অৰ্থনৈতিক সমীক্ষাত ভাৰতীয়ৰ মেদবহুলতা আৰু শিশুৰ ইণ্টাৰনেট ব্যৱহাৰক লৈ উদ্বেগ বিত্তমন্ত্ৰীৰ

প্ৰতিনিধিত্বমূলক ফটো।

সোমবাৰে ভাৰতৰ অৰ্থনৈতিক সমীক্ষাই প্ৰকাশ কৰিছে যে ভাৰতত বিশেষকৈ কিশোৰ-কিশোৰীসকলৰ মাজত মানসিক স্বাস্থ্যজনিত সমস্যা আৰু মেদবহুলতা বৃদ্ধি পাইছে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেটৰ এদিন পূৰ্বে এই অৰ্থনৈতিক সমীক্ষা দাখিল কৰে। তাতেই মানসিক স্বাস্থ্যৰ সৈতে জড়িত ব্যৱধানসমূহ তুলি ধৰা হৈছে। কোৱা হৈছে যে পৰিস্থিতি চম্ভালিবলৈ দ্ৰুত সমস্যা সমাধানৰ প্ৰয়োজন।

ভাৰতৰ সকলো ৰোগৰ ৫৪ শতাংশই অস্বাস্থ্যকৰ খাদ্যৰ কাৰক বুলি অৰ্থনৈতিক সমীক্ষাত উল্লেখ কৰা হৈছে, যাৰ ফলত ভাৰতৰ প্ৰাপ্তবয়স্কসকলৰ মেদবহুলতা বৃদ্ধি পোৱাৰ বাবে “গুৰুতৰ” উদ্বেগৰ সৃষ্টি হৈছে। দিল্লী, তামিলনাডু, অন্ধ্ৰপ্ৰদেশৰ দৰে ৰাজ্যত পুৰুষতকৈ অধিক মহিলাই এই সমস্যাৰ সন্মুখীন হৈছে।

লগতে পঢ়কঃ ২০ বছৰ ধৰি মহিলাৰ পেটৰ ভিতৰত আছিল বেজী! ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ বাংগালুৰুৰ হাস্পতালক

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা (NFHS)ৰ উদ্ধৃতি দি অৰ্থনৈতিক সমীক্ষাত উল্লেখ কৰা হৈছে যে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত (দিল্লী) ৪১.৩ শতাংশ মহিলা মেদবহুল হোৱাৰ বিপৰীতে পুৰুষৰ ৩৮ শতাংশ। তামিলনাডুত ৪০.৪ শতাংশ মহিলা আৰু ৩৭ শতাংশ পুৰুষ মেদবহুল। অন্ধ্ৰত পুৰুষৰ মেদবহুলতাৰ হাৰ ৩১.১ শতাংশ, আনহাতে মহিলাৰ মেদবহুলতাৰ হাৰ ৩৬.৩ শতাংশ।

এন এফ এইচ এছৰ তথ্য অনুসৰি ভাৰতৰ গ্ৰাম্য অঞ্চলতকৈ চহৰত মেদবহুলতাৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বেছি। ভাৰতৰ নগৰীয়া পুৰুষৰ ক্ষেত্ৰত এই হাৰ ২৯.৮ শতাংশ হোৱাৰ বিপৰীতে গ্ৰাম্য ভাৰতৰ ১৯.৩শতাংশ।

ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ)-ৰ প্ৰতিবেদনৰ উদ্ধৃতি দিয়া হৈছে, য’ত কোৱা হৈছে যে উচ্চ শৰ্কৰা আৰু চৰ্বিযুক্ত প্ৰচেছড খাদ্যৰ ব্যৱহাৰ বৃদ্ধি, শাৰীৰিক কাৰ্যকলাপ হ্ৰাস আৰু বিভিন্ন ধৰণৰ খাদ্যৰ সীমিত সুবিধা, অণুপুষ্টিৰ অভাৱ আৰু ই অতিৰিক্ত ওজন বা মেদবহুলতা বৃদ্ধি কৰে। ভাৰতৰ মেদবহুলতাৰ হাৰ তিনি শতাংশ বৃদ্ধি পাইছে।

লগতে পঢ়কঃ স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ মহিলা আৰু তেওঁৰ প্ৰেমিক

অ৪থনৈতিক সমীক্ষাত মানসিক স্বাস্থ্যৰ প্ৰতিও উদ্বেগ প্ৰকাশ কৰিছে। কোৱা হৈছে যে নীতি বনোৱা হ’লেও সেয়া সঠিকভাৱে পালন কৰা নহয়। ইণ্টাৰনেটৰ বাবেই শিশু আৰু কিশোৰ-কিশোৰীৰ মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়। বিশেষকৈ ছ’চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰৰ বাবে দোষাৰোপ কৰা হৈছে। শিশুৰ দ্বাৰা অনিয়ন্ত্ৰিত আৰু তদাৰকীহীনভাৱে ইণ্টাৰনেটৰ ব্যৱহাৰেও বিভিন্ন সমস্যাৰ সৃষ্টি কৰা বুলি দাবী কৰা হৈছে।