এপিএছচি কেলেংকাৰীত জড়িত সকলক চৰকাৰে সুৰক্ষা দিব বিচৰা কাৰ্যৰ বিৰুদ্ধে ডি ৱাই এফ আইৰ প্ৰতিবাদ

ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰি আখৰে আখৰে পালন কৰাৰ দাবী

প্ৰথমে মানৱীয়তাৰ প্ৰসংগ আৰু কালি বিভাগীয় তদন্তৰ কথা উত্থাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সৰ্ববৃহৎ এপিএছচি কেলেংকাৰীত জড়িতসকলক ৰক্ষণাবেক্ষণ দিবলৈ ওলোৱা কাৰ্যক বিৰোধিতা কৰি তথা শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰি ইয়াক শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত আজি গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইয়ে।

সংগঠনটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ ভুমিকাত স্তম্ভিত হৈ পৰিছে আৰু এয়া ন্যায় ব্যৱস্থা আৰু ৰাজ্যবাসীৰ প্ৰতি কৰা চৰম ভেঙুচালি বুলি অভিহিত কৰিছে। বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ লগতে শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবী জনাইছে। পৰিতাপৰ বিষয় যে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা স্থিতিৰ মাজেৰে মুকলিকৈ ন্যায়াধীশ বিপ্লৱ শৰ্মাক আয়োগক অপমান কৰাৰ লগতে ৰাজ্যৰ হাজাৰ হাজাৰ মেধাৱী যুৱক-যুৱতীক তাছিল্য কৰিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কিয় বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰা নাই? কিয় তেওঁ ভুল বাখ্যা কৰিবলৈ তৎপৰ হৈছে? কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত হোৱা এই বিয়াগোম দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখুৱা অনিহাত নানা প্ৰশ্ন উত্থাপিত হৈছে।

লগতে পঢ়কঃ ‘দ্য নিউয়ৰ্ক ক্ৰাইমছ’! গাজাৰ বাতৰিত পক্ষপাতিত্বৰ অভিযোগ; নিউয়ৰ্ক টাইমছৰ কাৰ্যালয়ত প্ৰতিবাদ

আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে সেই সময়ৰ কেবিনেট মন্ত্ৰী আৰু আজিৰ মুখ্যমন্ত্ৰী গৰাকীও এই কেলেংকাৰীৰ অংশীদাৰ নেকি ? অথবা সেই সময়ৰ কেলেংকাৰী মহানায়কসকলে আজিৰ চৰকাৰৰ বৰঘৰত থিতাপি লৈছে নেকি ? ২০১৩ বৰ্ষৰ পৰীক্ষাৰ ক্ষেত্ৰত এছ আই টি গঠন কৰা আৰু ২০১৪ বৰ্ষৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ সলনি বিভাগীয় তদন্ত ঘোষণা কৰাৰ মাজেৰে প্ৰকৃততে অনিয়মেৰে নিৰ্বাচিত হোৱা বিষয়াসকলক সুৰক্ষা দিয়াৰ কৌশল গ্ৰহণ কৰিছে। ৩৯ জনক চাকৰিৰ পৰা বৰ্খাস্ত কৰি ৩৪ জনৰ ক্ষেত্ৰত বিভাগীয় তদন্ত কিয় ? প্ৰকৃততে এই ৩৪ জন বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলেই মুখ্যমন্ত্ৰীৰ আচল স্বৰূপ ওলাই পৰাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰীৰ কথা আৰু কাম দেখি আমি প্ৰশ্ন কৰিবলৈ বাধ্য হৈছোঁ – তেওঁৱেই এপিএছচি কেলেংকাৰীৰ মহানায়ক নেকি?

বিপ্লৱ কুমাৰ শৰ্মাৰ আয়োগৰ দুখনকৈ প্ৰতিবেদন গ্ৰহণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে অনিহা প্ৰকাশ কৰাৰ লগতে ইয়াক কাৰ্যকৰী নকৰিবলৈ নানা বাহানাৰ আশ্ৰয় লৈছে। এপিএছচিৰ অধ্যক্ষ ৰাকেশ পালৰ অধীনত হোৱা ২০১৩ আৰু ২০১৪ বৰ্ষৰ পৰীক্ষাত চূড়ান্ত অনিয়ম হোৱাটো আৰক্ষী তদন্ত পোহৰলৈ আহিছিল। ইয়াৰ ভিত্তিতে ৩৯ এপিএছ-এচিএছ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। বাকী অভিযুক্ত ৩৪ জন বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সলনি সুৰক্ষা দিবলৈ উঠিপৰি লাগিছে।

লগতে পঢ়কঃ গুৱাহাটীৰ ‘ডাবল মাৰ্ডাৰ’ গোচৰৰ প্ৰধান অভিযুক্ত বন্দনা কলিতাৰ জামিন মঞ্জুৰ

উল্লেখ কৰা প্ৰয়োজন যে ২০১৩ বৰ্ষত ৪২০০০ যুৱক-যুৱতীয়ে আৰু ২০১৪ বৰ্ষত ২৫০০০ যুৱক-যুৱতীয়ে এপিএছচি পৰীক্ষাত অৱতীৰ্ণ হৈছিলে। এই দুয়োটা পৰীক্ষাতে মেধা আৰু বুদ্ধিমত্তাক একাষৰীয়া কৰি ধন আৰু ৰাজনৈতিক প্ৰভাৱেৰে পৰীক্ষাত অনুত্তীৰ্ণ সকলে চাকৰি ল’বলৈ সক্ষম হৈছিল। অসৎ উপায়েৰে চাকৰি লোৱা ৩৪ জন বিষয়াৰ ক্ষেত্ৰত মানীৱয় দৃষ্টি আৰু হাজাৰ হাজাৰ মেধাৱী যুৱক-যুৱতীৰ ক্ষেত্ৰত কি দৃষ্টি গ্ৰহণ কৰা হ’ব?

ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰীৰ ক্ষেত্ৰত মানৱীয়তাৰ কথা কোৱা এইগৰাকী মুখ্যমন্ত্ৰীয়ে অসম পৰিবহণ নিগম (ASTC)ৰ ৭০০ কৰ্মচাৰীক আৰু মীন বিভাগৰ প্ৰায় ৩০০ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ অৱতীৰ্ণ হোৱা প্ৰায় ১৪ লাখ প্ৰাৰ্থীক সঠিক সলাফল ঘোষণা নকৰি আৰু কাট অফ নম্বৰ নিদি চৰম অন্যায় কৰিছিল।

দুৰ্নীতি বিৰোধী অভিযানৰ নামত সাধাৰণ পিয়ন, চৌকিদাৰ, লাট মণ্ডলক গ্ৰেপ্তাৰ কৰি বাহঃ বাহঃ ল’ব বিচৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে উচ্চ পৰ্যায়ৰ বিষয়াসকলক ৰক্ষণাবেক্ষণ দিব ওলাইছে।

লগতে পঢ়কঃ উচ্চ ন্যায়ালয়সমূহক জনপ্ৰতিনিধিৰ বিৰুদ্ধে থকা গোচৰ দ্ৰুত নিষ্পত্তি কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

চৰকাৰৰ এনে দুৰ্নীতিৰ পক্ষে লোৱা অৱস্থানক ধিক্কাৰ জনাই আৰু দুৰ্নীতি অনিয়মেৰে নিৰ্বাচিত হোৱা বিষয়াসকলক শীঘ্ৰে বৰ্খাস্ত কৰাৰ লগতে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰি আখৰে আখৰে পালন কৰাৰ দাবীত আজি ডি ৱাই এফ আইয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে ডি ৱাই এফ আইয়ে বঞ্চিত প্ৰাৰ্থী, সচেতন যুৱক-যুৱতী আৰু গণতান্ত্ৰিক ৰাইজক লৈ দিশপুৰ যাত্ৰাৰ দৰে কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে।