• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ই-২০ পেট্ৰ’লৰ প্ৰচাৰত ৰাজহুৱা ধনৰ অপচয়? আৰ টি আইৰ উত্তৰত তেল কোম্পানীৰ ৰহস্যজনক মৌনতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2026 3:35 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইথানল মিশ্ৰিত পেট্ৰ’ল বা ই-২০ (E-20)ক লৈ সৃষ্টি হোৱা বিতৰ্কই এতিয়া দেশজুৰি তীব্ৰ ৰূপ ধাৰণ কৰিছে। বাহনৰ মাইলেজ আৰু ইঞ্জিনৰ সুৰক্ষাক লৈ গ্ৰাহকসকলৰ মাজত সৃষ্টি হোৱা উদ্বেগৰ মাজতে, চৰকাৰে এই নীতিৰ প্ৰচাৰৰ বাবে সামাজিক মাধ্যমৰ ইনফলুৱেন্সাৰ (Influencers)ক ধন দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। তথ্যৰ অধিকাৰ আইন (RTI)ৰ আবেদনৰ উত্তৰে এই অভিযোগক অধিক ৰহস্যময় কৰি তুলিছে।

উল্লেখ্য যে ২০২৫ চনৰ ১ ছেপ্টেম্বৰত আৰ টি আই কৰ্মী কানহাইয়া কুমাৰে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ওচৰত ই-২০ৰ বিজ্ঞাপনৰ ব্যয়, নিয়োজিত সংস্থা আৰু ইনফলুৱেন্সাৰসকলৰ নাম আৰু তেওঁলোকক দিয়া ধনৰ সবিশেষ বিচাৰি আবেদন কৰিছিল। মন্ত্ৰালয়ে উত্তৰ দিয়াৰ পৰিৱৰ্তে বিষয়টো তিনিটা চৰকাৰী তেল কোম্পানী আই অ’ চি এল, বি পি চি এল আৰু এইচ পি চি এল লৈ প্ৰেৰণ কৰে।

Apply Now

আই অ’ চি এলয়ে দাবী কৰে যে আৰটিআইৰ জড়িয়তে বিচৰা তথ্যসমূহ “কাল্পনিক প্ৰকৃতিৰ”, সেয়ে তেওঁলোকে তথ্য দিব নোৱাৰে।

বি পি চি এল আৰু এইচ পি চি এল, এই দুয়োটা কোম্পানীয়ে আৰ টি আই আইনৰ ধাৰা ৮(১)(ঘ)-ৰ দোহাই দি কয় যে এইসমূহ “বাণিজ্যিক গোপনীয়তা”ৰ অন্তৰ্গত আৰু ই তৃতীয় পক্ষৰ বাণিজ্যিক অৱস্থানত ক্ষতি কৰিব পাৰে।

এতিয়া, বিজ্ঞাপনৰ ব্যয়ৰ দৰে ৰাজহুৱা তথ্যক কেনেকৈ “কাল্পনিক” বা “গোপনীয়” বুলি আখ্যা দিব পাৰি, তাক লৈ বিশেষজ্ঞসকলে প্ৰশ্ন উত্থাপন কৰিছে।

মনকৰিবলগীয়া যে আৰটিআই আইন, ২০০৫-ৰ মৌলিক উদ্দেশ্য হৈছে চৰকাৰী কাম-কাজত স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰা। বিশেষকৈ যেতিয়া ইয়াৰ সৈতে কৰদাতাৰ ধন জড়িত হৈ থাকে, তেতিয়া নাগৰিকৰ নিজৰ ধন ক’ত আৰু কেনেকৈ খৰচ কৰা হৈছে, সেই বিষয়ে জানিবলৈ সম্পূৰ্ণ অধিকাৰ আছে।

এই সমগ্ৰ অভিযানৰ কাহিনীটো পোহৰলৈ আহিছিল যেতিয়া কিছুমান ‘কণ্টেণ্ট ক্ৰিয়েটৰে’ প্ৰকাশ কৰিছিল যে তেওঁলোকক জনসংযোগ সংস্থাৰ পৰা প্ৰচাৰৰ বাবে বৃহৎ পৰিমাণৰ ধনৰ প্ৰস্তাৱ দিয়া হৈছিল, কিন্তু তেওঁলোকে তাক নাকচ কৰিছিল। যদিও চৰকাৰে এই ইনফলুৱেন্সাৰসকলক পোনপটীয়াকৈ ধন দিছিল নে নাই তাৰ কোনো লিখিত প্ৰমাণ এতিয়ালৈকে পোৱা নাই, কিন্তু কিছুমান ব্যক্তিগত সংস্থাই চৰকাৰী নীতিৰ প্ৰচাৰৰ বাবে তেওঁলোকৰ সৈতে যোগাযোগ কৰাটো নিশ্চিত হৈছে।

“দ্য ৰেচ মাংকি”ৰ সম্পাদক ঈশান ভৰদ্বাজে কয় যে ২০২৫ চনৰ ১৪ আগষ্টত তেওঁৰ সৈতে “হেক্সটেক মিডিয়া” নামৰ এটা জনসংযোগ সংস্থাই যোগাযোগ কৰিছিল। ভৰদ্বাজে ২০ লাখ টকা বিচৰাত এজেন্সীয়ে তেওঁক ১৫ লাখ টকাৰ প্ৰস্তাৱ দিছিল। ভৰদ্বাজে কয়— “এয়া মাৰ্কেটিং নহয়, ই এটা কেলেংকাৰী। কৰদাতাৰ ধন ব্যৱহাৰ কৰি ভুল তথ্য প্ৰচাৰ কৰা হৈছে।”

একেদৰে “মটৰ চাইকেল ট্ৰেইলছ” নামৰ আন এজন ইনফলুৱেন্সাৰে একেধৰণৰ প্ৰস্তাৱ লাভ কৰিছিল। আনহাতে, কণ্টেণ্ট ক্ৰিয়েটৰ মুকেশ মোহনে দাবী কৰে যে ২০২৫ চনৰ মে’ মাহত তেওঁ “ইউন’ইয়া নেটৱৰ্কছ” নামৰ এটা জনসংযোগ সংস্থাৰ পৰা ই-২০ৰ সমৰ্থনত ‘স্পনচৰ্ড ৰীল’ (Sponsored Reel) তৈয়াৰ কৰিবলৈ ১.৪৫ লাখ টকাৰ প্ৰস্তাৱ পাইছিল। তেওঁ এই প্ৰস্তাৱৰ ফটো সামাজিক মাধ্যমতো প্ৰকাশ কৰিছে।

মন কৰিবলগীয়া যে ২০২৫ চনৰ মাজভাগত হঠাৎ সামাজিক মাধ্যমত ৩০ জনতকৈ অধিক ইনফলুৱেন্সাৰে একেধৰণৰ হেচটেগ আৰু বিষয়বস্তুৰে ই-২০ৰ প্ৰশংসা কৰি ভিডিঅ’ পোষ্ট কৰিছিল। এই ভিডিঅ’সমূহ ইনষ্টাগ্ৰামৰ ‘Collab’ ফিচাৰৰ জৰিয়তে পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী আৰু চৰকাৰী তেল কোম্পানীসমূহৰ অফিচিয়েল একাউণ্টৰ সৈতে যুক্ত আছিল। ইয়াৰ পৰা স্পষ্ট হয় যে এই অভিযানৰ বিষয়ে চৰকাৰ সম্পূৰ্ণৰূপে অৱগত আছিল।

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ই-২০ৰ বিৰুদ্ধে চলি থকা সমালোচনাৰ পোষ্টসমূহক “ধনৰ বিনিময়ত কৰা প্ৰচাৰ” আৰু “ৰাজনৈতিকভাৱে প্ৰেৰিত” বুলি অভিযোগ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত মুকেশ মোহনে এটা ভিডিঅ’যোগে প্ৰকাশ কৰে যে, “নহয় মন্ত্ৰী মহোদয়, সমালোচকসকলে ধন লোৱা নাছিল। বৰঞ্চ আপোনালোকৰ প্ৰচাৰ অভিযানৰ বাবেহে ধন দিয়া হৈছিল।

তথ্য পৰীক্ষা কৰা ৱেবছাইট ‘অল্ট নিউজ’ৰ মতে, এই প্ৰচাৰমূলক ভিডিঅ’সমূহে লাখ লাখ লোকৰ কাষ চাপিবলৈ সক্ষম হৈছিল। ই-২০ নীতিৰ গুণগত মান লৈ বিতৰ্ক থকাটো স্বাভাৱিক, কিন্তু ইয়াৰ প্ৰচাৰত হোৱা ৰাজহুৱা ব্যয়ৰ তথ্য লুকুওৱা বিষয়টোৱে বৰ্তমান অধিক সন্দেহৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd