DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, March 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home আন্ত: ৰাষ্ট্ৰীয়

প্ৰবল ভূমিকম্পই কঁপাই তুলিলে ইৰান: নিহত তিনিগৰাকী, আঠ শতাধিক আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2023 9:10 am
Earthquake In Iran
103
VIEWS
Share on FacebookShare on Twitter

এক ভয়াৱহ ভূমিকম্পই শনিবাৰে নিশা ধ্বংসস্তূপত পৰিণত কৰিলে উত্তৰ-পশ্চিম ইৰান। ৫.৯ ৰিখটাৰৰ এক প্ৰবল ভূমিকম্পই তুৰস্কৰ সীমান্তৰ সমীপৰ অঞ্চলটো কঁপাই তোলাৰ পিছত প্ৰায় তিনিগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৮০০ ৰো অধিক লোক আহত হয়।

ভূমিকম্পৰ ফলত অঞ্চলটোৰ অট্টালিকাসমূহ মুহূৰ্তৰ ভিতৰে ধ্বংসাৱশেষত পৰিণত হয়। এনে ভয়ংকৰ পৰিস্থিতিত আতংকিত স্থানীয় বাসিন্দাসকলে ঘৰৰ পৰা পলায়ন কৰি নিৰাপদ আশ্ৰয়স্থল বিচাৰি ওলাই যোৱাৰ সময়ত আহত হয় শতাধিক লোক।

তেহৰাণ বিশ্ববিদ্যালয়ৰ ভূমিকম্পবিজ্ঞান কেন্দ্ৰই দেওবাৰে সদৰী কৰা মতে, শনিবাৰে নিশা ৯:৪৪ বজাত পশ্চিম আজাৰবাইজান প্ৰদেশৰ প্ৰায় ২ লাখ জনসংখ্যাৰ খোয় চহৰত এই প্ৰবল ভূমিকম্পৰ সৃষ্টি হয়।

পশ্চিম আজাৰবাইজানৰ গৱৰ্ণৰ মহম্মদ ছাদেগ মোটামেডিয়ানৰ ভাষ্য অনুসৰি এই ভূমিকম্পৰ ফলত ৮১৬ গৰাকী আহত আৰু তিনিগৰাকী লোকৰ মৃত্যু হৈছে।

Strong quake in northwest Iran kills at least three people

ইৰাণৰ ইলেক্ট্ৰনিক তথা প্ৰিণ্ট সংবাদ মাধ্যমে প্ৰকাশ কৰা দৃশ্য তথা ছবিসমূহত এই ভয়াৱহ দুৰ্যোগৰ ফলত অঞ্চলটোত সৃষ্টি হোৱা অবৰ্ণনীয় পৰিস্থিতি দেখিবলৈ পোৱা গৈছে।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, ৰাজধানী তেহৰাণৰ পৰা প্ৰায় ৮০০ কিলোমিটাৰ উত্তৰ-পশ্চিমে অঞ্চলটোত আবদ্ধ হৈ থকা লোকসকলৰ উদ্ধাৰৰ বাবে ইৰান প্ৰশাসনে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

Strong quake in northwest Iran kills at least three people | Arab News

ইৰাণৰ স্বৰাজ মন্ত্ৰী আহমদ ৱাহিদীয়ে খোয় ভ্ৰমণ কৰি পৰিস্থিতি নিৰীক্ষণ কৰে। দুৰ্গত সকলৰ উদ্ধাৰৰ বাবে সকলো ব্যৱস্থা গ্ৰহণৰ আশ্বাস দি তেওঁ ভূমিকম্পৰ ফলত অঞ্চলটোত পানী, বিদ্যুৎ আৰু গেছৰ সংযোগত প্ৰভাৱ পৰিছিল যদিও পুন সংযোগ কৰা হৈছে বুলি সংবাদ মাধ্যমক অৱগত কৰে।

উল্লেখ্য যে কেইবাখনো বৃহৎ টেকটনিক প্লেটৰ সীমাত থকা ইৰান সঘনাই ভূমিকম্পৰ সন্মুখীন হ’বলগীয়া হৈছে। অতি শেহতীয়াকৈ যোৱা ১৮ জানুৱাৰীত খোয়ৰ ওচৰতে ৫.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পত শতাধিক লোক আহত হৈছিল।

Recent News

Rahul Gandhi

“মোৰ নাম চাভাৰকাৰ নহয়, গান্ধী; ক্ষমা নোখোজোঁ”: ৰাহুল গান্ধীৰ প্ৰত্যুত্তৰ

সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ শংকিত প্ৰধানমন্ত্ৰী; সেয়ে মোৰ সাংসদ পদ খাৰিজ কৰা হ’ল: ৰাহুল গান্ধী

সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ শংকিত প্ৰধানমন্ত্ৰী; সেয়ে মোৰ সাংসদ পদ খাৰিজ কৰা হ’ল: ৰাহুল গান্ধী

‘মোডী মানে দুৰ্নীতি’: ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাৰ পিছতে ভাইৰেল বিজেপি নেত্ৰীৰ পুৰণি টুইট

‘মোডী মানে দুৰ্নীতি’: ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাৰ পিছতে ভাইৰেল বিজেপি নেত্ৰীৰ পুৰণি টুইট

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ; গুৱাহাটীত আটক কেইবাজনো কংগ্ৰেছী বিধায়ক

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ; গুৱাহাটীত আটক কেইবাজনো কংগ্ৰেছী বিধায়ক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd