পৰীক্ষাৰ ফলাফল ৩১ মাৰ্চ, ২০২৩ ত প্রকাশ কৰিছে। কিন্তু দেখা গৈছে এই ফলাফলত ৫ জন প্ৰাৰ্থীয়ে দুয়োটা পদতে উত্তীৰ্ণ হৈছে। এই ৫ জন প্ৰাৰ্থীয়ে কেৱল এটা পদতহে যোগদান কৰিব আৰু যিকোনো এটা বিভাগৰ পদত খালী হৈ থাকিব।

এই সমগ্ৰ বিষয়টো চৰকাৰে গুৰুত্বসহকাৰে লোৱা প্রয়োজন আৰু বিভাগসমূহৰ মাজত এক সমন্বয় সৃষ্টিৰ মাজেৰে এটাও পদ যাতে খালী পৰি থাকিবলগীয়া নহয় তাৰ ব্যৱস্থা কৰিবলৈ দাবী কৰিছে। ইয়াৰ বাবে চূড়ান্ত বাচনি তালিকা প্রকাশ কৰাৰ আগতে নিজৰ পচন্দৰ এটা পদত অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা কৰিলে এই সমস্যাটো সমাধান কৰিব পৰা যাব।

যিহেতু এটা পদৰ নিযুক্তিৰ বাবে চূড়ান্ত অনুমোদন পাবলৈ বিত্ত বিভাগৰ অনুমোদনৰ লগতে কেইবাটাও পৰ্যায় পাৰ কৰিব লাগে সেয়ে খালী হৈ পৰা পদত নিযুক্তি দিবলৈ হ’লে আকৌ দীঘলীয়া প্রক্ৰিয়াৰে যাব লাগিব।

ৰাজ্যখনৰ নিবনুৱাই এটা চাকৰিৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে যোৰহাটস্থিত উত্তৰ পূব বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান (নেইষ্ট)ত ৫ টা তৃতীয় বৰ্গৰপদৰ নিযুক্তিৰ বাৰে বামনি পৰীক্ষা অনুষ্ঠিত হৈছে। আচৰিত কথা হৈছে এই তৃতীয় বৰ্গৰ পদতো বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে নিযুক্তি লাভৰ সম্বাৱনা প্রকট হৈ পৰিছে। ইয়াৰ পূৰ্বে উত্তৰ পূব সীমান্ত ৰেইলৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। DYFI এ দাবী কৰিছে যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত ৰাজ্যৰ স্থানীয় যুৱক–যুৱতীক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd