• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অনিল আম্বানীৰ বিয়াগোম সম্পত্তি জব্দ ইডিৰ, ৩৬০০ কোটি টকীয়া ঘৰ এতিয়া কেন্দ্ৰীয় সংস্থাৰ হাতত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2026 7:30 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় ৪০ হাজাৰ কোটি টকাৰ বেংক জালিয়াতিৰ অভিযোগত অভিযুক্ত উদ্যোগপতি অনিল আম্বানীৰ বিপদ এতিয়া আকাশলংঘী হৈ পৰিছে। এই বৃহৎ বিত্তীয় কেলেংকাৰীৰ তদন্ত কৰি থকা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট বা ইডিয়ে মুম্বাইত থকা অনিল আম্বানীৰ ৩৭১৬ কোটি টকাৰ বিলাসী বাসগৃহটো শেহতীয়াকৈ জব্দ কৰিছে। এনডিটিভিৰ এক প্ৰতিবেদন অনুসৰি এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে বৃহস্পতিবাৰে সোধা-পোছাৰ বাবে উদ্যোগপতিজনক পুনৰ তলব কৰিছে। ইডিৰ সূত্ৰই প্ৰকাশ কৰিছে যে ৰিলায়েন্স গ্ৰুপৰ বিৰুদ্ধে ইতিমধ্যে তিনিটাকৈ গোচৰ ৰুজু কৰা হৈছে আৰু এই তদন্তৰ অংশ হিচাপেই এতিয়ালৈকে প্ৰায় ১২ হাজাৰ কোটি টকাৰ সম্পত্তি জব্দ কৰা হৈছে। এইবাৰ তদন্তকাৰী সংস্থাৰ কোপ দৃষ্টিত পৰিছে অনিল আম্বানীৰ ব্যক্তিগত বাসগৃহ ‘আবোড’।

মুম্বাইৰ অভিজাত পালি পাহাৰ অঞ্চলত অৱস্থিত এই ১৭ মহলীয়া ভৱনটো ভাৰতৰ অন্যতম ব্যয়বহুল আৰু বিলাসী ঘৰ হিচাপে পৰিচিত। প্ৰায় ৬৬ মিটাৰ উচ্চতাৰ এই বাসগৃহটো ১৬ হাজাৰ বৰ্গফুট এলেকাত বিয়পি আছে। অত্যাধুনিক সা-সুবিধাৰে ভৰপূৰ এই ভৱনটোত ব্যক্তিগত হেলিপেডৰ পৰা আৰম্ভ কৰি একাধিক চুইমিং পুল আৰু জিমৰ ব্যৱস্থা আছে। কিন্তু বিত্তীয় অনিয়মৰ অভিযোগৰ তদন্তত এতিয়া এই বিয়াগোম সম্পত্তিটো ইডিৰ নিয়ন্ত্ৰণলৈ গৈছে। ৰিলায়েন্স এডিএজি গোটৰ বিভিন্ন কোম্পানী আৰু ইয়াৰ মুৰব্বী অনিল আম্বানীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁলোকে বিভিন্ন বেংকৰ পৰা লোৱা ঋণৰ ধন মূল কামত ব্যৱহাৰ নকৰি অন্য দিশলৈ লৈ গৈছিল।

Apply Now

এই সমগ্ৰ বিষয়টোত উচ্চতম ন্যায়ালয়েও তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। যোৱা মাহত আদালতে অনিল আম্বানী আৰু তেওঁৰ গোটলৈ জাননী প্ৰেৰণ কৰি স্পষ্টকৈ জনাই দিছিল যে এয়া তেওঁলোকৰ বাবে শেষ সুযোগ। ইয়াৰ উপৰিও তদন্তত কিয় ইমান পলম হৈছে সেই সন্দৰ্ভত ১০ দিনৰ ভিতৰত উত্তৰ দিবলৈ চিবিআই আৰু ইডিক নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। বিচাৰপীঠে ক্ষোভ প্ৰকাশ কৰি কৈছিল যে ইমান দিনে তদন্তত হোৱা বিলম্বৰ কোনো গ্ৰহণযোগ্য কাৰণ নাই। আনহাতে কেইবাটাও ৰাজহুৱা খণ্ডৰ বেংকে ইতিমধ্যে অনিল আম্বানীৰ কোম্পানীৰ একাউণ্টসমূহক প্ৰৱঞ্চনামূলক বুলি ঘোষণা কৰিছে।

উল্লেখ্য যে এই সমগ্ৰ কেলেংকাৰীৰ বিৰুদ্ধে প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক শৰ্মাই অধিবক্তা প্ৰশান্ত ভূষণৰ জৰিয়তে উচ্চতম ন্যায়ালয়ত এখন জনস্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিল। আবেদনকাৰীৰ অভিযোগ আছিল যে এই জালিয়াতি ২০০৭-০৮ চনৰ পৰাই চলি আছিল যদিও ২০২৫ চনতহে ইয়াৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছিল। বৰ্তমান মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰ আৰু তদন্তকাৰী সংস্থাসমূহক সমগ্ৰ তদন্তৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে। এনে এক জটিল পৰিস্থিতিত মুম্বাইৰ এই বহুমূলীয়া সম্পত্তি জব্দ হোৱাৰ ঘটনাই অনিল আম্বানীৰ বাবে আইনী সংকট অধিক গভীৰ কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd