ভাৰতৰ নিৰ্বাচন আয়োগ আৰু ৰাজ্যিক নিৰ্বাচন আয়োগসমূহৰ মাজত সমন্বয় আৰু সহযোগিতা বৃদ্ধিৰ মূল লক্ষ্যৰে অহা মঙলবাৰে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ঘূৰণীয়া মেজমেলৰ (National Round Table Conference) আয়োজন কৰা হৈছে। সুদীৰ্ঘ ২৭ বছৰৰ ব্যৱধানৰ অন্তত এই উচ্চ পৰ্যায়ৰ সন্মিলনখন অনুষ্ঠিত হ’বলৈ গৈ আছে। ইয়াৰ পূৰ্বে ১৯৯৯ চনত অন্তিমবাৰৰ বাবে এনে সন্মিলন অনুষ্ঠিত হৈছিল।
বিভাগীয় বিষয়াসকলে জানিবলৈ দিয়া মতে, মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পৌৰোহিত্যত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনত নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশী উপস্থিত থাকিব। নিৰ্বাচন আয়োগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা অনুসৰি, সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৰাজ্যিক নিৰ্বাচন আয়ুক্তসকলৰ লগতে তেওঁলোকৰ কাৰিকৰী আৰু আইনী দলেও এই আলোচনাত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰি দেশৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰা মুখ্য নিৰ্বাচনী বিষয়াসকলো সন্মিলনত উপস্থিত থাকিব।
নিজ নিজ সাংবিধানিক আৰু আইনী অধিকাৰৰ অধীনত নিৰ্বাচন পৰিচালনাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নিৰ্বাচন আয়োগৰ মাজত সমন্বয় সুদৃঢ় কৰাই হৈছে এই সন্মিলনৰ প্ৰধান উদ্দেশ্য। এই আলোচনাই ধাৰণা বিনিময়ৰ এক যোগাত্মক মঞ্চ প্ৰদান কৰাৰ লগতে নিৰ্বাচনী ব্যৱস্থাপনাত সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা (Cooperative Federalism) অধিক শক্তিশালী কৰিব বুলি আশা কৰিছে। দিনজোৰা এই সন্মিলনত প্ৰযুক্তিৰ বিনিময়, ইলেক্ট্ৰনিক ভোটিং মেচিন আৰু ভোটাৰ তালিকাৰ লগতে নিৰ্বাচনী প্ৰক্ৰিয়া আৰু লজিষ্টিক ব্যৱস্থা অধিক সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।
আয়োগৰ জ্যেষ্ঠ বিষয়াসকলে শেহতীয়াকৈ মুকলি কৰা ‘ECINET’ ডিজিটেল প্লেটফৰ্ম আৰু নিৰ্বাচনী সেৱাসমূহ সুশৃংখল কৰাত ইয়াৰ পৰিৱৰ্তনশীল সম্ভাৱনাকে ধৰি গুৰুত্বপূৰ্ণ প্ৰযুক্তিগত আৰু কাৰ্যকৰী পদক্ষেপসমূহৰ ওপৰত বিতং উপস্থাপন দাঙি ধৰিব। ইয়াৰ সমান্তৰালভাৱে ইভিএমৰ স্বচ্ছতা আৰু নিৰাপত্তাৰ দিশসমূহো বিশেষভাৱে উপস্থাপন কৰা হ’ব। তদুপৰি, ১৯৫০ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ অধীনত ভোটাৰৰ যোগ্যতা সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ এক তুলনামূলক পৰ্যালোচনা দাঙি ধৰা হ’ব, যাতে ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ আইনী কাঠামোৰ ওপৰত এক ফলপ্ৰসূ আলোচনা অনুষ্ঠিত কৰিব পৰা যায়।
উল্লেখ্য যে, ৭৩ আৰু ৭৪ সংখ্যক সাংবিধানিক সংশোধনীৰ আধাৰত নিজ নিজ ৰাজ্যই প্ৰণয়ন কৰা আইন অনুসৰি ৰাজ্যিক নিৰ্বাচন আয়োগসমূহ গঠন কৰা হয়। সংবিধানৰ ২৪৩-কে (243K) আৰু ২৪৩-জেডএ (243ZA) অনুচ্ছেদৰ অধীনত ৰাজ্যিক নিৰ্বাচন আয়োগসমূহক ভোটাৰ তালিকা প্ৰস্তুতকৰণৰ লগতে পঞ্চায়ত আৰু পৌৰ নিগমসমূহৰ নিৰ্বাচন পৰিচালনা আৰু নিয়ন্ত্ৰণৰ দায়িত্ব অৰ্পণ কৰা হৈছে।





