‘২৪ৰ নিৰ্বাচনে সৃষ্টি কৰিলে নজিৰ! দেশজুৰি ডেৰমাহতে জব্দ ৪৬৫০ কোটিৰ সামগ্ৰী আৰু ধন

১৮ সংখ্যক লোকসভা নিৰ্বাচনে ভাৰতীয় গণতন্ত্ৰৰ ৭৫ বছৰীয়া ইতিহাসত এক নতুন নজিৰ সৃষ্টি কৰিলে। ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বে হিচাপহীন নগদ ধন, সুৰা, ড্ৰাগছ, বহুমূলীয়া ধাতু আৰু উপহাৰৰ সামগ্ৰী উদ্ধাৰৰ বাবে এই নজিৰ ৰচনা কৰা হৈছে। সোমবাৰে নিৰ্বাচন আয়োগে প্ৰদান কৰা তথ্য আৰু পৰিসংখ্যাত এই কথা প্ৰকাশ পাইছে।

লগতে পঢ়ক: ৭৬পৃষ্ঠাৰ ইস্তাহাৰত ৫৩খন নৰেন্দ্ৰ মোদীৰ ছবি! নিয়োগ,মূল্যবৃদ্ধিৰ দৰে প্ৰসংগ উপেক্ষাৰ অভিযোগ বিৰোধীৰ

আয়োগৰ তথ্য অনুসৰি ১ মাৰ্চৰ পৰা বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মুঠ নগদ ধন আৰু অন্যান্য উদ্ধাৰ হোৱা সামগ্ৰীৰ পৰিমাণ ৪৬৫০ কোটি টকা। সেইটোৱে ২০১৯ চনত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ (অহা ১৯ এপ্ৰিল) আৰম্ভ হোৱাৰ পূৰ্বে মুঠ হিচাপহীন নগদ আদায়ক অতিক্ৰম কৰিছে। পাঁচ বছৰ পূর্বে লোকসভা নির্বাচনৰ সময়ত নগদ ধন আৰু অন্যান্য সামগ্রীত আদায় কৰা মুঠ ধনৰাশি আছিল ৩৪৭৫ কোটি টকা৷

লগতে পঢ়ক: ৭৬পৃষ্ঠাৰ ইস্তাহাৰত ৫৩খন নৰেন্দ্ৰ মোদীৰ ছবি! নিয়োগ,মূল্যবৃদ্ধিৰ দৰে প্ৰসংগ উপেক্ষাৰ অভিযোগ বিৰোধীৰ

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি বিগত ডেৰ মাহ ধৰি সমগ্ৰ দেশতে গড়ে ১০০ কোটিৰো অধিক হিচাপবিহীন নগদ ধন আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে। আয়কৰ বিভাগ, ইডি, চিবিআই আৰু বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষীয়ে যৌথভাৱে এই নগদ ধন, সুৰা, ড্ৰাগছ, বহুমূলীয়া ধাতু আৰু উপহাৰ উদ্ধাৰ কৰে বুলি মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেলত জনায়।

লগতে পঢ়ক: ছলমান খানৰ বাসগৃহত গুলীচালনাত নাম সাঙোৰ খাইছে লৰেঞ্চ বিষ্ণোই গেঙৰ

আয়োগৰ পৰিসংখ্যা অনুসৰি নগদ ধন আৰু অন্যান্য হিচাপহীন সামগ্ৰীকে ধৰি ১ মাৰ্চৰ পৰা পশ্চিম বংগত উদ্ধাৰ হোৱা মুঠ আনুমানিক ধন প্ৰায় ২১৯ কোটি টকা। এই ক্ষেত্ৰত ৰাজ্যখন অষ্টম স্থানত আছে। শীৰ্ষত থকা ৰাজস্থানত উদ্ধাৰ হয় ৭৭৮ কোটি টকা। ইয়াৰ উপৰিও গুজৰাটত ৬০৫ কোটি, তামিলনাডুত ৪৬০ কোটি, মহাৰাষ্ট্ৰত ৪৩১ কোটি, পঞ্জাবত ৩১১ কোটি, কৰ্ণাটকত ২৮১ কোটি, দিল্লীত ২৩৬ কোটি আৰু অন্যান্য হিচাপহীন সামগ্ৰী উদ্ধাৰ কৰা হৈছে।

লগতে পঢ়ক: ৰাতি ভাল টোপনিৰ বাবে মহিলা মন্ত্ৰীক সুৰাপান কৰিবলৈ আহ্বান বিজেপি নেতাৰ