• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এছিয়ান গেমছত ভাৰতীয় শ্বুটাৰৰ চমক! দলীয় শাখাৰ পাছত এইবাৰ ব্যক্তিগত শাখাতো ৰূপ জিনিলে ইলাভেনিলে

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ ব্যক্তিগত শাখাত ৰূপৰ পদক অৰ্জন কৰি ইলাভেনিল ভালাৰিভানে প্ৰতিযোগিতাখনত ভাৰতৰ বাবে শ্বুটিং প্ৰতিযোগিতাৰ দ্বিতীয়টো পদক নিশ্চিত কৰিছে

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2026 4:16 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত হৈ থকা এছিয়ান গেমছ ২০২৬ত ভাৰতীয় শ্বুটাৰ ইলাভেনিল ভালাৰিভানে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ ব্যক্তিগত শাখাত ৰূপৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। দলীয় শাখাৰ পাছত ব্যক্তিগত শাখাতো পদক অৰ্জনেৰে তেওঁ চলিত প্ৰতিযোগিতাখনত ভাৰতীয় শ্বুটিং দলৰ পদকৰ সংখ্যা দুটালৈ বৃদ্ধি কৰে। এই প্ৰতিযোগিতাত জাপানৰ হিনাটা টাইচিয়ে সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে দক্ষিণ কোৰিয়াৰ বান হিয়োজিনে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

 

Apply Now

চূড়ান্ত প্ৰতিযোগিতাখনৰ আৰম্ভণিৰে পৰা ইলাভেনিলে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছিল। প্ৰথমটো ছিৰিজৰ অন্তত ৫৩.১ স্ক’ৰেৰে তেওঁ শীৰ্ষস্থান দখল কৰে। পৰৱৰ্তী পৰ্যায়তো ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি দহটা শ্বটৰ অন্তত তেওঁ ১০৬.০ স্ক’ৰেৰে নিজৰ অগ্ৰগতি বজাই ৰাখে। এলিমিনেচন ৰাউণ্ড আৰম্ভ হোৱাৰ পাছতো তেওঁৰ দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত থাকে। বাৰটা শ্বটৰ অন্তত ১২৬.৯ আৰু চৈধ্যটা শ্বটৰ অন্তত ১৪৮.৪ স্ক’ৰেৰে ইলাভেনিলে চীনৰ জিয়াউ হানকে ধৰি আন প্ৰতিদ্বন্দ্বীসকলক পিছ পেলাই ৰাখে। ওঠৰটা শ্বটৰ অন্তত তেওঁ ১৯০.৩ স্ক’ৰ অৰ্জন কৰে। আনকি বিছটা শ্বটৰ অন্তত ২১১.১ স্ক’ৰেৰে তেওঁ জাপানৰ হিনাটা টাইচিতকৈ (২১০.৮) আগবাঢ়ি আছিল।

 

অৱশ্যে প্ৰতিযোগিতাৰ একেবাৰে অন্তিম পৰ্যায়ত জাপানৰ হিনাটা আৰু দক্ষিণ কোৰিয়াৰ শ্বুটাৰগৰাকীয়ে ইলাভেনিললৈ তীব্ৰ প্ৰত্যাহ্বান আগবঢ়ায়। বাইছটা শ্বটৰ অন্তত ইলাভেনিলৰ স্ক’ৰ আছিল ২৩১.৯ আৰু জাপানৰ হিনাটাৰ স্ক’ৰ আছিল ২৩২.২। নিৰ্ণায়ক অন্তিমটো শ্বটত ভাৰতীয় শ্বুটাৰগৰাকীয়ে ১০.১ স্ক’ৰ কৰাৰ বিপৰীতে হিনাটাই ১০.২ স্ক’ৰ কৰি সোণৰ পদক নিশ্চিত কৰে। চূড়ান্ত পৰ্যায়ত সুন্দৰ খেল প্ৰদৰ্শন কৰিও ইলাভেনিল ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। আনহাতে, চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আনগৰাকী ভাৰতীয় শ্বুটাৰ সোণম মাস্কাৰে ষষ্ঠ স্থান লাভ কৰি প্ৰতিযোগিতাৰ পৰা বিদায় লয়।

 

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ইলাভেনিল ভালাৰিভান, সোণম মাস্কাৰ আৰু বিদাৰ্শা বিনোদক লৈ গঠিত ভাৰতীয় দলে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰিছিল। এই দলীয় পদকটোৱেই আছিল আইচি-নাগোয়া এছিয়ান গেমছত ভাৰতৰ বাবে প্ৰথমটো পদক। ধাৰাবাহিকভাৱে দুটাকৈ পদক জয়েৰে এছিয়ান গেমছত ভাৰতীয় শ্বুটিং দলটোৱে এক সুন্দৰ আৰু ইতিবাচক আৰম্ভণি কৰিবলৈ সক্ষম হৈছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd