NORTHEAST NOW (Assamese)

কমিব অৰ্থনৈতিক বিকাশৰ গতি! ৬.৩ৰ পৰা ৬.৮ শতাংশৰ ভিতৰত থাকিব পাৰে জিডিপি: অৰ্থনৈতিক জৰীপৰ প্ৰতিবেদন

January 31, 2025 3:08 pm · এন ই নাও নিউজ, গুৱাহাটী

কেন্দ্ৰৰ অৰ্থনৈতিক জৰীপৰ প্ৰতিবেদনত ২০২৫-২৬ বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) হাৰৰ নিম্নগামী ধাৰাৰ ইংগিত দেখা গৈছে। তাত উল্লেখ কৰা হৈছে যে আগন্তুক বিত্তীয় বৰ্ষত জিডিপি বৃদ্ধিৰ হাৰ ৬.৩ৰ পৰা ৬.৮ শতাংশৰ ভিতৰত উঠা-নমা কৰিব। প্ৰতিবেদনত স্পষ্ট কৰি দিয়া হৈছে যে অহা বছৰো অৰ্থনৈতিক বিকাশৰ গতি মন্থৰ হ’ব পাৰে।

১ ফেব্ৰুৱাৰী শনিবাৰে সংসদত বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ইয়াৰ ঠিক এদিন পূৰ্বে কেন্দ্ৰই ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক জৰীপৰ প্ৰতিবেদন প্ৰকাশ কৰিলে।

প্ৰতিবেদনত দাবী কৰা হৈছে যে দেশৰ অৰ্থনীতিৰ মৌলিক দিশবোৰ শক্তিশালী হৈয়ে আছে। বিদেশী মুদ্ৰাৰ মজুতও যথেষ্ট ভৰপূৰ। বিত্তীয় একত্ৰীকৰণ আৰু সুস্থিৰ ব্যক্তিগত ব্যয় দেখা গৈছে। এই ভাৰসাম্য বজাই ৰাখি ২০২৬ বিত্তীয় বৰ্ষত জিডিপি বৃদ্ধিৰ হাৰ ৬.৩ৰ পৰা ৬.৮ শতাংশ বুলি অনুমান কৰা হৈছে।

ইয়াৰ উপৰিও অৰ্থনৈতিক জৰীপৰ প্ৰতিবেদনত ঔদ্যোগিক খণ্ডত উৎপাদন হ্ৰাস পোৱাৰ বাতৰি প্ৰকাশ পাইছে। বিশ্লেষকসকলে ইয়াৰ বাবে বিশ্বজুৰি দুৰ্বল চাহিদা আৰু বতৰৰ খামখেয়ালিকে দোষাৰোপ কৰে।

অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ‘‘ ঘৰুৱা চাহিদাৰ সুস্থিৰতাৰ বাবে ব্যক্তিগত ব্যয় বিশেষ বৃদ্ধি হোৱা নাই। কিন্তু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত চাহিদা হ্ৰাস পোৱাৰ বাবে উৎপাদনৰ সূচক হ্ৰাস পাইছে।’’

কিন্তু অৰ্থনৈতিক জৰীপৰ প্ৰতিবেদনত স্বীকাৰ কৰা হৈছে যে শেহতীয়াকৈ খাদ্যৰ মুদ্ৰাস্ফীতি যথেষ্ট চিন্তনীয় হৈ পৰিছে। ২০২৫ বিত্তীয় বৰ্ষৰ শেষৰ তিনিমাহত ই হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। বিশ্লেষকসকলৰ মতে খাৰিফ শস্য বজাৰত উপস্থিত হ’লে পাচলিৰ দাম হ্ৰাস পাব।

Related News