NORTHEAST NOW (Assamese)

কাছাৰত আঠজনকৈ সন্দেহযুক্ত ৰহিঙিয়া লোকক গ্ৰেপ্তাৰ

February 11, 2019 11:01 am · অপৰ্ণা লস্কৰ
Updated: February 11, 2019 11:40 am
গ্ৰেপ্তাৰ কৰা সন্দেহযুক্ত ৰহিঙিয়া লোক কেইজন। ফটো : নৰ্থইষ্ট নাও

কাছাৰ জিলাৰ সোনাবাৰিঘাটৰ অন্তৰ্গত কৃষ্ণপুৰৰ এগৰাকী অইল টেংকাৰ চালক ছেৰগুল বৰভূঞাৰ বাসগৃহত আৰক্ষীয়ে তালাচী চলাই আঠজনকৈ সন্দেহযুক্ত ৰহিঙিয়া লোকক দেওবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰে।

ৰাংগিৰখাৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল চন্দাই অভিযান চলাই গ্ৰেপ্তাৰ কৰা আঠজন লোকৰ ভিতৰত দুজন পুৰুষ আৰু ছয় জন মহিলা। ইতিমধ্যে তেওঁলোকক জেৰা চলাবৰ বাবে অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) গৌৰৱ আগৰৱালাই শিলচৰ সদৰ থানালৈ লৈ আনিছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্দেহযুক্ত ৰহিঙিয়া কেইজনক জাহিৰ খান, আমিৰ খান, হালিমা বেগম(৪৫), নূৰ নেছা, দিলোৱাৰা বেগম, তমান্না বেগম, ফাতিমা খাতুন আৰু তামিয়া বেগম বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকে ছেৰগুল বৰভূঞাৰ বাসগৃহত বিগত চাৰি মাহ ধৰি বাস কৰি আছিল।

সোনাবাৰিঘাটৰ এগৰাকী স্থানীয় বাসিন্দা ছেৰগুল বৰভূঞাই জনায়, ‘’মই তেওঁলোকক ঘৰটো ভাৰালৈ দিছিলো যেতিয়া তেওঁলোক দুজনে মোক মহম্মদ ৰিয়াজ আৰু মহম্মদ য়াছীৰ নামত থকা ত্ৰিপুৰাৰ আধাৰ কাৰ্ড দুখন মোক দেখুৱাইছিল যাৰ বাবে মই তেওঁলোকক কেতিয়াও সন্দেহ কৰা নাছিলো। তেওঁলোকে কৈছিল যে তেঁলোক ত্ৰিপুৰাৰ সোণামূৰাত প্ৰায় ১৫ বছৰ ধৰি থকাৰ পাছত ইয়ালৈ আহিছে।‘’

নাম প্ৰকাশত অনিচ্ছুক এগৰাকী আৰক্ষীয়ে জানিবলৈ দিয়া মতে প্ৰাথমিক জেৰাৰ অন্তত তেওঁলোকে জানিব পাৰে যে তেওঁলোক আটাইকেইজনে ভালদৰে বাংলা ভাষা ক’ব নোৱাৰে। ইয়াৰ বাবেই তেওঁলোকৰ ঘৰ ত্ৰিপুৰাৰ সোনামূৰাত বুলি দাবী কৰা কথাটোত সন্দেহ ওপজে।

বাতৰি লিখা মুহূৰ্তলৈকে শিলচৰ সদৰ থানাত অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) গৌৰৱ আগৰৱালা আৰু উপ আৰক্ষী অধীক্ষক এ জে বৰাই আটাইকেইজনকে জেৰা চলাই আছে।

Related News