NORTHEAST NOW (Assamese)

ৰাজ্যত বৃদ্ধি পালে বিদ্যুতৰ মাচুল, প্ৰতি ইউনিটত কিমানকৈ বাঢ়িল মাচুল?

March 21, 2022 5:23 pm · এন ই নাও নিউজ,গুৱাহাটী

কোভিডে অৰ্থনৈতিকভাবে কোঙা কৰি পেলোৱা ৰাজ্যবাসীৰ মূৰত পুনৰ ৰামটাঙোন শোধাই বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে।

অসম চৰকাৰৰ বিত্ত বিভাগে চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰাই কাৰ্যকৰী হোৱাকৈ বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে।

কোভিড পৰিস্থিতিৰ বাবে বিগত দুটা বছৰত ৰাজ্যৰ শক্তি বিভাগে ৭৮০ কোটি টকাৰ লোকচান ভৰাৰ দোহাই দিয়েই বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে বুলি চৰকাৰৰ এগৰাকী শীৰ্ষ পদাধিকাৰীয়ে প্ৰকাশ কৰিছে।

শক্তি বিভাগে বিদ্যুতৰ মাচুল বৃদ্ধিৰ জৰিয়তে ৫৬৪ কোটি টকাৰ ৰাজহৰ লোকচান পূৰাব বিচাৰিছে বুলিও বিষয়াগৰাকীয়ে মন্তব্য কৰে।

সেইমৰ্মে ৰাজ্যত ১ এপ্ৰিলৰ পৰা বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত ৫৯ পইচাকৈ বৃদ্ধি কৰা হ’ব।

ইন্ধনকে ধৰি প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আকাশলংঘী হোৱাৰ সময়তে ৰাজ্য চৰকাৰে বিদ্যুতৰ মাচুল বৃদ্ধিৰ যি সিদ্ধান্ত লৈছে সেয়া নিঃসন্দেহে ৰাজ্যবাসীৰ বাবে এক বোজা স্বৰূপ হৈ পৰিব।

Related News