• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২০ বৰ্ষত অৰ্থনৈতিক আৰু শৈক্ষিকভাৱে অসম ভীষণ ক্ষতিৰ সন্মুখীন হ’ল: ডঃ হিমন্ত বিশ্ব শৰ্মা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 4, 2021 6:55 am
Eqy-M3vVoAIcLrt

ফটো সৌজন্য: টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডঃ বাণীকান্ত কাকতি বঁটাৰ অন্তৰ্গত জিলাখনৰ ৯৪৮ গৰাকী মেধাৱী ছাত্ৰীক দেওবাৰে অসম চৰকাৰৰ শিক্ষা, স্বাস্থ্য, বিত্ত আদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্থানীয় নাট্য মন্দিৰত আয়োজিত এক অনুষ্ঠানত স্কুটাৰ প্ৰদান কৰে।

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শিক্ষা মন্ত্ৰী গৰাকীয়ে পুৰুষৰ স্থান মহিলাই লাভ কৰিব লাগিব বুলি উল্লেখ কৰে।

Apply Now

জিলাখনত ২০২০ চনৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ৯৪৮ গৰাকী ছাত্ৰীক স্কুটাৰ প্ৰদান কৰি শিক্ষা মন্ত্ৰী গৰাকীয়ে ছাত্ৰী সকলক অভিনন্দন জনোৱাৰ লগতে পিছৰ প্ৰজন্মৰ ছাত্ৰী সকলৰ বাবে প্ৰেৰণা আৰু উৎসাহ যোগাবলৈ আহ্বান জনায়।

তেওঁ কয় যে, ২০২০ বৰ্ষটো আছিল প্ৰত্যাহ্বানমূলক। বিশেষকৈ অৰ্থনৈতিক আৰু শৈক্ষিকভাৱে অসম ভীষণ ভাৱে ক্ষতিৰ সন্মুখীন হ’ল। ছাত্ৰ-ছাত্ৰী সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হ’ল বুলিও ডঃ শৰ্মাই উল্লেখ কৰে।

মন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমুহৰ সুযোগ গ্ৰহণ কৰিবলৈ সমাজৰ সকলো ছাত্রীকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

ভাষণ প্ৰসঙ্গত মন্ত্ৰী গৰাকীয়ে স্ত্ৰী-শিক্ষাৰ প্ৰসাৰ আৰু নাৰী সৱলীকৰণৰ দিশটো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে বুলি কয়। ইফালে ডঃ বাণীকান্ত কাকতি বঁটা লাভ কৰা ৯৪৮ গৰাকী ছাত্ৰীক অনুজ্ঞাপত্ৰ বিহীনভাৱে আৰু হেলমেট পৰিধান নকৰাকৈ স্কুটাৰ নচলাবলৈ পৰামৰ্শ আগবঢ়ায় মন্ত্ৰী গৰাকীয়ে।

উল্লেখযোগ্য যে, এই সভাতে মন্ত্ৰী গৰাকীয়ে শিৱসাগৰ নাট্য মন্দিৰক অত্যাধুনিক ৰূপত পুনৰনিৰ্মান কৰাৰ বাবে ১ কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

শিক্ষা মন্ত্ৰী গৰাকীয়ে ২০১৯ আৰু ২০১৮ বর্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ক্ৰমে প্ৰথম ১০,০০০ আৰু প্ৰথম ৫,০০০ গৰাকী ছাত্ৰীকো এই বঁটা প্ৰদান কৰা হ’ব বুলি সদৰি কৰে।

তেওঁ ৰাজ্যখনৰ শৈক্ষিক দিশৰ উত্তৰণ আৰু ছাত্ৰ-ছাত্ৰী সকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ভালেসংখ্যক পদক্ষেপৰ বিষয়ে উল্লেখ কৰে।

অনুষ্ঠানত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বঁটা লাভ কৰা ছাত্ৰীসকল উৎফুল্লিত হৈ পৰে।

ইপিনে, অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে নিজ বক্তব্যত ৰাজ্য চৰকাৰে শিক্ষা জগতলৈ আমোল পৰিৱৰ্তন আনিছে বুলি উল্লেখ কৰে।

শিক্ষা এটা জাতিৰ মেৰুদণ্ড স্বৰূপ বুলি আখ্যা দি মন্ত্ৰী গৰাকীয়ে কয় যে, শিক্ষাইহে এটা জাতিক মহীয়ান কৰি তুলিব পাৰে। তেওঁ বঁটা প্ৰাপক ছাত্ৰীসকলক নিজৰ উন্নয়নৰ লগতে অন্যান্য ছাত্ৰী সকলকো অনুপ্ৰাণিত কৰিবলৈ পৰামৰ্শ দিয়ে।

সভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনীয়ে ছাত্ৰীসকলৰ মাজত প্ৰচুৰ আশাৰ সঞ্চাৰ কৰিছে বুলি কয়। স্কুটাৰ লাভ কৰাৰ ফলত ছাত্ৰীসকলে ঘৰৰ পৰা মহাবিদ্যালয়লৈ বিনাকষ্টে অহা-যোৱা কৰিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে। স্কুটাৰখনৰ সদব্যৱহাৰ কৰিবলৈও তেওঁ ছাত্ৰীসকলক পৰামৰ্শ দিয়ে। তেওঁ এই অভিলাষী আঁচনিৰ বাবে অসম চৰকাৰ তথা শিক্ষা মন্ত্ৰী গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে।

অনুষ্ঠানত ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই স্কুটাৰক এক প্ৰতীক বুলি আখ্যা দি ৰাজ্য চৰকাৰৰ এই মহৎ পদক্ষেপে ছাত্ৰীসকলৰ জীৱনলৈ উৎসাহ আৰু প্ৰেৰণা যোগাব বুলি কয়। ছাত্ৰীসকলক স্কুটাৰৰ গতিতকৈ তীব্ৰ গতিৰে নিজৰ সপোন সমূহ সাৰ্থক কৰাৰ দিশত আগবাঢ়ি যাবলৈও তেওঁ আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd