গুৱাহাটী বিশ্ববিদ্যালয় মাৰ্কশ্বীট কেলেংকাৰী! ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ৮ জনক গ্ৰেপ্তাৰ

ফটোঃ সংগ্ৰহীত।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৃহৎ মাৰ্কশ্বিট কেলেংকাৰী তথা ধনৰ বিনিময়ত নম্বৰ বৃদ্ধিৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ অহাৰ পিছতে অসম আৰক্ষী আৰু চি আই ডিয়ে অপৰাধী চক্ৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। আৰক্ষী আৰু চি আই ডিৰ যৌথ অভিযানত শনিবাৰে এই চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত ৮জন লোকক গ্ৰেপ্তাৰ কৰে। বৰপেটা আৰক্ষীৰ সহযোগত চি আই ডিয়ে অভিযান চলাই পৃথক পৃথক স্থানৰ পৰা এই লোক কেইজনক গ্ৰেপ্তাৰ কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী বিহাৰৰ সমষ্টিপূৰৰ কৃষ্ণণ কৃষ্ণমূৰ্তি এই মাৰ্কশ্বীট জালিয়াতি কাণ্ডৰ সৈতে জড়িত। ইপিনে, বৰপেটা আৰক্ষীয়ে ধুবুৰী আৰক্ষীৰ সহযোগত অভিযান চলাই ধুবুৰী আইন মহাবিদ্যালয়ৰ কনিষ্ঠ কম্পিউটাৰ অপাৰেটৰ শিৱতোষ মাহাতোক আটক কৰিছে। এই অভিযোগত লাংলা মহাবিদ্যালয়ৰ লাইব্রেৰীয়ান আমিনুল ইছলামকো গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষী আৰু চিআইডিৰ অভিযানত এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা লোক কেইজন হৈছে ক্ৰমে আজিজুল হক, কৃষ্ণণ কৃষ্ণমূৰ্তি, ইছমাইল হুছেইন, আলমগীৰ খান, মইনুল হক, হামেজ উদ্দিন, আবুল বাছেৰ, আমিনুল ইছলাম আৰু শিৱতোষ মাহাতো।

লগতে পঢ়কঃ UGC NET 2024 Exam New Dates: বাতিল কৰা UGC NET কেতিয়া হ’ব? এন টি এৰ নতুন সূচী ঘোষণা, তাৰ আগতে হ’ব CSIR UGC NET

জানিব পৰা মতে, আৰক্ষীয়ে অভিযুক্তসকলৰ বিৰুদ্ধে ৭৪/২৪ নম্বৰত গোচৰ ৰুজু কৰি 468/120B 467/47/420 IPC ধাৰাত গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত মাৰ্কশ্বীট কেলেংকাৰী সন্দৰ্ভত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰপেটাত গুৰুত্বপুৰ্ণ মন্তব্য কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত মাৰ্কশ্বীটৰ কেলেংকাৰী অসম আৰক্ষী আৰু চি আই ডিয়ে যৌথভাৱে তদন্ত চলাই থকা বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছিল।

মাৰ্কশ্বীট জালিয়াতিৰ এই ঘটনাৰ সৈতে মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীয় শিক্ষক কৰ্মচাৰী জড়িত থকাৰ সন্দেহ কৰা হৈছে। স্বাভাৱিকতে এই কাণ্ডৰ সৈতে আৰু যে বহু লোক জড়িত আছে সেই কথা একপ্ৰকাৰ নিশ্চিত। অভিযানত এই জালিয়াতি চক্ৰৰ সৈতে জড়িত আৰু অধিক লোক শীঘ্ৰেই আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে।

লগতে পঢ়কঃ গৰমত দহিছে পৃথিৱী! তীব্ৰ উত্তাপত গলি গ’ল প্ৰয়াত আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ মমৰ মূৰ্তি

ইপিনে, মাৰ্কশ্বিট কেলেংকাৰীৰ ঘটনাৰ সমান্তৰালভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তিৰ নামতো ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে। একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত পুৰস্কাৰৰ ভুৱা প্রমাণ-পত্র দাখিল কৰি  অতিৰিক্ত পাৰদৰ্শিতা (EC) শাখাত নামভৰ্তি কৰা বুলি জানিব পৰা গৈছে।