• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাছাৰত আঠজনকৈ সন্দেহযুক্ত ৰহিঙিয়া লোকক গ্ৰেপ্তাৰ

NE NOW NEWS অপৰ্ণা লস্কৰ
শিলচৰ , February 11, 2019 11:40 am

2 min read

Eight-suspected-to-be-as-Rohingyas-arrested-on-Sunday-evening-from-Sonabarighat-of-Cachar-district-750x375

গ্ৰেপ্তাৰ কৰা সন্দেহযুক্ত ৰহিঙিয়া লোক কেইজন। ফটো : নৰ্থইষ্ট নাও

840
VIEWS
Share on FacebookShare on Twitter

কাছাৰ জিলাৰ সোনাবাৰিঘাটৰ অন্তৰ্গত কৃষ্ণপুৰৰ এগৰাকী অইল টেংকাৰ চালক ছেৰগুল বৰভূঞাৰ বাসগৃহত আৰক্ষীয়ে তালাচী চলাই আঠজনকৈ সন্দেহযুক্ত ৰহিঙিয়া লোকক দেওবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰে।

ৰাংগিৰখাৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল চন্দাই অভিযান চলাই গ্ৰেপ্তাৰ কৰা আঠজন লোকৰ ভিতৰত দুজন পুৰুষ আৰু ছয় জন মহিলা। ইতিমধ্যে তেওঁলোকক জেৰা চলাবৰ বাবে অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) গৌৰৱ আগৰৱালাই শিলচৰ সদৰ থানালৈ লৈ আনিছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্দেহযুক্ত ৰহিঙিয়া কেইজনক জাহিৰ খান, আমিৰ খান, হালিমা বেগম(৪৫), নূৰ নেছা, দিলোৱাৰা বেগম, তমান্না বেগম, ফাতিমা খাতুন আৰু তামিয়া বেগম বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকে ছেৰগুল বৰভূঞাৰ বাসগৃহত বিগত চাৰি মাহ ধৰি বাস কৰি আছিল।

সোনাবাৰিঘাটৰ এগৰাকী স্থানীয় বাসিন্দা ছেৰগুল বৰভূঞাই জনায়, ‘’মই তেওঁলোকক ঘৰটো ভাৰালৈ দিছিলো যেতিয়া তেওঁলোক দুজনে মোক মহম্মদ ৰিয়াজ আৰু মহম্মদ য়াছীৰ নামত থকা ত্ৰিপুৰাৰ আধাৰ কাৰ্ড দুখন মোক দেখুৱাইছিল যাৰ বাবে মই তেওঁলোকক কেতিয়াও সন্দেহ কৰা নাছিলো। তেওঁলোকে কৈছিল যে তেঁলোক ত্ৰিপুৰাৰ সোণামূৰাত প্ৰায় ১৫ বছৰ ধৰি থকাৰ পাছত ইয়ালৈ আহিছে।‘’

নাম প্ৰকাশত অনিচ্ছুক এগৰাকী আৰক্ষীয়ে জানিবলৈ দিয়া মতে প্ৰাথমিক জেৰাৰ অন্তত তেওঁলোকে জানিব পাৰে যে তেওঁলোক আটাইকেইজনে ভালদৰে বাংলা ভাষা ক’ব নোৱাৰে। ইয়াৰ বাবেই তেওঁলোকৰ ঘৰ ত্ৰিপুৰাৰ সোনামূৰাত বুলি দাবী কৰা কথাটোত সন্দেহ ওপজে।

বাতৰি লিখা মুহূৰ্তলৈকে শিলচৰ সদৰ থানাত অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) গৌৰৱ আগৰৱালা আৰু উপ আৰক্ষী অধীক্ষক এ জে বৰাই আটাইকেইজনকে জেৰা চলাই আছে।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd