• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুৱা খোজ কাঢ়িবলৈ গৈ কৰুণ পৰিণতি! আৰক্ষী বিষয়াৰ নিচাগ্ৰস্ত পুত্ৰৰ মাৰ্চিডিজৰ খুন্দাত মৃত্যু বৃদ্ধাৰ

ঘাতক চালক শুভম গাড়ীৰ ভিতৰত ড্ৰাইভাৰৰ চিটত বিভ্ৰান্ত আৰু অত্যন্ত মাতাল অৱস্থাত পৰি আছিল, আনকি গাড়ীৰ কাপ হোল্ডাৰত তেতিয়াও সুৰাৰ বটল এটা ৰখা আছিল।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 9, 2026 8:51 am
655
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিয়মীয়া অভ্যাস অনুসৰি শনিবাৰে পুৱাও ফুৰিবলৈ ওলাই গৈছিল ৭০ বছৰীয়া উৰ্মিলা নামৰ মহিলাগৰাকী। কিন্তু তেওঁ গম পোৱা নাছিল যে এইটোৱেই তেওঁৰ জীৱনৰ শেষ প্ৰাতঃভ্ৰমণ হ’ব।

দিল্লীৰ নাৰেলাৰ মামুৰপুৰ অঞ্চলৰ ‘হিমালয় এপাৰ্টমেণ্ট’ৰ সন্মুখৰ পথত পুৱা প্ৰায় ৮ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ধুমুহাৰ গতিৰে অহা এখন বিলাসী মাৰ্চিডিজ গাড়ীৰ ইখনৰ পাছত সিখন গাড়ীৰ সৈতে সংঘৰ্ষৰ মাজত পৰি স্থানীয় বাসিন্দাগৰাকীৰ থিতাতে মৃত্যু হয়।

Apply Now

আৰক্ষী আৰু প্ৰত্যক্ষদৰ্শীৰ মতে, হাৰিয়ানা আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পুত্ৰ শুভমে মদ্যপান কৰি অতি তীব্ৰ বেগত মাৰ্চিডিজ গাড়ীখন চলাই আহিছিল। হঠাৎ শুভমৰ গাড়ীখনে বিপৰীত দিশৰ পৰা অহা এখন ৱেগন আৰত মুখামুখিকৈ ​​খুন্দা মাৰে। তীব্ৰ খুন্দাৰ বলত ৱেগন আৰ গাড়ীখন পিছলৈ ছিটিকি গৈ তাত ৰখাই থোৱা এখন তিনিচকীয়া ভ্যানৰ ওপৰত বাগৰি পৰে।

দুৰ্ভাগ্যজনকভাৱে সেই মুহূৰ্তত গাড়ী দুখনৰ মাজত বয়স্ক মহিলা উৰ্মিলা উপস্থিত আছিল। গাড়ীৰ চেপাত পিষ্ট হৈ তেওঁ তাতেই শেষ নিশ্বাস ত্যাগ কৰে। দুৰ্ঘটনাত ৱেগন আৰৰ চালকজনো আহত হয় যদিও তেওঁৰ আঘাত গুৰুতৰ নহয়।

দুৰ্ঘটনাটোৰ পিছত ওলোৱা ছবিবোৰত দেখা গৈছে যে ঘাতক চালক শুভম গাড়ীৰ ভিতৰত ড্ৰাইভাৰৰ চিটত বিভ্ৰান্ত আৰু অত্যন্ত মাতাল অৱস্থাত পৰি আছিল, আনকি গাড়ীৰ কাপ হোল্ডাৰত তেতিয়াও সুৰাৰ বটল এটা ৰখা আছিল।

আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰি হাৰিয়ানা আৰক্ষী বিষয়াৰ পুত্ৰ শুভমক গ্ৰেপ্তাৰ কৰে। তদন্তত প্ৰকাশ পাইছে যে দুৰ্ঘটনাৰ মাত্ৰ এদিন পূৰ্বে তেওঁ বন্ধুৰ পৰা মাৰ্চিডিজ গাড়ীখন ধাৰলৈ লৈছিল।

মদ্যপান কৰি উদণ্ডভাৱে গাড়ী চলাই প্ৰাণ কাঢ়ি নিয়াৰ এনে ঘটনা নতুন নহয়। ইয়াৰ পূৰ্বে ২০২৪ চনত পুনেত এজন প্ৰভাৱশালী ব্যৱসায়ীৰ নাবালক পুত্ৰৰ পৰ্ছে গাড়ীৰ খুন্দাত দুজন যুৱ অভিযন্তাৰ মৃত্যুত আলোড়নৰ সৃষ্টি হৈছিল। আনকি যোৱা নৱেম্বৰ মাহতো দিল্লীৰ বসন্ত কুঞ্জৰ সমীপত তীব্ৰবেগী মাৰ্চিডিজ গাড়ীৰ খুন্দাত আন এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd