• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ইডিয়ে কৰা তদন্তৰ অভিযোগ প্ৰমাণৰ হাৰ অতি কম’: উচ্চতম ন্যায়ালয়ত প্ৰশ্নৰ সন্মুখীন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 29, 2024 1:02 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধন সৰবৰাহৰ গোচৰত পশ্চিম বংগৰ প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে বুধবাৰে (২৬ নৱেম্বৰ) উচ্চতম ন্যায়ালয়ে অভিযুক্তক বিচাৰ অবিহনে দীৰ্ঘদিন ধৰি জিম্মাত ৰখাৰ বাবে উদ্বেগ প্ৰকাশ কৰে।

লাইভ ল’ৰ প্ৰতিবেদন অনুসৰি ন্যায়াধীশ সূৰ্য্য কান্ত আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠেও বলবৎকাৰী সঞ্চালকালয়ে (ইডি) চলোৱা গোচৰসমূহত দোষী সাব্যস্ত হোৱাৰ হাৰ কম হোৱাক লৈ প্ৰশ্ন উত্থাপন কৰে।

Apply Now

জানিব পৰা মতে, চেটাৰ্জীৰ হৈ জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহটগীয়ে কয় যে প্ৰাক্তন মন্ত্ৰীগৰাকীক ২০২২ চনৰ ২৩ জুলাইত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁ ২.৫ বছৰতকৈ অধিক সময় ধৰি জিম্মাত আছে।

লগতে তেওঁ কয় যে আবেদনকাৰীৰ বয়স ৭৩ বছৰ আৰু এই গোচৰ শীঘ্ৰে সম্পূৰ্ণ হোৱাৰ কোনো সম্ভাৱনা নাই। কাৰণ এই গোচৰত ১৮৩ জন সাক্ষী আৰু চাৰিটা পৰিপূৰক বিচাৰ অভিযোগ আছে।

ৰোহাটগীয়ে লগতে কয় যে চেটাৰ্জীয়ে ইতিমধ্যে ধন সৰবৰাহৰ প্ৰতিৰোধ আইনৰ অধীনত সৰ্বোচ্চ শাস্তিৰ এক তৃতীয়াংশতকৈ অধিক শাস্তি ভুগিছে, যিটো হৈছে ৭ বছৰৰ কাৰাদণ্ড।

এই সন্দৰ্ভত ন্যায়াধীশ ভূঞাই ইডিৰ হৈ অতিৰিক্ত চলিচিটৰ জেনেৰেল এছ ভি ৰাজুক প্ৰশ্ন কৰে যে, ‘অৱশেষত যদি তেওঁক দোষী সাব্যস্ত নহয় তেন্তে কি হ’ব? ২.৫-৩ বছৰ অপেক্ষা কৰাটো কম সময় নহয়! আপোনাৰ দোষী সাব্যস্ত হোৱাৰ হাৰ কিমান? যদি ৬০-৭০% হয় তেন্তে আমি বুজিব পাৰো, কিন্তু ই বহুত বেয়া।’

ইয়াৰ উত্তৰত অতিৰিক্ত ছলিচিটৰ জেনেৰেলে কয় যে বিষয়টো গোচৰৰ ভিত্তিত চাব লাগিব। এই গোচৰৰ পৰৱৰ্তী শুনানি এতিয়া অহা সপ্তাহত হ’ব।

উল্লেখযোগ্য যে ২০১৪ চনৰ পৰা ২০২১ চনলৈ তৃণমূল কংগ্ৰেছ চৰকাৰত পাৰ্থ চেটাৰ্জী শিক্ষামন্ত্ৰী আছিল। চেটাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ পিছত মন্ত্ৰী পদৰ পৰা অপসাৰণ কৰি তৃণমূল কংগ্ৰেছৰ পৰা নিলম্বন কৰা হয়।

পাৰ্থ চেটাৰ্জীৰ পিছত পশ্চিম বংগৰ বিদ্যালয়সমূহত শিক্ষক আৰু অশিক্ষক কৰ্মচাৰী নিযুক্তিৰ সৈতে জড়িত এক অভিযোগত কেলেংকাৰীত গ্ৰেপ্তাৰ হয় মাণিক ভট্টাচাৰ্যক। এই গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰা টিএমচিৰ দ্বিতীয়জন বিধায়ক আছিল তেওঁ।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd