কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ ১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ল হাতী চাফাৰী
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে আজি উদ্যান খনৰ কহৰা ৰেঞ্জত পৰ্যটকৰ বাবে পুনৰ হাতী চাফাৰী মুকলি কৰে। বাগৰি ৰেঞ্জতো আজি ৩০ টা হাতীৰে হাতী চাফাৰী পুনৰ আৰম্ভ কৰা হয়।
ৰাষ্ট্ৰীয় উদ্যান খনৰ সঞ্চালকগৰাকীয়ে কয় যে ব্ৰিটেইনৰ কেইগৰাকীমান পৰ্যটকেই হৈছে এইবাৰৰ হাতী চাফাৰীত ভাগ লোৱা প্ৰথম পৰ্যটক।
যোৱা ১ অক্টোৱৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়াৰ পিছতে এতিয়ালৈকে প্ৰায় ১৮০০০ পৰ্যটক ৰাষ্ট্ৰীয় উদ্যান খনলৈ অহা বুলি শিৱকুমাৰে সাংবাদিক জানিবলৈ দিয়ে।
চলিত বৰ্ষত কোভিড-১৯ৰ সংক্ৰমণৰ বাবে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ হৈ থকাৰ পাছত বিগত ১ অক্টোৱৰত পুনৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পুনৰ পৰ্যটকৰ বাবে মুকলি হোৱাৰ পাছত অসমৰ লগতে অন্যান্য ৰাজ্যৰ পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভিৰ কৰা দেখা গৈছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকসকলৰ বাবে মুকলি কৰাৰ ক্ষেত্ৰত সম্পুৰ্ণৰূপে কোভিড প্ৰট’কল মানি চলিছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী পৰ্যটক সকলৰ অন্যতম আকৰ্ষণ।
প্ৰতিবছৰে দেশ-বিদেশৰ ভালেসংখ্যক পৰ্যটকে আহি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী কৰে।