NORTHEAST NOW (Assamese)

সেনাৰ পোছাকত এইসকল কোন? আজাৰা আৰক্ষীয়ে আটক কৰিলে ১১জনকৈ ভুৱা আৰ্মী

November 17, 2020 2:42 pm · কল্পজ্যোতি শইকীয়া
আজাৰা আৰক্ষীয়ে আটক কৰা ভুৱা আৰ্মীকেইজন।

বৰঝাৰ বিমান বন্দৰৰ সমীপৰ পৰা আজাৰা আৰক্ষীয়ে আটক কৰে ১১ জনকৈ ভুৱা আৰ্মীক।

নিশা ৰাজপথত আৰ্মীৰ কাপোৰ পিন্ধি পথত ৰৈ আছিল আটাইকেইগৰাকীয়ে।

সোমবাৰে নিশা প্ৰায় ২ বজাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আটাইকেইগৰাকীক।

পিছত সেনাৰ সৈতে আৰক্ষীয়ে যোগাযোগ কৰাত গম পায় যে তেওঁলোক কোনো সেনাৰ লগত জড়িত নহয়।

ধৃত ভুৱা আৰ্মী কেইজন হ’ল ক্ৰমে গণেশ দাস, সৌৰভ শৰ্মা, ধিমন কৃষ্ণ, জয়মণি শৰ্মা, নয়নজ্যোতি গৌতম, বিজয় মনি শৰ্মা, দ্বিজেন শৰ্মা, ৰিপুঞ্জয় গোস্বামী, ৰূপম শৰ্মা, জ্ঞানন্দ দাস আৰু কৌশিক ভূঞা ।

ভুৱা আটাইকেইজনৰে ঘৰ পাটাছাৰকুছি, বাইহাটা চাৰিআলি ,নলবাৰী আৰু সৰ্থেবাৰীত।

মুল খলনায়ক ধিমন কৃষ্ণৰ নেতৃত্বত অহা দলটোক বৰঝাৰ বিমানবন্দৰত পেট্ৰলিং দিব অহা অৱস্থাত MES ৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ।

লোককেইজনৰ পৰা আৰক্ষীয়ে এখন মাৰুতি ছুইফট, পাঁচখন মটৰ চাইকেলৰ উপৰিও ভুৱা আই কাৰ্ড জব্দ কৰে ।

মহানগৰ আৰক্ষীয়ে ইতিমধ্যে তোওঁলোকক সোধপোছ চলাইছে। তেওঁলোকৰ ঘৰৰ পৰা এয়াৰফ’ৰ্ছৰ ভুৱা নিযুক্তি পত্ৰও লাভ কৰা বুলি জানিব পৰা গৈছে।

Related News