NORTHEAST NOW (Assamese)

নৰ্থ ইষ্ট নাওৰ বাতৰিৰ পাছতে তৎপৰ বিদ্যুৎ বিভাগ : বিজুলী-বাতিৰ পোহৰ দেখিলে জাঁজীবাসীয়ে

September 3, 2020 12:01 pm · নীৰ্মলেন্দু পাঠক

দীৰ্ঘদিনে পিছত বিজুলী-বাতিৰ পোহৰৰ মুখ দেখিলে জাঁজীমুখৰ কুমলীয়া চাপৰিবাসীয়েl

প্ৰায় দহ বছৰৰ পূৰ্বে যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখৰ কুমলীয়া চাপৰিৰ গড়াখহনীয়াত বিধ্বস্ত ৩৩ টা পৰিয়ালক সংস্থাপন দিয়া হৈছিল গড়খাৱৈৰ ফুকনবাৰীত।

এই ফুকনবাৰীত সংস্থাপন দিয়া পৰিয়ালকেইটাক চৰকাৰী বিভিন্ন সা সুবিধা দিয়াৰ সমান্তৰালকৈ সৌভাগ্য আঁচনি জৰিয়তে বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰা হৈছিল।

কিন্তু বিগত সময়ছোৱাত বিদ্যুৎ সংযোগ নকৰিলে বিদ্যুৎ বিভাগে।

ট্ৰেঞ্চফৰমাৰ, খুঁটা, তাঁৰ তথা ঘৰে ঘৰে মিটাৰো সংস্থাপন কৰিলে কিন্তু পোহৰহে নাহিল।

বহুবাৰ উৰ্ধতম কৰ্তৃপক্ষক আবেদন নিবেদন জনোৱাৰ পাছতো গা লৰা নাছিল বিদ্যুত বিভাগৰ।

কিন্তু টীয়কৰ নৰ্থ ইষ্ট নাওৰ লগতে বিভিন্ন সংবাদ মাধ্যমত ৰাইজৰ এই দুৰ্দশাৰ ছবিখন ধাৰাবাহিকভাবে বাতৰি পৰিবেশনৰ জড়িয়তে বিভাগীয় কৰ্তৃপক্ষ তথা উৰ্ধতম মহলৰ দৃষ্টি আকৰ্ষণ কৰোলৱা হয়।

ৰ্থ ইষ্ট নাওৰ লগতে বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছতেই বিদ্যুৎ সংযোগ লাভ কৰিলে কুমলীয়া চাপৰিবাসীয়ে।

কালি যোৱা দহটা বছৰে হৈ নুঠা এটা বৃহৎ সাফল্য পালে দুৰ্ভগীয়া পৰিয়ালকেইটাই। ঘৰে ঘৰে লাইট জ্বলিল। আনন্দত আত্মহাৰা গাঁৱবাসী।

এই সফলতাত সহায় কৰাৰ বাবে গড়খাৱৈৰ ফুকনবাৰীৰ ৰাইজে ৰ্থ ইষ্ট নাওৰ লগতে বিভিন্ন সংবাদ মাধ্যমক ধন্যবাদ জনাইছে।

Related News