• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

ৰাহুল আহি ৰাজনীতি নকৰি ঠিকে-ঠাকে গ’ল; জুবিনক লৈ ৰাজনীতি কৰি আছে হিমন্তই!

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
October 18, 2025 4:51 pm
76
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈ জুবিন ঢুকোৱাৰ এমাহ হ’ব। কিন্তু মানুহৰ মন এতিয়াও বেয়া।অস্থিৰ,অশান্ত। ডেকা ল’ৰা-ছোৱালীবোৰে “অ’ জুবিনদা, অ’ জুবিনদা” বুলি চিঞৰা শুনিলে মনটো কিবা কিবি লাগে। তাৰ মাজতে জুবিনৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ আৰু জুবিনৰ পৰিয়ালক লগ কৰিবলৈ বিৰোধী দলপতি ৰাহুল গান্ধী কালি গুৱাহাটীলৈ আহিছিল। গুৱাহাটীত থকা সময়ত ৰাহুলে মাত্ৰ দুটা কাম কৰিছিল। প্ৰথমে তেওঁ সোণাপুৰলৈ গৈ জুবিনৰ সমাধিত শ্ৰদ্ধাৰ্পণ কৰে আৰু পিছত কাহিলীপাৰালৈ গৈ জুবিনৰ পৰিয়ালৰ মানুহক লগ কৰে। কালি ৰাহুল গান্ধীয়ে কোনো দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰা নাই। কোনো ৰাজনৈতিক কথা কোৱা নাই। এয়া চাওক সোণাপুৰত তেওঁ কি কৰিছিল।

জুবিনৰ সমাধিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পিছত তেওঁ তাত এটি নাহৰৰ পুলি  ৰোপণ কৰিছে। খন্তেক সময় তাত হৈ থকা থিয় নামত অংশগ্ৰহণ কৰিছে আৰু তাৰ পিছত জুবিনৰ ঘৰলৈ আহি পৰিয়ালক সমবেদনা জনাই সাংবাদিকক সম্বোধন কৰি চমুকৈ দুষাৰমান কথা কৈছে। কি কৈছে আপোনালোক সকলোৱে শুনিছে। তথাপি মই আকৌ এবাৰ শুনাই লৈছোঁ কথাখিনি প্ৰাসংগিক কাৰণে। দেখিলে, ৰাহুলে কিমান কম কথা ক’লে! আৰু কাঞ্চনজংঘাৰ লগত জুবিনৰ তুলনাৰ ব‍্যাখ‍্যাটো চাওক।কিমান স্বাভাৱিক, স্বতঃস্ফূৰ্ত আৰু সঁচা। মন চুই যোৱা, হিয়া পৰশা। ৰাহুল আহিল, গ’ল। সকলো ঠিকে-ঠাকে হৈ গ’ল।

Apply Now

এতিয়া আহিছোঁ, অইন এটা কথালৈ। ৰাহুল অহাৰ আগয়ে অসমৰ মুখ‍্যমন্ত্ৰীয়ে কি কৈছিল? এই যে ভূপেন হাজৰিকা ঢুকাওঁতে কংগ্ৰেছৰ কোনো নহা বুলি কোৱা কথাটো, ২৮ দিনৰ মূৰত দেৰিকৈ ৰাহুল গান্ধী অহাৰ কথাটো। কংগ্ৰেছে একো কোৱাৰ প্ৰয়োজনেই নহ’ল।ৰাইজেই হিমন্তবিশ্বৰে পুৰণি পোষ্ট আৰু ছৱি ৰাষ্ট্ৰ কৰি প্ৰমাণ কৰি দেখুৱালে যে তেতিয়াও ৰাহুল গান্ধী আহিছিল আৰু   নিজৰাপাৰলৈ গৈ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা জনাইছিল।আৰু কংগ্ৰেছক যে তেওঁলোকে হাঁহিছে তেওঁলোকৰ ৰাষ্ট্ৰীয় নেতা মোদী, শ্বাহ, ৰাজনাথৰ কোনজন নো আহিছে এতিয়া? কিৰণৰ কথা নক’বা। অসম তেওঁৰ অহা যোৱা বাটত পৰে। কিন্তু আমাৰ লাজ নোহোৱা মুখ‍্যমন্ত্ৰীক একোৱে তলাব নোৱাৰে।

এতিয়া কালি আন এটা কথা শুনিলোঁ। এইবাৰ বোলে বিজেপিয়ে জুবিনৰ মৃত‍্যুৰ ন‍্যায় বিচাৰিব “ময়ো জুবিন, আমিও জুবিন”! বুলি ধ্বনি দি। হঠাৎ আকৌ কি হ’ল? সেইদিনা মুখ‍্যমন্ত্ৰীয়ে ক’লে জুবিনৰ মৃত‍্যুৰ তদন্ত চলি আছে যিহেতু এতিয়া জুবিনৰ ন‍্যায় বিচৰাৰ কোনো অৰ্থ নাই। তেনে কৰিলে অসম পিছুৱাইহে যাব। তেনেহ’লে, এতিয়া এইবোৰ আমি কি শুনিছোঁ, কি দেখিছোঁ?  মানে বিজেপিয়ে আন্দোলন কৰিলে ঠিক। বেলেগে কৰিলে বেঠিক! কি আচৰিত ! আৰু এটা কথা- হাৰে তোমালোকেই দেখোন ক্ষমতাত, তোমালোকে কাৰ ওচৰত দাবী জনাইছা? এইটো এটা অদ্ভুত কথা নহয়নে? আৰু তোমালোকৰ দাবীটোৰ অৰ্থ কি?

জুবিনে কৈছিল, “মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। মই কাঞ্চনজংঘা” তোমালোকৰো কোনো জাতি আৰু ধৰ্ম নাই নেকি? তোমালোকৰ জাতি কি নাজানো। কিন্তু হিন্দু ধৰ্মৰ কথা কৈ তোমালোকে যে গোঠেইখনতে কন্দল লগাই ফুৰিছা সেইটো  আমি জানো। তোমালোক কেনেকৈ জুবিন হ’বা? জুবিনৰ প্ৰতিভাৰ কথাটো বাদেই দিলোঁ বাৰু, জুবিনৰ আদৰ্শ কি আছিল? জুবিনৰ আদৰ্শ আছিল সকলোকে সাৱটি লোৱা আদৰ্শ, তাত অসমীয়া, বঙালী, হিন্দু, মুছলমানৰ কথা নাছিল। জুবিনে গৰীৱ, দুখীয়াৰ কথাহে চিন্তা কৰিছিল আৰু জুবিনৰ আছিল অসীম প্ৰকৃতি প্ৰেম। জুবিনে পশু-পক্ষী ভাল পাইছিল। ইয়াৰে কোনটোৰ সৈতে বিজেপিৰ বিভাজনবাদী আদৰ্শৰ মিল আছে?

আচলতে হৈছে কি? জুবিন ঢুকোৱাৰ দিন ধৰি হিমন্তবিশ্বই কৈ আছে যে জুবিনৰ মৃত‍্যুৰ  কথাটোক লৈ কোনেও ৰাজনীতি কৰিব নালাগে। কিন্তু আজি আমি এনে এটা সময়ত বাস কৰিছোঁ, এনে এটা শাসনত  আছোঁ, এনে এটা দলে আমাক শাসন কৰিছে  যিটো দলৰ শয়নে-সপোনে কেৱল এটাই চিন্তা – কেনেকৈ নিৰ্বাচনত জিকি ক্ষমতাত থাকিব পাৰি। তেওঁলোকৰ কাৰণে সকলো মিছা, ক্ষমতাহে সঁচা। সেইটোৱে তেওঁলোকৰ ৰাজনীতি। এতিয়া তেওঁলোকে দেখিছে যে অসমত জুবিন হাৱা বলিছে। এই হাৱা সততে শাম কটাৰ কোনো চিন ইংগিত দেখা নাই।জুবিনৰ মৃত‍্যুৱে যদি আজি আটাইতকৈ বেছি কাৰোবাক অস্বস্তিত পেলাইছে,  সেইটো হৈছে বিজেপি দল আৰু হিমন্তবিশ্ব শৰ্মা।

কিয়নো জুবিনৰ আদৰ্শ আছিল বিজেপিৰ আদৰ্শৰ ঠিক বিপৰীত যিটো ইতিমধ‍্যে আমি উল্লেখ কৰিছোঁ।বিজেপি মানেই বিভাজন। আৰু এতিয়া চাৰিওফালে শ‍্যামকানু আৰু হিমন্তবিশ্বৰ ছৱি। মহন্ত মণ্ডলৰ লগত হিমন্তবিশ্বৰ ছৱি, চৰকাৰৰ ছৱি, বিজেপিৰ ছৱি!  কিমান মচিব ? মচি শেষ কৰিব নোৱাৰাকৈ ছৱি! এইবোৰ দেখি-শুনি মোৰ এটা পুৰণি সাধুলৈ মনত পৰিছে। সেই যে পাহৰৰ ওপৰৰ পৰা তললৈ বৈ অহা নিজৰাটোৰ ওপৰৰ ফালে পানী খাই থকা সিংহই নামনিত পানী খাই থকা ভেৰা পোৱালীটোলৈ পোন্দোৱাকৈ চাই কৈছিলঃ “ঐ, তোক মই এতিয়া খাম? কিয় মহাশয়? তোৰ ইমান ধৃষ্টতা, তই মই খোৱা পানী খাই লেতেৰা কৰ? মহাশয়, আপুনি আছে ওপৰৰ ফালে, মই আছোঁ তলত, আপুনি খোৱা পানীহে মই খাই আছোঁ।” কথাটো সেইটোৱেই। জুবিনক লৈ দিনে-ৰাতিয়ে ৰাজনীতি কৰি আছে বিজেপি আৰু হিমন্তই আৰু তেওঁলোকে অপযশ দিয়ে আনক।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd