বিজেপিৰ শাখা সংগঠন হিচাপে কাম কৰিছে নেকি ভাৰতৰ নিৰ্বাচনী আয়োগে?

বিজেপিৰ শাখা সংগঠন হিচাপে কাম কৰিছে নেকি ভাৰতৰ নিৰ্বাচনী আয়োগে? মোদী চৰকাৰৰ চৰম হস্তক্ষেপ পৰিছে নেকি দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আয়োগটোত? বিৰোধী পক্ষই সততে এইদৰে অভিযোগ উত্থাপন কৰি আহিছে। এইবাৰ এই অভিযোগ উত্থাপন কৰা হৈছে কাশ্মীৰক কেন্দ্ৰ কৰি। কিন্তু কিয়?

জম্মু-কাশ্মীৰ। ভাৰতৰ সাৰ্বভোমত্ব আৰু সন্মান ৰক্ষাৰ বাবে এই ৰাজ্যখন অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ আহিছে। সেইবাবেই কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজ্যখনক সংবিধান অনুযায়ী ৩৭০ ধাৰা প্ৰদান কৰা হৈছিল। এই ৩৭০ ধাৰাই কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰি আহিছিল।

কিন্তু ২০১৯ চনৰ ৫ আগষ্টত মোদী চৰকাৰে এই ৩৭০ ধাৰা উঠাই লয়। শেহতীয়া সময়ত কাশ্মীৰত শাসনাধীষ্ঠ হৈ আছিল পিডিপি-বিজেপি নেতৃত্বাধীন চৰকাৰ। মোদী চৰকাৰৰ অতি চৰ্চিত এই পদক্ষেপে কাশ্মীৰক কেন্দ্ৰীয় শাসিত ৰাজ্য কৰি তোলে। সেই অনুসৰি ২০১৯ চনৰ পৰা ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন চলি আহিছে আৰু কোনো নিৰ্বাচন অনুষ্ঠিত হোৱা নাই। কিন্তু এইবাৰ কাশ্মীৰত নিৰ্বাচন পাতিবলৈ ব্যস্ত হৈ পৰিছে মোদী চৰকাৰ।

লগতে পঢ়ক: ব্যৰ্থতা, প্ৰতাৰণা আৰু কু-শাসনৰ দস্তাৱেজ এবছৰীয়া হিমন্ত চৰকাৰ- লুৰীণজ্যোতি গগৈ

কেৱল নিৰ্বাচন অনুষ্ঠিত কৰাই নহয়, কাশ্মীৰৰ বিধানসভা আসনসমূহৰো সংস্কাৰ সাধন কৰা হৈছে। এই কামৰ দায়িত্বত আছিল নিৰ্বাচন আয়োগৰ ডিলিমিটেশ্বন কমিচন। ২০২০ চনৰ মাৰ্চ মাহত এই কমিচন গঠন কৰা হৈছিল। বৃহস্পতিবাৰে পোৱা খবৰ অনুযায়ী, মুৰব্বী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা দেশাইৰ নেতৃত্বত ডিলিমিটেশ্বন কমিচনে নিজৰ ৰিপ’ৰ্ট কেন্দ্ৰীয় চৰকাৰক জমা দিয়ে।

পূৰ্বতে জম্মু-কাশ্মীৰত বিধানসভা আসনৰ সংখ্যা আছিল ৮৩টা। কিন্তু এইবাৰ ইয়াক ৯০টালৈ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ সাতখনকৈ নতুন বিধানসভা আসন সৃষ্টি কৰা হৈছে। কেইবাখনো বিধানসভা আসনৰ নামো সলনি কৰা হৈছে।

উল্লেখযোগ্য যে জম্মু আৰু কাশ্মীৰ ৰাজ্যখন ভৌগোলিকভাৱে বৰ্তমান দুটা ভাগত বিভক্ত। এটা হৈছে জম্মু আৰু আনটো কাশ্মীৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি জম্মুত ৫৩.৭২ লাখ লোকে বাস কৰে। আনহাতে, কাশ্মীৰত বাস কৰে ৬৮.৮৩ লাখ লোকে। জম্মু হিন্দুপ্ৰধান হোৱাৰ বিপৰীতে কাশ্মীৰ উপত্যকা হৈছে মুছলিম অধ্যুষিত। ডিলিমিটেশ্বন কমিচনে কাশ্মীৰক ৪৭ খন আসন দিয়াৰ বিপৰীতে জম্মুক দিছে ৪৩খন।

লক্ষ্যণীয়ভাৱে নতুনকৈ যোগ কৰা ছখন আসনেই হিন্দু অধ্যুষিত অঞ্চল জম্মুক কেন্দ্ৰ কৰি গঠন কৰা হৈছে। কেৱল এখন আসনহে মুছলমান অধ্যুষিত অঞ্চলে লাভ কৰিছে। সেইবাবেই বিৰোধী পক্ষই ইয়াৰ বিৰুদ্ধাচাৰণ কৰিছে। তেওঁলোকৰ মতে, ইয়াৰ জৰিয়তে বিজেপিয়ে কাশ্মীৰ দখল কৰিব বিচাৰিছে। এই অভিযোগ অৱশ্যে বিৰোধী পক্ষই আগৰে পৰাই কৰি আহিছে। এতিয়া নিৰ্বাচনী আয়োগৰ এই ৰিপ’ৰ্টক কেন্দ্ৰ কৰি উত্তাল হৈ আছে কাশ্মীৰৰ ৰাজনীতি।

লগতে পঢ়ক: হিন্দুত্ববাদ আৰু গণতন্ত্ৰ

বিৰোধী ৰাজনৈতিক দলসমূহৰ মতে, কাশ্মীৰৰ মুছলমানসকলক সংখ্যালঘু কৰিবলৈকে মোদী চৰকাৰে এই সিদ্ধান্ত লৈছে। ভোটবিন্যাস অনুসৰি হিন্দুপ্ৰধান জম্মুৰ প্ৰতি বিজেপিয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে। বিৰোধী দলসমূহৰ মতে, কাশ্মীৰৰ আন ঠাইসমূহত নিজিকিলেও কেৱল জম্মুৰ আসনসমূহত বিজয়ী হ’লেই বিজেপিয়ে কাশ্মীৰত চৰকাৰ গঠন কৰিব পাৰিব।

সঁচাকৈয়ে মুছলিম প্ৰধান কাশ্মীৰো ভৱিষ্যতে গেৰুৱা হৈ পৰিব নেকি? বৰ্তমানলৈকে ৰাষ্ট্ৰীয় দলসমূহে জম্মু-কাশ্মীৰত বিশেষ সফলতা লাভ কৰা নাই। বিশেষ ৰাজ্যৰ মৰ্যাদা থকাৰ বাবেই ইমানদিনে ৰাজ্যখনত আঞ্চলিক শক্তিসমূহেই চৰকাৰ গঠন কৰি আহিছে। তেনেস্থলত বিধানসভা আসনসমূহৰ এনেদৰে পুনৰ্বিন্যাস কৰি কাৰ স্বাৰ্থ পুৰণ কৰা হৈছে? এইসমূহ প্ৰশ্নৰ উত্তৰ পোৱা যাব কাশ্মীৰত অনুষ্ঠিত হ’ব লগা অনাগত নিৰ্বাচনত।