NORTHEAST NOW (Assamese)

পডুচেৰীসহ চাৰি ৰাজ্যত ভোটগ্ৰহণৰ ৭২ ঘণ্টাৰ পূৰ্বে বাইক ৰেলী নিষিদ্ধ কৰিলে নিৰ্বাচন আয়োগে; কিন্তু কিয়?

March 22, 2021 5:11 pm · এন ই নাও নিউজ
Updated: March 22, 2021 5:16 pm

বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পডুচেৰীসহ দেশৰ চাৰি ৰাজ্যত ভোটগ্ৰহণৰ ৭২ ঘণ্টাৰ পূৰ্বে বাইক ৰেলীৰ নিষিদ্ধ ঘোষণা কৰিছে নিৰ্বাচন আয়োগে।

বাইক ৰেলীবোৰৰ দ্বাৰা ভোটাৰক ভীতিগ্ৰস্ত কৰি তোলা হয় বুলি উল্লেখ কৰি সোমবাৰে দেশৰ নিৰ্বাচন আয়োগে এই নিৰ্দেশনা জাৰি কৰিছে।

“নিৰ্বাচন আয়োগে লক্ষ্য কৰিছে যে কিছুমান ঠাইত ভোটাৰসকলক ভীতিগ্ৰস্ত আৰু সমাজ বিৰোধী কাৰ্যৰ বাবে নিৰ্বাচনৰ দিনা বাইক ব্যৱহাৰ কৰা হয়। নিৰ্বাচন আয়োগে সিদ্ধান্ত লৈছে যে ভোটগ্ৰহণৰ ৭২ ঘণ্টা পূৰ্বে বা ভোটগ্ৰহগণৰ দিনা সমষ্টিত বাইক ৰেলীৰ অনুমতি দিয়া নহ’ব।” সংবাদ সংস্থা এএনআই-এ নিৰ্বাচন আয়োগৰ উদ্ধৃতিৰে এইদৰে কয়।

উল্লেখ্য যে অহা সপ্তাহৰ পৰা অসমৰ ১২৬ টা, পশ্চিম বংগৰ ২৯৪ টা, কেৰলাৰ ১৪০ টা, তামিলনাডুৰ ২৩৪ আৰু পডুচেৰীৰ ৩০ বিধানসভাৰ সমষ্টিত নিৰ্বাচন আৰম্ভ হ’ব।

ইফালে মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৱাই কয় যে আঠটা পৰ্যায়ত ১২ হাজাৰো অধিক ভোটগ্ৰহণ কেন্দ্ৰত ১.১ লাখ ভোটাৰে কোভিড প্ৰট’কল মানি এই নিৰ্বাচনত ভোটাধিকাৰ সাৱ্যস্ত কৰিব পাৰিব।

ভোটগ্ৰহণৰ পূৰ্বে নিৰ্বাচনী দায়িত্ব লাভ কৰা সকলো বিষয়া-কৰ্মীকে কোভিড ভেকচিন প্ৰদান কৰা হ’ব বুলিও মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে কয়।

আনহাতে ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰিবলৈ নিৰাপত্তাৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহত অৰ্ধসামৰিক বাহিনীৰ জোৱানক মোতায়েন কৰা হ’ব বুলিও জনাইছে মুখ্য নিৰ্বাচন আয়ুক্তই।

উল্লেখ্য যে ভোটগ্ৰহণৰ ৪৮ ঘণ্টাৰ পূৰ্বে ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহত নিৰ্বাচনী প্ৰচাৰৰ সমাপ্ত হ’ব।

Related News